as_ta/translate/translate-ordinal/01.md

71 lines
9.4 KiB
Markdown

### বিৱৰণ
পূৰণবাচক সংখ্যাসমূহ এখন সূচীৰ কিবা স্থানৰ বিষয়ে ক'বলৈ প্ৰধানকৈ বাইবেলত ব্যৱহাৰ কৰা হয়।
>আৰু ঈশ্বৰে মণ্ডলীত <u>প্ৰথমে</u> পাঁচনি সকলক, <u>দ্বিতীয়তে </u> ভাববাদী সকলক, <u>তৃতীয়তে </u> উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, (1 কৰিন্থীয়া 12:28 ULT)
এইখন সেই শ্ৰমিকৰ সকলৰ সূচী হয় যি ঈশ্বৰে তেওঁলোকৰ আদেশত মণ্ডলীক প্ৰদান কৰিছিল।
#### ইংৰাজীত পূৰণবাচক সংখ্যাসমূহ
ইংৰাজীত প্ৰায় পূৰণবাচক সংখ্যাসমূহ সহজে সমাপ্তিত "-th" যোগ কৰা হয়।
| সংখ্যাগত | সংখ্যা | পূৰণবাচক সংখ্যা |
| -------- | -------- | -------- |
| 4 | চাৰি| চতুৰ্থ |
| 10 | দহ | দশম |
| 100 | এশ | এশতম |
| 1,000| এক হাজাৰ |এক হাজাৰতকৈ বেছি
ইংৰাজীত কিছু পূৰণবাচক সংখ্যাই আৰ্হি অনুসৰণ নকৰে।
| সংখ্যাগত | সংখ্যা | পূৰণবাচক সংখ্যা |
| -------- | -------- | -------- |
| 1 | এক | প্ৰথম |
| 2 | দুই | দ্বিতীয় |
| 3 | তিনি | তৃতীয় |
| 5 | পাঁচ | পঞ্চম |
| 12 | বাৰ | দ্বাদশ |
#### কাৰণ এইটো এটা অনুবাদ সমস্যা:
কিছু ভাষাত এখন সূচীত থকা এটা বস্তুসমূহৰ ক্ৰমটো দেখুৱাবলৈ বিশেষ নম্বৰ নাই। ইয়াৰ সৈতে চুক্তি কৰিবলৈ বিভিন্ন উপায় আছে।
### বাইবেলৰ পৰা উদাহৰণ
><u> প্ৰথম চিঠি খেলত </u> যিহোয়াৰীবৰ, <u>দ্বিতীয়</u> যিদয়াৰ, <u>তৃতীয়</u> হাৰীমৰ, <u>চতুৰ্থ</u> চিয়োৰীমৰ, … <u>তেইশ</u> দলায়াৰ, আৰু <u>চৌবিশ</u> মাজিয়াৰ নাম উঠিল।
(1 বংশাবলি 24:7-18 ULT)
লোকসকলে চিঠি খেলিলে আৰু চিঠি ক্ৰম অনুসৰি ইয়াৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ গৈছিল।
> বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। <u>প্ৰথম</u> শাৰীত এটা ৰুবি, এটা পোখৰাজ আৰু এটা ৰক্তমণি <u>দ্বিতীয়</u> শাৰীত এটা মৰকত, এটা নীলকান্ত আৰু এটা হীৰা <u>তৃতীয়</u> শাৰীত এটা নীলকান্তমণি, এটা অকীক আৰু এটা নীলা <u>চতুৰ্থ</u> শাৰীত এটা পান্না আৰু এটা গোমেদক আৰু এটা জ্যাচপাৰ, এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব। (যাত্ৰাপুস্তক 28:17-20 ULT)
ই পাথৰৰ চাৰি শাৰী উল্লেখ কৰে। প্ৰথম শাৰীটো সম্ভৱত ওপৰৰ শাৰীত আছে আৰু চতুৰ্থ শাৰীটো সম্ভৱত তলৰ শাৰীত আছে।
### অনুবাদ কৌশল
যদি আপোনাৰ ভাষাত পূৰণবাচক সংখ্যাসমূহ আছে আৰু সেইবিলাক ব্যৱহাৰ কৰাই সঠিক অৰ্থ প্ৰদান কৰিব, তেনেহলে সেইবিলাকক ব্যৱহাৰ কৰাটো বিবেচনা কৰক। যদি নহয়, তেনেহলে ইয়াত বিবেচনা কৰাৰ কিছু কৌশল আছে:
