as_ta/translate/translate-bvolume/01.md

17 KiB

বিৱৰণ

নিম্নলিখিত শব্দবোৰ এটা নিৰ্দিষ্ট টেমাৰে কিমান ৰাখিব পাৰে সেইটো ক'বলৈ বাইবেলত ব্যৱহাৰ কৰা পৰিমাপৰ প্ৰায় সাধাৰণ একক হয়। টেমা আৰু পৰিমাপসমূহ তৰল পদাৰ্থ (মদৰ দৰে) আৰু শুকান কঠিন বস্তু (শস্যৰ দৰে) দুয়োটাৰ বাবে প্ৰদান কৰা হৈছে। মেট্ৰিক মানসমূহ প্ৰকৃততে বাইবেল অনুসৰি পৰিমাপ সৈতে সমান নহয়। বাইবেল অনুসৰি পৰিমাপ সমূহ সম্ভৱত সময়ৰ পৰা সময়ত আৰু স্থানৰ পৰা স্থানত প্ৰকৃত পৰিমাণত ভিন্ন হয়। তলৰ সমতুল্যসমূহ এটা গড়ৰ পৰিমাপ প্ৰদান কৰিবলৈ এটা প্ৰয়াস হয়।

প্ৰকাৰ মূল পৰিমাপ লিটাৰ
শুকান অ'মাৰ 2 লিটাৰ
শুকান ইপাহ 22 লিটাৰ
শুকান হোমাৰ 220 লিটাৰ
শুকান কোৰ 220 লিটাৰ
শুকান চিহ 7.7 লিটাৰ
শুকান লেথেক 114.8 লিটাৰ
তৰল পদাৰ্থ মেট্ৰিট 40 লিটাৰ
তৰল পদাৰ্থ বাথ 22 লিটাৰ
তৰল পদাৰ্থ হিন 3.7 লিটাৰ
তৰল পদাৰ্থ কেব 1.23 লিটাৰ
তৰল পদাৰ্থ লগ 0.31 লিটাৰ

অনুবাদ নীতি

  • বাইবেলৰ লোকসকলে মিটাৰ, লিটাৰ আৰু কিলোগ্ৰামৰ দৰে আধুনিক পৰিমাপসমূহ ব্যৱহাৰ নকৰে। মূল পৰিমাপ ব্যৱহাৰ কৰাই পাঠকসকলক জনাত সহায় কৰিব পাৰে যে বাইবেল সঁচাকৈ বহুত সময়ৰ আগতে লিখা হৈছিল যেতিয়া লোকসকলে সেই পৰিমাপসমূহ ব্যৱহাৰ কৰিছিল।
  • আধুনিক পৰিমাপসমূহ ব্যৱহাৰ কৰাই পাঠটো অধিক সহজে বুজি পোৱাত পাঠকক সহায় কৰিব পাৰে।
  • আপুনি যিটো পৰিমাপ ব্যৱহাৰ কৰে, সেইটো ভাল হ'ব লাগিব, যদি সম্ভৱ, তেনেহলে পাঠ বা এটা পাদটিকাত অন্য প্ৰকাৰৰ পৰিমাপৰ বিষয়ে কওক।
  • যদি আপুনি বাইবেল ভিত্তিক পৰিমাপসমূহ ব্যৱহাৰ নকৰে, তেনেহলে পৰিমাপসমূহ যে সঠিক হয় সেই ধাৰণাটো পাঠকক দিবলৈ চেষ্টা নকৰিব। উদাহৰণ স্বৰূপে, যদি আপুনি এটা হিন "3.7 লিটাৰ" হিচাপে অনুবাদ কৰে, তেনেহলে পাঠসকলে ভাবিব পাৰে যে পৰিমাপটো প্ৰকৃততে 3.7 লিটাৰ, 3.6 বা 3.8 নহয়। "তিনি আৰু আধা লিটাৰ" বা "চাৰি লিটাৰ" দৰে এটা অধিক অনুমানিত পৰিমাপ ব্যৱহাৰ কৰিবলৈ ভাল হ'ব।
  • যেতিয়া ঈশ্বৰে লোকসকলক কয় যে বস্তুবিলাক কিমান বনাব লাগে আৰু যেতিয়া লোকসকলে নিজৰ বাবে বাধ্যতাত সেই পৰিমাণসমূহ ব্যৱহাৰ কৰে, তেতিয়া অনুবাদত "বিষয়ে" ব্যৱহাৰ নকৰিব। অন্যথা এই ধাৰণা দিব যে ঈশ্বৰে প্ৰকৃততে সিহঁতে কিমান ব্যৱহাৰ কৰিছে গুৰুত্ব নিদিয়ে।

