as_ta/translate/guidelines-equal/01.md

76 lines
14 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

এটা **সমান** অনুবাদে উৎস ভাষাত যিকোনো ব্যক্ত কৰা অৰ্থটো লক্ষ্য ভষাত সমানভাৱে প্ৰদৰ্শন কৰে। বিশেষকৈ উৎস ভাষাত থকা সেইখি ৰূপ ভালদৰে চাওক যিবোৰে কোনো মনিভাৱ ব্যক্ত কৰে আৰু তাৰ বাবে লক্ষভাষাত সেই একেই অৰ্থ প্ৰকাশ কৰা ৰূপ/শব্দ নিৰ্বাচন কৰক। য়াৰে এইটামান ৰুপৰ উদাহৰণ তলত দিয়া আছে।
#### জতুৱাঠাঁচ
**সংজ্ঞা** - জতুৱাঠাঁচ হৈছে শব্দৰ এটা গিট যিটো সব্দবোৰে পৃথককৈ ব্যক্ত কৰা অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে। জতুৱাঠাঁচ, লোকউক্তি আৰু পদসমূহৰ অৰ্থ নিৰ্ধাৰণ কৰক আৰু সেইবিলাক আপোনাৰ ভাসাত থকা সেইবিলাক শব্দলৈ অনুবাদ কৰক যিবিলাকৰ অৰ্থ একেই।
**বিৱৰণ** - সাধাৰণতে জতুৱাঠাঁচবিলাক সৰলভাৱে অন্য ভাসালৈ অনুবাদ কৰিব পাৰি। জতুৱাঠাঁচটো অৰ্থ অন্য ভাসাত এইদৰে প্ৰকাশ কৰিব লাগে যেন সেইটো প্ৰাকৃতিক লাগে।
তলত তিনিটা অনুবাদ উল্লেখ কৰা আছে এক্টচ্‌ 18:6:ৰ পৰা, অৰ্থকেইটা একেই:
* "তোমাৰ তেজ তোমাৰ মুৰতে থাকক! মই নিৰ্দোষী।" (আৰএচভি)
* "যদি ত্মি হেৰাইছা, তেন্তে তাৰ বাবে দোষ তুমি নিজেই ল’ব লাগে! মই দায়ি নহয়।" (জিএনবি)
* "যদি ভগৱানে তোমাক শাস্তি দিয়ে, তেন্তে সেইয়া তোমাৰ বাবে, মোৰ বাবে নহয়!" (টিএফটি)
এই সকলোবিলাক দোষ কৰাৰ বাবে কোৱা উক্তি। কিছুমান “তেজ” অথবা “হেৰোৱা”ৰ দৰে শব্দ ব্যৱহাৰ কৰা জতুৱাঠাঁচ, আৰু তৃতীয়টো প্ৰতক্ষ্য আৰু ইয়াত “শাস্তি দে” সব্দকেইটা ব্যৱহাৰ কৰা হৈছে। আপোনাৰ অনুবাদ সমান হ’বৰ বাবে, সেই উক্তিয়ে এটা মন চুই যোৱা ধৰণ ব্যক্ত কৰিব লাগিব, আৰু লগতে জতুৱাঠাঁচ ব্যৱহাৰ কৰিব পাৰে, যেতিয়ালৈকে উক্তিটোৰ ধৰণ লক্ষ্য ভাষা আৰু সংস্কৃতিত প্ৰযোজ্য হয়।
#### বক্তব্যৰ পৰিসংখ্যা
**সংজ্ঞা** - পদ হৈছে কিবা এটা কোৱাৰ বিশেষ ধৰণ যাতে যি কোৱা হৈছে তাৰ বিষয়ে সেইটো ধৰিব পাৰি অথবা এট মবোভাৱ ব্যক্ত কৰিব পাৰি।
**বিৱৰণ** - পদৰ অৰ্থটো শব্দবোৰৰ সাধাৰণ অৰ্থতকৈ বহুত বেলেগ।
কেইটামান উদাহৰণ তলত উলেখ কৰা আছে:
* <u>মই ভাঙি পৰিছিলোঁ</u>! বক্তাজন সঁচা অৰ্থত ভঙি পৰা নাছিল, কিন্তু তেওঁৰ মনটো বহুত বেয়া লাগিছিল।
* <u>মই যি কৈ আছিলোঁ তেওঁ তাত কণ নিদিলে।</u> অৰ্থ, "মই যি কৈ আছিলোঁ তেওঁ তাত মন নিদিয়াৰ নিৰ্ণয় ল’লে।"
