as_ta/translate/translate-tform/01.md

3.9 KiB

অৰ্থৰ গুৰুত্ব

যিসকল ব্যক্তিয়ে বাইবেল লিখিছিল তেওঁলোকৰ ওচৰত ঈশ্বৰৰবাৰ্তাআছিল যিটো লোকসকলে বুজিবলৈ বিচাৰিছে। এই মূল লেখকসকলে তেওঁলোকৰ লোকসকলে কোৱা ভাষাটো ব্যৱহাৰ কৰিছিল যাতে সিহঁতে আৰু সিহঁতৰ লোকসকলে ঈশ্বৰৰ বাৰ্তাসমূহ বুজি পায়। ঈশ্বৰে বিচাৰিছে যে আজিৰ লোকসকলে সেই একে বাৰ্তাসমূহ বুজি পায়। কিন্তু আজিৰ ব্যক্তিয়ে বহুত আগতে বাইবেলত লিখা সেই ভাষাবোৰ কব নোৱাৰে। সেইবাবে ইশ্বৰে বাইবেলখন আজিৰ দিনত লোকসকলে কোৱা ভাষাত অনুবাদ কৰিবলৈ কাৰ্যটো প্ৰদান কৰিছে।

ঈশ্বৰৰ বাৰ্তাসমূহ সংবাদ কৰিবলৈ ব্যক্তিসকলে ব্যৱহাৰ কৰা বিশেষ ভাষাটো গুৰুত্বপূৰ্ণ নহয়। ব্যৱহাৰ কৰা নিৰ্দিষ্ট শব্দবোৰ গুৰুত্বপূৰ্ণ নহয়। যিটো গুৰুত্বপূৰ্ণ তাৰ অৰ্থ হৈছে সেইশব্দবোৰে সংবাদ কৰে। অৰ্থটো হৈছে বাৰ্তা, শব্দ বা ভাষা নহয়। আমি যিটো অনুবাদ কৰিব লাগিব, সেইটো উৎস ভাষাৰ বাক্যৰ শব্দ বা ৰূপ নহয়, কিন্তু অৰ্থ হয়।

তলত দিয়া বাক্যৰ যোৰত চাওক।

  • গোটেই ৰাতি বৰষুণ দিলে। / গোটেই ৰাতি বৰষুণ পেলালে।
  • যোহনে বাতৰি শুনাৰ পিছত সি বহুত বিস্ময়কৰ হৈছিল। / যোহনে বাতৰিটো শুনাৰ পিছত বহুত সুখী হৈছিল।
  • এইটো এটা গৰম দি আছিল। / দিনটো গৰম আছিল।
  • পিতৰৰ ঘৰ / ঘৰটো যিটো পিতৰৰ সৈতে সম্বন্ধিত

আপুনি একে বাক্যৰ প্ৰতিটো যোৰৰ অৰ্থটো চাব পাৰে, যদিও সিহঁতে বেলেগ শব্দ ব্যৱহাৰ কৰে। এইটো এটা উপায় যিটো ভাল অনুবাদত আছে। আমি উৎস পাঠৰ তুলনাত বেলেগ শব্দ ব্যৱহাৰ কৰিম, কিন্তু আমি অৰ্থটো একে ৰাখিম। আমি আমাৰ লোকসকলে বুজি পোৱা শব্দবোৰ ব্যৱহাৰ কৰিম আৰু সেইবিলাকক আমাৰ ভাষাৰ বাবে এটা স্বাভাৱিক উপায়েৰে ব্যৱহাৰ কৰিম। এটা স্পষ্ট আৰু স্বাভাৱিক উাপায়েৰে উৎস পাঠ হিচাপে সংবাদ কৰাটোৱেই হৈছে অনুবাদৰ লক্ষ্য।

  • ধাৰ: উদাহৰণ বাৰ্নৱেলৰ পৰা বাক্য, pp. 19-20, (c) SIL আন্তঃৰাষ্ট্ৰীয় 1986, অনুমতিৰ দ্বাৰা ব্যৱহৃত।*