as_ta/translate/translate-symaction/01.md

9.0 KiB

বিৱৰণ

এটা প্ৰতীকমূলক কাৰ্য এনেকুৱা এটা বিষয়বস্তু যাক কোনোবাই এটা নিৰ্দিষ্ট ধাৰণা ব্যক্ত কৰিবলৈ কৰে। উদাহৰণ স্বৰূপে, কিছুমান সংস্কৃতিত লোকসকলে নিজৰ মূৰটো ওপৰ আৰু তল কৰে তাৰ মানে "হয়" আৰু তেওঁলোকৰ মূৰটো এফালৰ পৰা সিফাললৈ কৰে তাৰ মানে "নহয়"। প্ৰতীকমূলক কাৰ্যসমূহ সকলো বস্তুত একে বস্তুৰ অৰ্থ নহয়। বাইবেলত, কেতিয়াবা লোকসকলে প্ৰতীকমূলক কাৰ্যসমূহ সম্পাদন কৰে আৰু কেতিয়াবা সিহঁতে কেৱল প্ৰতীকমূলক কাৰ্যসমূহ উল্লেখ কৰে।

প্ৰতীকমূলক কাৰ্যসমূহৰ উদাহৰণ

  • কিছুমান সংস্কৃতিত যেতিয়া লোকসকলে বন্ধুত্ব গঢ়িবলৈ লয় তেতিয়া সিহঁতে হাত মিলায়।
  • কিছু সংস্কৃতিত ইজনে সিজনক সন্মান কৰিবলৈ ইজনে সিজনৰ আগত হাউলে।

কাৰণ এইটো এটা অনুবাদ সমস্যা

এটা কাৰ্যত এটা সংস্কৃতিৰ এটা অৰ্থ থাকে আৰু অন্য সংস্কৃতিত বেলেগ অৰ্থ বা একো অৰ্থ নাথাকে। উদাহৰণ স্বৰূপে, কিছুমান সংস্কৃতিত চকুৰ চেলাউৰি উঠোৱা মানে হৈছে "মই বিস্ময়কৰ হৈছো" বা "আপুনি কি ক'লে?" অন্য সংস্কৃতিত ইয়াৰ অৰ্থ হৈছে "হয়"।

বাইবেলত লোকসকলে এনেকুৱা কাম কৰিছে যিটো সিহঁতৰ সংস্কৃতিত এটা নিৰ্দিষ্ট অৰ্থ আছে। য়েতিয়া আমি বাইবেল পঢ়ো তেতিয়া আমি এইটো বুজি নাপাব পাৰো যে কোনোবাৰ অৰ্থটো কি যদি আমি আমাৰ নিজৰ সংস্কৃতিৰ অৰ্থটো কি তাৰ ওপৰত ভিত্তিত কাৰ্যটো ব্যাখ্যা কৰো।

অনুবাদকে বাইবেলৰ লোকসকলে যেতিয়া প্ৰতীকমূলক কতাৰ্যসমূহ ব্যৱহাৰ কৰে তেতিয়া সিহঁতৰ অৰ্থটো কি সেইটো বুজিব লাগিব। যদি এটা কাৰ্য তেওঁলোকৰ নিজৰ সংস্কৃতিত একে বস্তুৰ অৰ্থ নহয়, তেন্তে সিহঁতে কাৰ্যটোৰ অৰ্থটো কি সেইটো কেনেকৈ অনুবাদ কৰিব সেইটো ফিগাৰ আউট কৰিব লাগিব।

বাইবেলৰ পৰা উদাহৰণ

আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল (লুক 8:41 ULT)

প্ৰতীকমূলক কাৰ্যটোৰ অৰ্থ: তেওঁ যীচুৰ প্ৰতি বহুত সন্মান দেখুৱাবলৈ এনেকুৱা কৰিলে।

চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই. থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব। (প্ৰকাশিত বাক্য 3:20 ULT)

প্ৰতীকমূলক কাৰ্যৰ অৰ্থ: যেতিয়া লোকসকলে বিচাৰে যে কোনোবাই তেওঁলোকৰ ঘৰত তেওঁক স্বাগতম জনায়, তেতিয়া তেওঁ দোৱাৰ সন্মুখত থিয় হৈ টুকুৰিয়াই।

