as_ta/translate/translate-levels/01.md

3.4 KiB

অৰ্থৰ স্তৰ

এটা ভাল অনুবাদৰ বাবে লক্ষ্য ভাষাত উৎস ভাষাৰ দৰে একেই অৰ্থ প্ৰকাশ কৰাটো প্ৰয়োজনীয়।

বাইবেলকে ধৰি যিকোনো পাঠতে অৰ্থৰ বিভিন্ন স্তৰ থাকিব পাৰে। এই স্তৰকেইটা হৈছে:

  • শব্দৰ অৰ্থ
  • বাক্যাংশৰ অৰ্থ
  • বাক্যৰ অৰ্থ
  • অনুচ্ছেদৰ অৰ্থ
  • অধ্যায়ৰ অৰ্থ
  • কিতাপৰ অৰ্থ

শব্দৰ অৰ্থ থাকে

আমি সাধাৰনতে এইটো ভাবো যে পাঠৰ অৰ্থ শব্দবোৰত সোমাই আছে। কিন্তু শব্দটো কোনটো পৰিস্থিতিত আছে সেইটো কথাই অৰ্থটো নিৰ্ধাৰণ কৰিব। মানে, পৃথক শব্দৰ অৰ্থবিলাক তাৰ ওপৰত থকা স্তৰবিলাকে নিৰ্ধাৰণ কৰে, আৰু ইয়াৰ বাক্যাংশ, বাক্য আৰু অনুচ্ছেদ আহি পৰে। উদাহৰণস্বৰূপে, ‘দে’ৰ দৰে শব্দ এটাৰ তলত দিয়া ধৰণএ অৰ্থ থাকিব পাৰে, পৰিস্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰি (ওপৰৰ স্তৰকেইটা):

  • এটা উপহাৰ দিয়া
  • ভাঙি পৰা অথবা ভাঙি যোৱা
  • সমৰ্পন কৰা
  • বাদ দিয়া
  • স্বীকাৰ কৰা
  • যোগান ধৰা
  • ইত্যাদি।

ডাঙৰ অৰ্থটো নিৰ্মাণ কৰা

প্ৰতিটো শব্দই প্ৰতিটো পৰিস্থিতি কি বুজাব পাৰে সেইটো অনুবাদকজনে নিৰ্ধাৰণ কৰিব লাগিব, তাৰপাচত সেই একেই অৰ্থ অনুবাদ কৰা পাঠত ফুটাই তুলিব লাগিব। ইয়াৰ অৰ্থ হৈছে শব্দবিলাক পৃথকভাৱে অনুবাদ কৰিব নোৱাৰি, কিন্তু সেইবিলাকৰ অৰ্থবিলাকহে বাক্যাংশ, বাক্য, অনুচ্ছেদ আৰু অধ্যায়ৰ লগত লগলাগি এটা অংশ হয়। ইয়াৰ বাবেই অনুবাদকজনে নুবাদ কৰাৰ আগতে সম্পূৰ্ণ অনুচ্ছেদ, অধ্যায় অথবা কিতাপখন ভালদৰে পঢ়ি ল’ব লাগে। ডাঙৰ স্তৰকেইটা পঢ়ি, তেওঁ বুজি পাব যে কিদৰে তলৰ স্তৰটো ডাঙৰটোত খাপ খাই ধৰে, আৰু প্ৰতিটো অংশ ভালদৰে অনুবাদ কৰিব পাৰিৰ যাতে ওপৰত স্তৰকেইটাৰ লগত আটাইতকৈ ভালদৰে খাপ খোৱাকৈ অৰ্থ প্ৰকাশ কৰে।