as_ta/translate/figs-youformal/01.md

8.2 KiB

(আপুনি http://ufw.io/figs_youformত থকা ভিডিঅ’টো চাবলৈ মন কৰিব পাৰে)

বিৱৰণ

কিছুমান ভাষাই “তুমি”ৰ অপচাৰিক আৰু অনাপচাৰি ৰূপৰ মাজত ভিন্নতা প্ৰদৰ্শন কৰে। এই পৃষ্ঠাটো মূলতে সেইসকল মানুহৰ বাবে যাৰ ভাষাত এই ভিন্নতাটো আছে।

কিছুমান সংস্কৃতিত মানুহে “তুমি”ৰ অপচাৰিক ৰূপ কোনো জ্যেষ্ঠ ব্যক্তি অথবা অধিকাৰীৰ লগত কথা পাতোঁতে ব্যৱহাৰ কৰে, আৰু অনাপচাৰিক “তুমি”ৰ ব্যৱহাৰ একে বয়সৰ অথবা কম বয়সৰ অথবা কম অধিকাৰ থকা লোকৰ লগত ব্যৱহাৰ কৰে। অন্য সংস্কৃতিত, মানুহে নিজৰ বয়সৰ অথবা নিজতকৈ কম বয়সৰ মানুহৰ লগত কথা পাতোঁতে অপচাৰিক “তুমি” ব্যৱহাৰ কৰে, আৰু পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুৰ লগত কথা পাতোঁতে অনাপচাৰিক “তুমি”ৰ ব্যৱহাৰ কৰে।

এই কাৰণে ই অনুবাদৰ এটা সমস্যা

  • বাইবেলখন ইব্ৰী, অৰামীয়া আৰু গ্ৰীক ভাষাত লিখা হৈছিল। এই ভাষাবিলাকত “তুমি” অপচাৰিক আৰু অনাপচাৰিক ৰূপ নাই।
  • ইংৰাজী আৰু অন্য বহুৰ বহুত উৎস ভাষাত “তুমি” অপচাৰিক আৰু অনাপচাৰিক ৰূপ নাই।
  • যিসকল অনুবাদকে এটা ভাষাত এনে এটা উৎস পাঠ ব্যৱহাৰ কৰিছে যত “তুমি” অপচাৰিক আৰু অনাপচাৰিক ৰূপ আছে, তেওঁলোকে এইখিনি সেইটো ভাষাত কিদৰে ব্যৱহাৰ কৰা হৈছে সেইটো বুজিব লাগিব। সেইটো ভাষাত নিয়মখিনি অনুবাদকৰ ভাষাৰ দৰে একেই নহ’বও পাৰে।
  • অনুবাদকসকলে দুজন মানুহৰ মাজৰ সম্পৰ্ক বুজিব লাগিব যাতে নিজৰ ভাষাত সঠিক ৰূপটো ব্যৱহাৰ কৰিব পাৰে।

অনুবাদৰ নীতি

  • এজন বক্তা আৰু যি ব্যক্তি বা মানুহৰ সৈতে তেওঁ কথা পাতিছে তাৰ মাজৰ সম্পৰ্কৰ বুজক।
  • তেওঁ যি ব্যক্তিৰ সৈতে কথা পাতিছে তেওঁৰ প্ৰতি বক্তাৰ মনোভাব বুজক।
  • আপোনাৰ ভাষাত সেই সম্পৰ্ক আৰু মোনভাবৰ লগত খাপ খোৱা এটা ৰূপ নিৰ্বাচন কৰক।

বাইবেলৰ পৰা উদাহৰণ

ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, "তুমি ক’ত আছা?" (আদিপুস্তক 3:9 ULT)

ঈশ্বৰৰ মানুহৰ ওপৰত অধিকাৰ আছে, সেইবাবে যিবিলাক ভাষাত “তুমি”ৰ অপচাৰিক আৰু অনাপচাৰিক ৰূপ আছে সেইবিলাক ভাষাত ইয়াত অনাপচাৰিক ৰূপটো ব্যৱহাৰ কৰা হ’ব।

এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।  হে মহামহিম থিয়ফিল, মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে। (লূক 1:3-4 ULT)

লূকে থিয়ফিল “মহামহিম” বুলি কৈছিল। এইটোৱে আমাক দেখুৱায় যে থিয়ফিল কোনোবা উচ্চ বিষয়া আছিল যাক লূক বহুত সন্মান কৰিছিল। যিবিলাক ভাষাৰ বক্তাৰ “তুমি”ৰ এটা অপচাৰিক ৰূপ আছে তেওঁলোকে সেই ৰূপটো ইয়াত ব্যৱহাৰ কৰিব লাগে।

হে আমাৰ স্বৰগত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। (মথি 6:9 ULT)

এইটো যীচুৱে নিজৰ শিষ্যসকলক শিকোৱা প্ৰাৰ্থনাৰ এটা অংশ, কিছুমান সংস্কৃতিয়ে অপচাৰিক “তুমি” ব্যৱহাৰ কৰিব কিয়নো ইয়াত ঈশ্বৰ অধিকাৰী। অন্য কিছুমান সংস্কৃতিয়ে অনাপচাৰিক তুমি ব্যৱহাৰ কৰিব কিয়নো ঈশ্বৰ আমাৰ পৰমপিতা।

অনুবাদৰ কৌশল

যিসকল অনুবাদকৰ ভাষাত অপচাৰিক আৰু অনাপচাৰিক “তুমি”ৰ মাজৰ ভিন্নতাটো আছে তেওঁলোকে দুজন বক্তাৰ মাজৰ সম্পৰ্কটো বুজাৰ চেষ্টা কৰিব লাগিব যাতে তেওঁলোকৰ ভাষাত “তুমি”ৰ সঠিক ৰূপ ব্যৱহাৰ কৰিব পৰা যায়।

অপচাৰিক অথবা অনাপচাৰিক “তুমি” ব্যৱহাৰ কৰা সিদ্ধান্ত লোৱা

  1. বক্তাৰ সৈতে থকা সম্পৰ্কটোত মন দিয়ক।
  • এজন বক্তাৰ আনজনতকৈ বেছি অধিকাৰ আছে নে?
  • এজন বক্তা আনজনতকৈ জ্যেষ্ঠ নে?
  • বক্তাৰ পৰিয়ালৰ সদস্য, আত্মীয়, বন্ধু, অচিনাকি ব্যক্তি অথবা শত্ৰু হয় নে?
  1. যদি আপোনাৰ এনে এটা ভাষাত বাইবেল আছে য’ত অপচাৰিক আৰু অনাপচাৰিক “তুমি”ৰ মাজত ভিন্নতা দেখুওৱা হৈছে তেনেহলে কোনটো ৰূপ ব্যৱহাৰ কৰা হৈছে চাওক। তথাপিও মনত ৰাখিব যে সেইটো ভাষাত নিয়মসমূহ আপোনাৰ ভাষাতকৈ বেলেগ হ’ব পাৰে।

ব্যৱহাৰ কৰা অনুবাদৰ কৌশল

ইংৰাজীত “তুমি”ৰ অপচাৰি আৰু অনাপচাৰিক ৰূপ নাই, সেইবাবে আমি ইংৰাজীৰ :তুমি”ৰ অপচাৰিক আৰু অনাপচাৰিক ৰূপকেইটা কেনেকৈ অনুবাদ কৰিম দেখুৱাব নোৱাৰোঁ। অনুগ্ৰহ কৰি ওপৰত দিয়া উদাহৰণ আৰু আলোচনাখিনি চাওক।