যেতিয়া পৰিমাপৰ একক কোৱা হয়

অনুবাদ কৌশল

ULT-ৰ পৰা পৰিমাপসমূহ ব্যৱহাৰ কৰক। এইবিলাক একে প্ৰকাৰৰ পৰিমাপ যাক মূল লিখকসকলে ব্যৱহাৰ কৰিছিলে। যিদৰে সিহঁতৰ ধ্বনি বা ULT-ত বানান কৰা হয় ঠিক সেইদৰে একে ধৰণেৰে সেইবিলাকক বানান কৰক। (শব্দসমূহ প্ৰতিলিপি কৰক বা অনুকৰণ কৰক চাওক)

  1. UST-ত দিয়া মেট্ৰিক পৰিমাপসমূহ ব্যৱহাৰ কৰক। UST-ৰ অনুবাদকে ইতিমধ্যে মেট্ৰিক পদ্ধতিত পৰিমাণসমূহ কেনেকৈ প্ৰতিনিধিত্ব কৰিব লাগে প্ৰকাশ কৰিছে।
  2. ইতিমধ্যে আপোনাৰ ভাষাত ব্যৱহাৰ কৰা পৰিমাপসমূহ ব্যৱহাৰ কৰক। এইটো কৰিবলৈ আপুনি আপোনাৰ পৰিমাপসমূহ মেট্ৰিক পদ্ধতিৰ সৈতে কেনেকৈ সম্বন্ধিত সেইটো জানিব লাগিব আৰু প্ৰতিটো পৰিমাপৰ পৰিমাণ ওলিয়াব লাগিব।
  3. ULT-ৰ পৰা পৰিমাপসমূহ ব্যৱহাৰ কৰ আৰু আপোনাৰ লোকসকলে পাঠ বা এটা টোকাত জনা পৰিমাপসমূহ অন্তৰ্ভুক্ত কৰক।
  4. আপোনাৰ লোকসকলে জনা পৰিমাপসমূহ ব্যৱহাৰ কৰক আৰু পাঠ বা এটা টোকাত ULT-ৰ পৰা পৰিমাপসমূহ অন্তৰ্ভুক্ত কৰক।

