as_ta/translate/translate-problem/01.md

6.6 KiB

গঠন পৰিৱৰ্তনৰ অৰ্থ

আক্ষৰিক অনুবাদে লক্ষ্য পাঠত উৎস পাঠৰ গঠন ৰাখে। কিছুমান অনুবাদকে এইটো কৰিব বিচাৰে, কাৰণ যেনেকৈ আমি শিক্ষণ মডিউল "গঠনৰ গুৰুত্ব"ত দেখো, এটা পাঠৰ গঠনে পাঠৰ অৰ্থত প্ৰভাৱ পেলায়। যিকি নহও, আমি মনত ৰাখিব লাগিব যে বেলেগ সংস্কৃতিৰ লোকসকলে পৃথকভাৱে থকা গঠনৰ অৰ্থটো বুজি পায়। বেলেগ সংস্কৃতিত, একে গঠন বেলেগ বেলেগ উপায়েৰে বুজিব পাৰে। সেইবাবে মূল গঠন ৰাখি পৰিৱৰ্তনৰ পৰা অৰ্থটো সুৰক্ষিত কৰিবলৈ সম্ভৱ নহয়। অৰ্থটো সুৰক্ষিত কৰাৰ একমাত্ৰ উপায়টো হৈছে মূল গঠন এটা নতুন গঠন পৰিৱৰ্তন কৰা যিয়ে পুৰণি সংস্কৃতিত কৰাৰ দৰে নতুন সংস্কৃতিত সেই একে অৰ্থটো সংবাদ কৰে।

বেলেগ বেলেগ ভাষাই বেলেগ বেলেগ শব্দ আৰু ব্যাকাংশৰ ক্ৰম ব্যৱহাৰ কৰে

যদি আপুনি আপোনাৰ অনুবাদত উৎস শব্দৰ ক্ৰম ৰাখে, তেনেহলে হয়তু আপোনাৰ ভাষাত কথা কোৱা লোকসকলৰ বাবে ইয়াক বুজাবলৈ অধিক কঠিন হব আৰু কেতিয়াবা অসম্ভৱ হব। আপুনি লক্ষ্য ভাষাৰ স্বাভাৱিক শব্দৰ ক্ৰমটো ব্যৱহাৰ কৰিব লাগিব যাতে লোকসকলে পাঠৰ অৰ্থটো বুজিব পাৰে।

বেলেগ বেলেগ ভাষাই বেলেগ বেলেগ উপমা আৰু অভিব্যক্তি ব্যৱহাৰ কৰে

প্ৰতিটো ভাষাত ইয়াৰ নিজৰ উপমা আৰু অন্য অভিব্যক্তি থাকে, ধ্বনি বা আবেগ প্ৰতিনিধিত্ব কৰা শব্দবোৰ। এই বস্তুবিলাকৰ অৰ্থটো প্ৰকাশ কৰিবলৈ, আপুনি মাত্ৰ প্ৰতিটো শব্দ অনুবাদ কৰাই নহয়, লক্ষ্য ভাষাত একে অৰ্থ হোৱা এটা উপমা বা অভিব্যক্তি বাচি লোৱা উচিত। যদি কেৱল আপুনি প্ৰতিটো শব্দ অনুবাদ কৰে, তেনেহলে উপমা বা অভিব্যক্তিৰ ভুল অৰ্থ উলাব।

কিছু শব্দ অন্য সংস্কৃতিত সমতুল্য নহয়

বাইবেলত সেই বস্তুবিলাকৰ বাবে বহুত শব্দ আছে যি এতিয়া নাই যেনে প্ৰাচীন ওজন (ষ্টেডিয়া, কিউবিট), টকা (দীনাৰ, ষ্টেটাৰ) আৰু পৰিমাপ (হিন, ঐফা)। শাস্ত্ৰত থকা জন্তুবিলাক বিশ্বৰ কিছুমান ভাগত মজুত নাথাকিব পাৰে (শিয়াল, উট)। অন্য শব্দবোৰ কিছুমান সংস্কৃতিত অজ্ঞাত হব পাৰে (বৰফ, চুন্নৎ)। এই পৰিস্থিতিত এই শব্দবোৰৰ বাবে সমতুল্য শব্দবোৰ সহজে প্ৰতিস্থাপন কৰিবলৈ সম্ভৱ নহয়। অনুবাদকে মূল অৰ্থটো সংবাদ কৰিবলৈ অন্য এটা উপায় বিচাৰিব লাগিব।

বাইবেল বুজি পাবলৈ অভিপ্ৰেত আছিল

শাস্ত্ৰৰ সাক্ষ্যই নিজে দেখুৱাই যে ইয়াৰ অৰ্থ বুজিবলৈ বনোৱা আছিল। বাইবেল তিনিটা ভাষাত লিখা হৈছিল কাৰণ ঈশ্বৰৰ লোকসকল বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰিছিল। যেতিয়া যিহুদীসকল নিৰ্বাসনৰ পৰা ঘূৰিছিল তেতিয়া তেওঁলোকৰ ইব্ৰী ভাষা মনত নাছিল, পুৰোহিতসকলে পুৰণি নিয়ম পঢ়িবলৈ অৰামীয়া ভাষাত অনুবাদ কৰিছিল যাতে তেওঁলোক (নহমিয়া 8:8) বুজিব পাৰে। পিছত, যেতিয়া নতুন নিয়ম লিখা হৈছিল, তেতিয়া সাধাৰণ গ্ৰীক ভাষাত লিখা হৈছিল, যি সেই সময়ত অধিক সংখ্যক লোকে অৰামীয়া আৰু ইব্ৰী এনেকি প্ৰথম শ্ৰেণীৰ গ্ৰীক যি সাধাৰণ লোকে বুজি পোৱাত কঠিন হব পাৰে সেই সকলো ভাষাতকৈ সাধাৰণ গ্ৰীক ভাষাত কথা পাতিছিল।

এই আৰু অন্য কাৰণবোৰ প্ৰদৰ্শন কৰে যে ঈশ্বৰে বিচাৰিছে যে লোকসকলে তেওঁৰ বাক্য বুজি পায়। সেইবাবে আমি জানো যে তেওঁ বাইবেলৰ অৰ্থটো অনুবাদ কৰাটো বিচাৰিছে, গঠন পুনঃসৃষ্টি কৰিবলৈ নহয়। শাস্ত্ৰৰ অৰ্থটো গঠনতকৈ অধিক গুৰুত্বপূৰ্ণ।