as_ta/translate/resources-connect/01.md

9.7 KiB

বিৱৰণ

কেতিয়াবা, টোকাৰ সূচী-পত্ৰৰ শীৰ্ষত থকা টোকা সংযোগ বিৱৰণী বা সাধাৰণ তথ্যৰ সৈতে আৰম্ভ হয়।

এটা সংযোগ বিৱৰণীয়ে এটা খণ্ডত থকা ধৰ্মগ্ৰন্থ কেনেকৈ পূৰ্বৰ খণ্ডত থকা ধৰ্মগ্ৰন্থৰ সৈতে সম্পৰ্কিত কয়। তলত সংযোগ বিৱৰণীত থকা কিছু প্ৰকাৰৰ তথ্য দিয়া আছে।

  • এই খণ্ডটো এটা গ্ৰন্থৰ অংশৰ আৰম্ভণী, মাজভাগ বা সামৰণী হয় নে নাই
  • কোনে কথা কৈছে
  • বক্তায়ে কাৰ সৈতে কথা পাতি আছে

এটা সাধাৰণ তথ্য টোকাই খণ্ডত থকা সমস্যাৰ বিষয়ে কয় যিয়ে এটাতকৈ অধিক ব্যাকাংশ আবৃত কৰে। তলত এটা সাধাৰণ তথ্যৰ বিৱৰণীত প্ৰকট হোৱা কিছু ধৰণৰ তথ্য দিয়া আছে।

  • ব্যক্তিজন বা বস্তুক সৰ্বনাম বুজায়।
  • গুৰুত্বপূৰ্ণ পৃষ্ঠভূমি বা অন্তৰ্নিহিত তথ্য যাক খণ্ডত থকা পাঠটো বুজাৰ আৱশ্যক
  • যুক্তিসন্মত যুক্তি আৰু সিদ্ধান্ত

দুয়োটা প্ৰকাৰৰ টোকা গ্ৰন্থ-অংশ ভালদৰে বুজি পাবলৈ আৰু কৰিবলৈ আৰু অনুবাদত সন্মুখীণ হোৱা সমস্যাৰ সাৱধান কৰিবলৈ আপোনাক সহায় কৰে।

উদাহৰণ সমূহ

এই খণ্ডটো এটা গ্ৰন্থ-অংশৰ আৰম্ভণীত, মাজভাগত বা সামৰণীত আছে নে নাই

<চাপ>1</চাপ> যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল। <চাপ>2</চাপ> যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে <চাপ>3</চাপ>আৰু তেওঁক ক'লে, "আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?" (মথি 11:1-3 ULT)

  • সাধাৰণ তথ্য:-এইটো হৈছে গল্পটোৰ এটা নতুন অংশৰ আৰম্ভণী য'ত লিখকে কৈছে যে কেনেকৈ বাপ্তিষ্ম দিওঁতা যোহনৰ শিষ্যসকলক যীচুৱে কেনেকৈ উত্তৰ দিলে।(চাওক: নতুন ঘটনাৰ পৰিচয়)

এই টোকাই আপোনাক এটা গল্পৰ এটা নতুন অংশৰ আৰম্ভণীৰ কাৰণে সচেতন কৰিছে আৰু আপোনাক এটা পৃষ্ঠাৰ এটা সংযোগ প্ৰদান কৰে যি সেইবিলাকক অনুবাদ কৰাৰ সৈতে সম্বন্ধিত নতুন ঘটনা আৰু সমস্যাসমূহৰ বিষয়ে অধিক কয়।

কোনে কথা পাতি আছে

<চাপ>17</চাপ> তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।"। <চাপ>18</চাপ>(দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল। <চাপ>19</চাপ> এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।) (পাঁচনিকৰ্ম 1:17-19 ULT)

  • সংযোগ বিৱৰণী: - পিতৰে পাঁচনিকৰ্ম 1:16 পদত বিশ্বাসীসকললৈ আৰম্ভ কৰা বক্তব্য অব্যাহত ৰাখিছে।

এই টোকাই আপোনাক এইটো কৈছে পিটাৰে এতিয়াও শ্লোক 17-ত কথা কৈ আছে যাতে আপুনি আপোনাৰ ভাষাত থকা সেইটো সঠিকভাৱে চিহ্নিত কৰিব পাৰে।

ব্যক্তি বা বস্তুক সৰ্বনাম বুজায়

<চাপ>20</চাপ>আৰু যিচয়ায়ো অতি সাহসেৰে কৈছে, "যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে। যি সকলে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাসিত হলোঁ।" <চাপ>21</চাপ> কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, " মই ওৰে দিনটো হাত মেলিলোঁ

আজ্ঞা নমনা আৰু আপত্তি কৰা লোকসকললৈ।" (ৰোমান 10:20-21 ULT)

  • সাধাৰণ তথ্য: - ইয়াত "মই," "মোক," আৰু "মোৰ" শব্দটোৱে ঈশ্বৰক উল্লেখ কৰিছে।

এই টোকাই আপোনাক সৰ্বনামটো কোন তাৰ বিষয়ে আপোনাক জনায়। আপুনি কিবা যোগ কৰিব ল'গা হ'ব পাৰে যাতে যিচয়াই নিজৰ বাবে কোৱা নাই সেইটো পাঠকসকলে জানে, কিন্তু ঈশ্বৰেহে এই উদ্ধৃতি কৈছে।

গুৰুত্বপূৰ্ণ পৃষ্ঠভূমি বা অন্তৰ্নিহিত তথ্য

<চাপ>26</চাপ> পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) <চাপ>27</চাপ> তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।  <চাপ>28</চাপ> তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল। (পাঁচনিকৰ্ম 8:26-28 ULT)

  • সাধাৰণ তথ্য: - এইটো ফিলিপ আৰু ইথিওপিয়া দেশৰ এজন মানুহৰ বিষয়ে গল্পটোৰ অংশৰ আৰম্ভণী। 27-পদত ইথিওপিয়াৰ মানুহ জনৰ বিষয়ে পৃষ্ঠভূমি তথ্য প্ৰদান কৰে। (চাওক: পৃষ্ঠভূমি)

এই টোকাই এটা গল্পৰ এটা নতুন অংশৰ আৰম্ভণী আৰু কিছু পৃষ্ঠভূমি তথ্যৰ বিষয়ে আপোনাক সচেতন কৰে, যাতে আপুনি এই বস্তুবিলাকৰ পৰা সাৱধান হ'ব পাৰে আৰু এই বস্তুবিলাক দেখুৱাৰ আপোনাৰ ভাষাৰ উপায়সমূহ ব্যৱহাৰ কৰিব পাৰে। টোকাটোৱে পৃষ্ঠভূমিৰ তথ্যৰ বিষয়ে পৃষ্ঠাৰ এটা সংযোগ অন্তৰ্ভুক্ত কৰে, যাতে আপুনি এই প্ৰকাৰৰ তথ্য কেনেকৈ অনুবাদ কৰিব লাগে তাৰ বিষয়ে অধিক জানিব পাৰে।