প্ৰয়োগ কৰা অনুবাদ কৌশল

তলত দিয়া যিচয়া5:10ত কৌশলৰ সকলোবিলাক প্ৰয়োগ কৰা হৈছে।

  • কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়। (যিচয়া 5:10 ULT)
  1. ULT-ৰ পৰা পৰিমাপসমূহ ব্যৱহাৰ কৰক। এইবিলাক একে প্ৰকাৰৰ পৰিমাপ যাক মূল লিখকসকলে ব্যৱহাৰ কৰিছিলে। যিদৰে সিহঁতৰ ধ্বনি বা ULT-ত বানান কৰা হয় ঠিক সেইদৰে একে ধৰণেৰে সেইবিলাকক বানান কৰক। (শব্দসমূহ প্ৰতিলিপি কৰক বা অনুকৰণ কৰক চাওক)
  • " কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়”।
  1. UST-ত দিয়া পৰিমাপসমূহ ব্যৱহাৰ কৰক। সাধাৰণতে সেইবিলাক মেট্ৰিক পৰিমাপ হয়। UST-ৰ অনুবাদকে ইতিমধ্যে মেট্ৰিক পদ্ধতিত পৰিমাণসমূহ কেনেকৈ প্ৰতিনিধিত্ব কৰিব লাগে প্ৰকাশ কৰিছে।
  • "দহ একৰ আঙুৰ খেতিত কেৱল বাইচ লিটাৰ উৎপাদন হ'ব, আৰু শস্যৰ দহটা পাচি কেৱল এটা পাচি উৎপাদন হ'ব।"
  • "দহ একৰ আঙুৰ খেতিত কেৱল বাইচ লিটাৰ উৎপাদন হ'ব আৰু শস্যৰ 220 লিটাৰত কেৱল বাইচ লিটাৰ< উৎপাদন হ'ব।"
  1. ইতিমধ্যে আপোনাৰ ভাষাত ব্যৱহাৰ কৰা পৰিমাপসমূহ ব্যৱহাৰ কৰক। এইটো কৰিবলৈ আপুনি আপোনাৰ পৰিমাপসমূহ মেট্ৰিক পদ্ধতিৰ সৈতে কেনেকৈ সম্বন্ধিত সেইটো জানিব লাগিব আৰু প্ৰতিটো পৰিমাপ চিন্তা কৰিব লাগিব।
  • "দহ একৰ আঙুৰ খেতিত কেৱল ছয় গেল'ন উৎপাদন হ'ব আৰু শস্যৰ ছয় আৰু বাচেলত কেৱল বিশ কোৱাৰ্টাৰ উৎপাদন হ'ব।"
  1. ULT-ৰ পৰা পৰিমাপসমূহ ব্যৱহাৰ কৰ আৰু আপোনাৰ লোকসকলে পাঠ বা এটা টোকাত জনা পৰিমাপসমূহ অন্তৰ্ভুক্ত কৰক। নিম্নলিখিতই পাঠত দুয়োটা পৰিমাপ দেখুৱায়।
  • "দহ একৰ আঙুৰ খেতিত কেৱল এক বাথ (ছয় গেলন) উৎপাদন হ'ব আৰু শস্যৰ এক হোমৰত (ছয় আৰু আধা বাছেল) কেৱল এক ঐফা (বিশ কোৱাৰ্টাৰ) উৎপাদন হ'ব"।
  1. আপোনাৰ লোকসকলে জনা পৰিমাপসমূহ ব্যৱহাৰ কৰক আৰু পাঠ বা এটা টোকাত ULT-ৰ পৰা পৰিমাপসমূহ অন্তৰ্ভুক্ত কৰক। নিম্নলিখিতই পাদটিকাত ULT পৰিমাপসমূহ দেখুৱায়।
  • "দহ একৰ আঙুৰ খেতিত কেৱল বিশ লিটাৰ উৎপাদন হ'ব <চাপ>1</চাপ>, আৰু শস্যৰ 220 লিটাৰত<চাপ>2</চাপ> কেৱল বাইশ লিটাৰ<চাপ>3</চাপ>উৎপাদন হ'ব"। পাদটিকা সমূহ এনেকুৱা হ'ব:
  • <চাপ>[1]</চাপ>এক বাথ
  • <চাপ>[2]</চাপ>এক হোমাৰ
  • <চাপ>[3]</চাপ>এক ইপহাহ

যেতিয়া পৰিমাপৰ একক অন্তনিৰ্হিত হয়।

কেতিয়াবা ইব্ৰীত পৰিমাপৰ এটা বিশেষ এককৰ বিষয়ে উল্লেখ নকৰে কিন্তু কেৱল এটা সংখ্যা ব্যৱহাৰ কৰে। ULT আৰু UST অন্তৰ্ভুক্ত কৰি বহুত ইংৰাজী সংস্কৰণে "পৰিমাপ" শব্দটো ব্যৱহাৰ কৰে।