* <u>বতাঁহে গছবিলাকৰ মাজেৰে হোহোৱই গ’ল</u>। ইয়াৰ অৰ্থ এইটো যে গছবিলাকৰ মাজেৰে গৈ থকা শব্দটো মানুহ এজনে হোহোৱাই থকাৰ দৰে আছিল।
* <u>বৈঠকখনকৈ গোটেই বিশ্বখন আহিছিল</u>। বিশ্বৰ সকলো মানুহ বৈঠকখনলৈ অহা নাছিল। হয়তো বৈঠকখনত বহুত মানুহ আহিছিল।
প্ৰতিটো ভাসাই বিভিন্ন পদ ব্যৱহাৰ কৰে। তলৰ কামকেইটা যাতে কৰে সেইটো নিশ্চিত কৰক:
* ব্যৱহাৰ কৰা পদটো চিনাক্ত কৰক
* পদটো ব্যৱহাৰ কৰা কাৰণ চিনাক্ত কৰক
* পদটোৰ আচল অৰ্থ চিনাক্ত কৰক
সম্পূৰ্ণ পদটোৰ **আচল অৰ্থ**টোহে আপোনাৰ ভাষালৈ অনুবাদ কৰিব লাগিব, সব্দকেইটা পৃথক পৃথক অৰ্থ নহয়। এবাৰ আপুনি আচল অৰ্থটো বুজাৰ পাচত, আপুনি লক্ষ্য ভাষাটোত এতা উক্তি নিৰ্বাচন কৰিব পাৰে যিটোৱে একেই অৰ্থ আৰু মনোভাৱ প্ৰকাশ কৰে।
(অধিক তথ্যৰ বাবে, [পদ](../figs-intro/01.md)ত দিয়া তথ্যসমূহ চাওক।)
#### অলংকাৰিক প্ৰশ্ন
**সংজ্ঞা** - অলংকাৰিক প্ৰশ্ন হৈছে অন্য এটা উপায় যাৰ দ্বাৰা বক্তাই পঢ়ুৱৈক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে।
**বিৱৰণ** - অলংকাৰিক প্ৰশ্ন হৈছে এবিধ প্ৰশ্ন যি কোনো তথ্য অথবা উত্তৰৰ বাবে আশা নকৰে। এইবিলাকে সাধাৰণতে কোনো মনিভাৱ ব্যক্ত কৰে আৰু এটা ঠাট্টা, এটা সাৱধানবাণী, আচৰিত হোৱা ব্যক্ত কৰিবলৈ অথবা অন্য কিবা কাৰণ ব্যক্ত কৰাৰ আধাৰ হিচাপেও ধৰিব পাৰি।
উদাহৰণস্বৰূপে, মথি 3:7 চাওক: "বিষাক্ত সাঁপৰ বংসধৰহঁত, তোমালোকক কোনে আহি থকা প্ৰলয়ৰ পৰা পলাবলৈ কৈছিল?"
ইয়াৰ কোনো উত্তৰ আশা কৰা হোৱা নাই। বক্তাই তথ্যৰ বাবে প্ৰশ্ন ব্যৱহাৰ কৰা নাই; তেওঁ নিজৰ শুনোতাসকলক ঠাট্টা কৰিছে। ঈশ্বৰৰ খংৰ বিষয়ে এইবোৰ মানুহক সাৱধান কৰি একো লাভ নাই, কিয়নো তেওঁলোকে তাৰ পৰা হাত সাৰিবৰ বাবে থকা একমাত্ৰ উয়পায়টো: তেওঁলোকৰ পাপবোৰ স্বীকাৰ কৰাটো অৱলম্বন নকৰে।
অনুবাদ কৰোতে আপুনি এই অলংকাৰিক প্ৰশ্নটো এটা সাধাৰণ বাক্য হিচাপে প্ৰকাশ কৰিবলগীয়া হ’ব পাৰে, যদিহে আপোনাৰ ভাষাই এইধৰণে অলংকাৰিক প্ৰশ্ন ব্যৱআৰ নকৰে। কিন্তু মনত ৰাখিব, একেই কাৰণ আৰু অৰ্থ একেই ৰখটো নিশ্চিত কৰিব, আৰু আচল অলংকাৰিক প্ৰশ্নই প্ৰকাশ কৰা একেই মনোভাৱ প্ৰকাশ কৰক। যদি আপোনাৰ ভাষাই অলংকাৰিক প্ৰশ্ন এটাৰ কাৰণ, অৰ্থ আৰু মনোভাৱ প্ৰকাশ কৰিবলৈ অনু কিবা পদ ব্যৱহাৰ কৰে, তেনে সেই পদটো ব্যৱহাৰ কৰক।
([অলংকাৰিক প্ৰশ্ন](../figs-rquestion/01.md) চাওক)