1. প্ৰথম এটা বস্তুটোৰ সৈতে "এক" আৰু বাকীবোৰৰ সৈতে "অন্য এটা" বা "পৰৱৰ্তী" ব্যৱহাৰ কৰক।
1. মুঠ এটা বস্তু কওক আৰু সেইবিলাকক বা সেইবিলাকৰ সৈতে সহযোগী বস্তুবিলাকক সূচীবদ্ধ কৰক।
### প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ
1. মুঠ এটা বস্তু কওক আৰু প্ৰথম এটা বস্তুটোৰ সৈতে "এক" আৰু বাকীবোৰৰ সৈতে "অন্য এটা" বা "পৰৱৰ্তী" ব্যৱহাৰ কৰক।
* **প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ, তৃতীয় হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ, … তেইশ দলায়াৰ, আৰু চৌবিশ মাজিয়াৰ নাম উঠিল।**(1 বংশাবলি 24:7-18 ULT)
* <u>ইয়াত চৌবিশ</u>চিঠি আছিল।<u>এখন চিঠি</u> যিহোয়াৰীবৰ, <u>আনটো</u> যিদয়াৰ, <u>আনটো</u> হাৰীমৰ, … <u>আনটো</u> দলায়াৰ, <u>অন্তিমটো</u> চৌবিশ মাজিয়াৰ উঠিছিল।
* <u>চৌবিশ</u>চিঠি আছিল। <u>প্ৰথম চিঠি</u> যিহোয়াৰীবৰ, <u>পৰৱৰ্তীটো</u> যিদয়াৰ, <u>পৰৱৰ্তীটো</u> হাৰীমৰ, … <u>পৰৱৰ্তীটো</u> দলায়াৰ, অন্তিমটো</u> চৌবিশ মাজিয়াৰ উঠিছিল।
* সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই <u>নদীখন <u>চাৰিটা উপনৈত ভাগ হৈছিল। <u>প্ৰথম নৈৰ নাম </u> পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
দ্বিতীয়<u> নৈখনৰ নাম </u> গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে। <u> তৃতীয় নৈখনৰ নাম </u> হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। <u>চতুৰ্থ নদীখনৰ নাম হৈছে </u> ফৰাৎ।
(আদিপুস্তক 2:10-14 ULT)
* সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই<u>নদীখন <u>চাৰিটা উপনৈত ভাগ হৈছিল। <u>প্ৰথম নৈৰ নাম </u> পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়। দ্বিতীয়<u> নৈখনৰ নাম </u> গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে। <u> তৃতীয় নৈখনৰ নাম </u> হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। <u>চতুৰ্থ নদীখনৰ নাম হৈছে </u> ফৰাৎ।
1. মুঠ বস্তুৰ সংখ্যা কওক আৰু তাৰ পাছত সেইবোৰ বা সেইবোৰৰ সৈতে সহযোগী বস্তুৰ তালিকা কৰক।
* প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ, তৃতীয় হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ, … তেইশ দলায়াৰ, আৰু চৌবিশ মাজিয়াৰ নাম উঠিল। (1 বংশাবলি 24:7-18 ULT)
* তেওঁলোকে</u> চৌবিশ</u>চিঠি খেলিছিল। চিঠিত যিহোয়াৰীবৰ, যিদয়াৰ, হাৰীমৰ, … দলায়াৰ আৰু মাজিয়াৰ উঠিছিল।