  • কোনো মানুহে যেতিয়াই বিশ জোখৰ শস্যৰ দ’মৰ পৰা শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে তেতিয়া কেৱল বিশ কলহহে পায়। (হগ্গয় 2:16 ULT)

অনুবাদ কৌশল

  1. এটা একক নোহোৱাকৈ সংখ্যাটো ব্যৱহাৰ কৰি আক্ষৰিকভাবে অনুবাদ কৰক।
  2. "পৰিমাপ" বা "পৰিমাণ" বা "পৰিমাণ"ৰ দৰে এটা সাধাৰণ শব্দ ব্যৱহাৰ কৰক।
  3. শস্যৰ বাবে "পাচি" বা ৱাইনৰ বাবে "বটল"ৰ দৰে এটা উপযুক্ত পাত্ৰৰ নাম ব্যৱহাৰ কৰক।
  4. আপুনি আপোনাৰ অনুবাদত ইতিমধ্যে ব্যৱহাৰ কৰা পৰিমাপৰ এটা একক ব্যৱহাৰ কৰক।

প্ৰয়োগ কৰা অনুবাদ কৌশল

তলৰ দিয়া হগ্গয় 2:16 পদত কৌশলবোৰ প্ৰয়োগ কৰা হৈছে

  • কোনো মানুহে যেতিয়াই বিশ জোখৰ শস্যৰ দ’মৰ পৰা শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে তেতিয়া কেৱল বিশ কলহহে পায়। (হগ্গয় 2:16 ULT)
  1. এটা একক নোহোৱাকৈ সংখ্যাটো ব্যৱহাৰ কৰি আক্ষৰিকভাবে অনুবাদ কৰক।
  • কোনো মানুহে যেতিয়াই বিশ জোখৰ শস্যৰ দ’মৰ পৰা শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে তেতিয়া কেৱল বিশ কলহহে পায়।
  1. "পৰিমাপ" বা "পৰিমাণ" বা "পৰিমাণ"ৰ দৰে এটা সাধাৰণ শব্দ ব্যৱহাৰ কৰক।
  • যেতিয়াই কোনোবাই বিশ পৰিমাপৰশস্য জমা কৰিবলৈ শস্যক্ষেত্ৰলৈ আহিছিল, তেতিয়া তাত কেৱল দহ আছিল আৰু যেতিয়া কোনোবাই পঞ্চাশ পৰিমাপৰ দ্ৰাক্ষাৰস লবলৈ দ্ৰাক্ষাকুণ্ডত আহিছিল তেতিয়া কেৱল বিশ আছিল।
  1. এটা উপযুক্ত পাত্ৰৰ নাম ব্যৱহাৰ কৰক যেনে শস্যৰ বাবে "পাচি" বা দ্ৰাক্ষাৰসৰ বাবে "বটল"।
  • যেতিয়াই কোনোবাই বিশ পাচি শস্য জমা কৰিবলৈ শস্যক্ষেত্ৰলৈ আহিছিল, তেতিয়া তাত কেৱল দহ আছিল আৰু যেতিয়া কোনোবাই পঞ্চাশ বটল দ্ৰাক্ষাৰস লবলৈ দ্ৰাক্ষাকুণ্ডত আহিছিল তেতিয়া কেৱল বিশ আছিল।
  1. আপুনি আপোনাৰ অনুবাদত ইতিমধ্যে ব্যৱহাৰ কৰা পৰিমাপৰ এটা একক ব্যৱহাৰ কৰক।
  • যেতিয়াই কোনোবাই বিশ কেজি শস্য জমা কৰিবলৈ শস্যক্ষেত্ৰলৈ আহিছিল, তেতিয়া তাত কেৱল দহ আছিল আৰু যেতিয়া কোনোবাই পঞ্চাশ লিটাৰ দ্ৰাক্ষাৰস লবলৈ দ্ৰাক্ষাকুণ্ডত আহিছিল তেতিয়া কেৱল বিশ আছিল।