as_ta/translate/translate-transliterate/01.md

53 lines
8.1 KiB
Markdown

### বিৱৰণ
বাইবেলত কিছুমান এনেকুৱা বিষয়বস্তু আছে যি আপোনাৰ সংস্কৃতিৰ অংশ নহয় আৰু আপোনাৰ ভাষাত ইয়াৰ বাবে এটাও শব্দ নাথাকিব পাৰে। ইয়াত সেইসকল ব্যক্তি আৰু স্থান অন্তৰ্ভুক্ত আছে যাৰ বাবে আপোনাৰ ওচৰত নাম নাথাকিব পাৰে।
যেতিয়া এইটো হয় তেতিয়া আপুনি বাইবেলৰ পৰা আপোনাৰ নিজৰ ভাষাত শব্দটো "ধাৰ" কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে আপুনি প্ৰাথমিকভাৱে অন্য ভাষাৰ পৰা ইয়াক প্ৰতিলিপি কৰিছে। এই পৃষ্ঠাই শব্দবোৰ কেনেকৈ "ধাৰ" কৰিব তাৰ বিষয়ে কয়। (বিষয়বস্তুৰ বাবে অনুবাদ কৰিবলৈ অন্য উপায়ও আছে যিটো আপোনাৰ ভাষাত নাই। চাওক [অজ্ঞাতসমূহ অনুবাদ কৰক](../translate-unknown/01.md)।)
### বাইবেলৰ পৰা উদাহৰণ
>তেওঁ বাটৰ কাষত এজোপা<u> ডিমৰু </u> গছ দেখা পালে।(মথি 21:19 ULT)
যদি ডিমৰু গছ নাই যত আপোনাৰ ভাষা কোৱা হয়, তেনেহলে হয়তু আপোনাৰ ভাষাত এনেকুৱা প্ৰকাৰৰ গছৰ নাম নাথাকিব পাৰে।
>তেওঁৰ ওপৰত <u> চিৰাফসকল থিয় হৈ আছিল </u> তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ আৰু দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়। (যিচয়া 6:2 ULT)
আপোনাৰ ভাষাত এই প্ৰকাৰৰ প্ৰাণীৰ নাম নাথাকিব পাৰে।
><u> মলাখীৰ </u> দ্বাৰাই ইস্ৰায়েলীয়াসকললৈ যিহোৱাৰ বাক্য। (মলাখী 1:1 ULT)
মলাখী আপোনাৰ ভাষা ব্যৱহাৰ কৰা লোকসকলে কোৱা এটা নাম নহবও পাৰে।
### অনুবাদ কৌশল
অন্য ভাষাৰ পৰা শব্দ ধাৰ কৰাৰ সময়ত বহুত কথা ধ্যান ৰখাৰ প্ৰয়োজন।
* বিভিন্ন ভাষাই বিভিন্ন লিপিবোৰক ব্যৱহাৰ কৰে, যেনে ইব্ৰী, গ্ৰীক, লেটিন, চিৰিলিক, দেবনাগৰি আৰু কোৰিয়ান লিপি। এই লিপিবোৰ নিজৰ বৰ্ণমালাত আখৰৰ প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন আকৃতিৰ ব্যৱহাৰ কৰে।
* একে লিপি ব্যৱহাৰ কৰা ভাষাসমূহ সেই লিপিত আখৰবোৰক পৃথকভাৱে উচ্চাৰণ কৰিব পাৰে। উদাহৰণ স্বৰূপে, জাৰ্মানত কথা পাতি থাকোতে, লোকসকলে বৰ্ণ "j"টো একে ধৰণেৰে উচ্চাৰণ কৰে যিদৰে ইংৰাজীত কথা পাতি থাকোতে "y" বৰ্ণটো উচ্চাৰণ কৰে।