অনুবাদ কৌশল

যদি লোকসকলে বাইবেলত লোকসকলৰ বাবে এটা প্ৰতীকমূলক কাৰ্যৰ অৰ্থটো কি সেইটো বুজি পায়, তেন্তে ইয়াক ব্যৱহাৰ কৰাটো গণ্য কৰক। যদি নহয়, তেন্তে ইয়াক অনুবাদ কৰিবলৈ ইয়াত কিছু কৌশল আছে।

  1. ব্যক্তিয়ে কৰি কৰিলে আৰু কিয় কৰিলে তাৰ বিষয়ে কওক।
  2. ব্যক্তিজনে কি কৰিলে সেইটো নকব, কিন্তু তেওঁৰ অৰ্থটো কি সেইটো কওক।
  3. আপোনাৰ নিজৰ সংস্কৃতিৰ পৰা এটা কাৰ্য ব্যৱহাৰ কৰক য'ত একে অৰ্থ আছে। এইটো কেৱল কবিতা, দৃষ্টান্ত আৰু উপদেশত কৰক। প্ৰকৃততে এজন ব্যক্তি থাকোতে এইটো নকৰিব যিজনে এটা নিৰ্দিষ্ট কাম কৰিছিল।

প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ

  1. ব্যক্তিয়ে কি কৰিলে আৰু কিয় কৰিলে সেইটো কওক।
  • আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল। (লুক 8:41 ULT)
  • যায়ীৰয়ে যীচুৰ প্ৰতি অধিক সন্মান জনাবলৈ তেওঁৰ চৰণত পৰি দিলে।
  • চোৱা, মই দোৱাৰত থিয় হৈ টুকুৰিয়াই আছো। (প্ৰকাশিতবাক্য 3:20 ULT)
  • চাওক, মই দোৱাৰত থিয় হৈ টুকুৰিয়াই আছো মোক ভিতৰত যাবলৈ সুধি আছে।
  1. ব্যক্তিজনে কি কৰিলে সেইটো নকব, কিন্তু তেওঁৰ অৰ্থটো কি সেইটো কওক।
  • যায়ীৰে যীচুৰ চৰণত পৰিলে। (লুক 8:41)
  • যায়ীৰে যীচুক যে বহুত সন্মান কৰে সেইটো দেখুৱাইছে।
  • চাওক, মই দোৱাৰত থিয় হৈ টুকুৰীয়াই আছো। (প্ৰকাশিতবাক্য 3:20)
  • চাওক, মই দোৱাৰত থিয় হৈ আছো আৰু মই আপোনাক ভিতৰত আহিবলৈ সুধিছে।
  1. আপোনাৰ নিজৰ সংস্কৃতিৰ পৰা এটা কাৰ্য ব্যৱহাৰ কৰক য'ত একে অৰ্থ আছে।
  • যায়ীৰে যীচুৰ চৰণত পৰিলেহি। (লুক 8:41 ULT) - ইয়াৰ পিছত যায়ীৰে এইটো প্ৰকৃততে কৰিছিল, আমি আমাৰ নিজৰ সংস্কৃতিৰ পৰা এটা কাৰ্য সলনি নকৰো।
  • চাওক, মই দোৱাৰৰ সন্মুখত থিয় হৈ আছো আৰু টুকুৰিয়াই আছো। (প্ৰকাশিতবাক্য 3:20 ULT) - যীচুৱে প্ৰকৃত দোৱাৰত থিয় হোৱা নাছিল। তেওঁ লোকসকলৰ সৈতে বন্ধুত্ব গঢ়িবলৈ ইচ্ছা হোৱৰ বিষয়ে কথা পাতিছিল। সেইবাবে সংস্কৃতিত য'ত এটা ঘৰলৈ যাবলৈ ইচ্ছা হোৱাত এজনৰ কণ্ঠ পৰিষ্কাৰ কৰাটো বিনম্ৰ, আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে।
  • চাওক, মই দোৱাৰৰ সন্মুখত থিয় হৈ আছো আৰু আৰু মোৰ কণ্ঠ পৰিষ্কাৰ ৰাখিছো।