#### বিস্ময়বোধক
**সংজ্ঞা** ভাষাবিলাকে মনিভাৱ ব্যক্ত কৰিবলৈ বিস্ময়বোধ বাক্য ব্যৱহাৰ কৰে। কেতিয়া বিস্ময়বোধক শব্দ অথবা শব্দকেইটাই মনোভাৱটোৰ বাহিৰে অন্য কোনো বেলেগ অৰ্থ নাথাকে, যেনে ইংৰাজীত “হায়” আৰ্য “বাহ”ৰ দৰে শব্দবোৰ।
উদাহৰণস্বৰূপে, 1 চমূৱেল 4:8 চাওক: **আমালৈ দুখ লাগিছে**! এই শক্তিশালী ভগৱানবিলাকৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? (ULT)
হিব্ৰু শব্দটো ইয়াত “দুখ” হিচাপে অনুবাদ কৰা হৈছে আৰু ই কিবা এটা বেয়া ঘটনাৰ বিষয়ে শক্তিশালী মনোভাৱ ব্যক্ত কৰিছে। যদি সম্ভৱ হয়, আপোনাৰ ভাষাত এনে এটা বিস্মবোধক বিচাৰক যিটোৱে সেই একেই মনিভাৱ ব্যক্ত কৰে।
#### কবিতা
**সংজ্ঞা** - কবিতাৰ এটা উদ্দেশ্য হৈছে কিবা এটাৰ বিষয়ে এটা মনোভাৱ ব্যক্ত কৰা।
**বিৱৰণ** - কবিতাই এইটো বিভিন্ন ভাষাত বিভিন্ন উপায়েৰে কামটো কৰে। এইবোৰ উপায়ত এতিয়ালৈকে আলোচনা কৰা সকলোখিনি আহিব পাৰে, যেনে পদ আৰু বিস্ময়বোধক। কবিতাই সাধাৰণ বচনতকৈ বেলেগ ধৰণৰ ব্যাকৰ্ণ ব্যৱহাৰ কৰিব পাৰে, অথবা ৱৰ্ডপ্লে অথবা একেই উচ্চাৰণ থকা অথবা বিশিষ্ট বোল থকা কিছুমান অন্য শব্দ ব্যৱহাৰ কৰি মনোভাৱ ব্যক্ত কৰা হয়।
উদাহৰণস্বৰূপে, চাওক, গীতমালা 36:5:
হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত,
আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।[পায়গৈ]
তোমাৰ নিষ্ঠা [পায়গৈ] মেঘলৈকে। (ULT)
কবিতাৰ এইটো চন্দই দুটা শাৰীত একেটা অৰ্থ ব্যক্ত কৰে, যিটো এটা ভাল হিব্ৰু কবিতা লেখা ধৰণ। ইয়াৰ লগতে, আচল হিব্ৰুত কোনো ক্ৰিয়া নাই, যিটো সাধাৰণ উক্তিয়ে ব্যৱহাৰ কৰাতকৈ বহুত বেলেগ। আপোনাৰ ভাষাত কবিতাৰ বিভিন্ন এনে বস্তু থাকিব পাৰে যিবিলাকে তাৰ কবিতা হিচাপে প্ৰতিস্থিত কৰে। যেতিয়া আপুনি কবিতা অনুবাদ কৰে, তেতিয়া সেইবোৰ ৰূপ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক যিবোৰে পঢ়ুৱৈক এইটো বুজায় দিয়ে যেই এইটো এতা কবিতা, আৰু যিটোৱে উৎস কবিতাটোৰ দৰে একেই মনোভাৱ ব্যক্ত কৰে।
**মনত ৰাখিব:** আচল পাঠৰ পৰা মনোভাৱ আৰু ব্যৱহাৰবোৰ ব্যক্ত কৰক। সেইবিলাক সেইটো ৰূপলৈ অনুবাদ কৰক যিটোৱে আপোনাৰ ভাষাত সেই একেই মনোভাৱ ব্যক্ত কৰে। অৰ্থটো লক্ষ্য ভাষাত কিদৰে একেবাৰে **সঠিকভাৱে**, **স্পষ্টভাৱে**, **সমানভাৱে**, আৰু **প্ৰাকৃতিকভাৱে ব্যক্ত** কৰিব পাৰি তাৰ বাবে উপায় বিচাৰক।