* সকলো ভাষাত একে ধ্বনি বা ধ্বনিৰ সংযুক্ত নাথাকে। উদাহৰণ স্বৰূপে, বহুত ভাষাত ইংৰাজী শব্দ "থিংক"ত মসৃণ "th" ধ্বনি নাথাকে আৰু কিছু ভাষাই "ষ্টপ"ত থকা হিচাপে "st"ৰ দৰে ধ্বনিৰ এটা সংযুক্তৰ সৈতে এটা শব্দ আৰম্ভ কৰিব নোৱাৰে।
এটা শব্দ ধাৰ কৰাৰ বহুত শব্দ আছে।
1. যদি আপুনি ভাষাটোৰ পৰা এটা বেলেগ লিপি ব্যৱহাৰ কৰে য'ৰ পৰা আপুনি অনুবাদ কৰি আছে, তেনেহলে আপুনি আপোনাৰ ভাষাৰ লিপি অনুৰূপ বৰ্ণ আকৃতিৰ সৈতে প্ৰতিটো বৰ্ণৰ আকৃতি সহজে সলনি কৰিব পাৰে।
1. আপুনি ইয়াক বানান কৰা অন্য ভাষা হিচাপে শব্দটো বানান কৰিব পাৰে আৰু ইয়াক আপোনাৰ ভাষাই সাধাৰণতে সেই বৰ্ণসমূহ উচ্চাৰণ কৰা উপায়ত উচ্চাৰণ কৰিব পাৰে।
1. আপুনি শব্দটো অন্য ভাষাত কোৱা উাপায়েৰে একে ধৰণেৰে উচ্চাৰণ কৰিব পাৰে আৰু আপোনাৰ ভাষাৰ নীতিসমূহ বানান মিলাব পাৰে।
### প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ
1. যদি আপুনি ভাষাটোৰ পৰা এটা বেলেগ লিপি ব্যৱহাৰ কৰে য'ৰ পৰা আপুনি অনুবাদ কৰি আছে, তেনেহলে আপুনি আপোনাৰ ভাষাৰ লিপি অনুৰূপ বৰ্ণ আকৃতিৰ সৈতে প্ৰতিটো বৰ্ণৰ আকৃতি সহজে সলনি কৰিব পাৰে।
* **צְפַנְיָ֤ה** - এজন মানুহৰ নাম ইব্ৰী বৰ্ণত আছে।
* "চফনিয়" - একে নামটো ৰোমান বৰ্ণত আছে
1. আপুনি ইয়াক বানান কৰা অন্য ভাষা হিচাপে শব্দটো বানান কৰিব পাৰে আৰু ইয়াক আপোনাৰ ভাষাই সাধাৰণতে সেই বৰ্ণসমূহ উচ্চাৰণ কৰা উপায়ত উচ্চাৰণ কৰিব পাৰে।
* **চফনিয়** -এইটো এজন মানুহৰ নাম
* "চফনিয়" - ইয়াৰ নামটো ইংৰাজীত বানান কৰা হৈছে, কিন্তু আপুনি আপোনাৰ ভাষাৰ নীতিৰ অনুসৰি ইয়াক উচ্চাৰণ কৰিব পাৰে।
1. আপুনি শব্দটো অন্য ভাষাত কোৱা উপায়েৰে একে ধৰণেৰে উচ্চাৰণ কৰিব পাৰে আৰু আপোনাৰ ভাষাৰ নীতিসমূহ বানান মিলাব পাৰে।
* **চফনিয়** -যদি আপোনাৰ ভাষাত "z" নাই, তেনেহলে আপুনি "s" ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ লিখাৰ পদ্ধতিয়ে "ph" ব্যৱহাৰ নকৰে তেনেহলে আপুনি "f" ব্যৱহাৰ কৰিব পাৰে। আপুনি "i" উচ্চাৰণ কেনেকৈ কৰিব তাৰ ওপৰত ভিত্তি কৰি আপুনি "i" বা "ai" বা "ay"ৰ সৈতে ইয়াক বানান কৰিব পাৰে।
* "চফনিয়া"
* "চফানাইয়া"
* "চফানায়া"