as_ta/translate/figs-simile/01.md

69 lines
13 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

এটা উপমা হৈছে দুটা ভিন্ন বস্তুৰ তুলনা যিকেইটা সাধাৰণতে একেধৰণৰ হয় বুলি ধৰা নাযায়। এটাক আনটোৰ “দৰে” বুলি কোৱা হয়। এই দুটা বস্তু নিৰ্দিষ্ট বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যিটো দুয়োটাৰে আছে, আৰু ইয়াত “দৰে” বা “ইয়াতকৈ”ৰ দৰে শব্দ অন্তৰ্ভুক্ত থাকে।
### বিৱৰণ
এটা উপমা হৈছে দুটা ভিন্ন বস্তুৰ তুলনা যিকেইটা সাধাৰণতে একেধৰণৰ হয় বুলি ধৰা নাযায়। এই দুটা বস্তু নিৰ্দিষ্ট বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যিটো দুয়োটাৰে আছে, আৰু ইয়াত “দৰে” আৰু “ইয়াতকৈ”ৰ দৰে শব্দ থাকে।
> তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কিয়নো তেওঁলোক চিন্তিত আৰু কিংকৰ্তব্যবিমূঢ় হৈ আছিল, কাৰণ তেওঁলোক <u> ৰখীয়া নোহোৱা মেৰৰ দৰে </u> আছিল। (মথি 9:36)
যীচুৱে মানুহৰ ভিৰটোক ভেড়াৰখীয়া অবিহনে ভেড়া-জাকৰ লগত তুলনা কৰিছিল। ভেড়াবোৰে ভয়ভীত হয় যেতিয়া এজন ভাল ভেড়া-ৰখীয়া সিহঁতক সুৰক্ষিত ঠাইলৈ নিবলৈ নাথাকে। মানুহৰ ভিৰটো সেইদৰে হৈছিল কিয়নো তেওঁলোকৰ ধৰ্মীয় ভাল নেতা নাছিল।
>শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰদৰে <u> পঠিয়াইছো;</u> এই হেতুকে <u> তোমালোক সাপৰ দৰে </u> টেঙৰ হ’বা আৰু <u>কপৌৰ দৰে</u> অমায়িক হোৱা। (মথি 10:16 ULT)
যীচুৱে তেওঁৰ শিষ্যসকলক ভেড়াৰ লগত তুলনা কৰিছিল আৰু তেওঁলোকৰ শত্ৰুসকল ৰাংকুকুৰৰ লগত। যীচুৰ শত্ৰুসকলে তেওঁৰ শিষ্যসকলক আক্ৰমণ কৰিব।
> কিয়নো ঈশ্বৰৰ বাক্য জীৱনময় আৰু <u> কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা।</u> (ইব্ৰী 4:12 ULT)
ঈশ্বৰৰ বাক্য দুধৰীয়া তৰোৱালৰ লগত তুলনা কৰা হৈছে। দুধৰীয়া তৰোৱাল এনে এটা অস্ত্ৰ যি মানুহৰ শৰীৰ সহজতে কাটিব পাৰে। ঈশ্বৰৰ বাক্য এইটো দেখুৱাবলৈ অতি প্ৰভাবশীল হয় যে মানুহ এজনৰ হৃদয় আৰু চিন্তাত কি আছে।
#### উপমাৰ উদ্দেশ্য
* এটা উপমাই এনে কিছু বিষয় সম্পৰ্কে শিকাব পাৰে যাৰ পৰা গম পোৱা যায় যে এইটো কেনেকৈ পৰিচিত এনে কিছু অনুৰূপ।
* এটা উপমাই এটা বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰে, কেতিয়াবা এনে ধৰণে যাতে মানুহৰ দৃষ্টি তাৰ ওপৰত পৰে।
* উপমাই মনত এখন ছবি নিৰ্মাণত সহায় কৰে অথবা পাঠকসকলক ভালদৰে অভিজ্ঞতা প্ৰদান কৰাত সহায় কৰে।
#### কাৰণৰ এইটো অনুবাদৰ সমস্যা
* মানুহে হয়তু নাজানিব পাৰে যে দুটা বস্তু একেই।
* মানুহে কিবা এটা তুলনা কৰা বস্তুটো চিনি নাপাব পাৰে।
### বাইবেলৰ পৰা উদাহৰণ
>যীচু খ্ৰীষ্টৰ এজন উত্তম সৈনিকৰ দৰে তুমি <u>মোৰে সৈতে ক্লেশ সহন কৰা</u>।(2 তীমথিয় 2:3 ULT)
এই উপমাত, পৌলে চিপাহীসকলে সহ্য কৰা ক্লেশৰ তুলনা কৰিছে, আৰু তীমথিয়ক তেওঁলোকৰ উদাহৰণৰ মতে চলিবলৈ উৎসাহিত কৰিছে।
>কিয়নো <u> বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে </u>, ঠিক তেনেদৰেই মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব। (লূক 17:24 ULT)
এই পদত এইটো নকয় যে মানুহৰ পুত্ৰ বিজুলিৰ দৰে হ’ব। কিন্তু এই প্ৰসঙ্গৰ পৰা আমি পদটোৰ পৰা এইটো বুজিব পাৰো যে ঠিক বিজুলি চমকি উঠিলে সকলোৱে যেনেকৈ তাক দেখে তেনেকৈয়ে মানুহৰ পুত্ৰজন আহিব আৰু তেওঁক সকলোৱে দেখা পাব। এই বিষয়ে কাকো কোৱাৰ প্ৰয়োজন নহ’ব।
### অনুবাদৰ কৌশল
যদি মানুহে এটা উপমাৰ সঠিক অৰ্থ বুজি পায় তেনেহলে তাক ব্যবহাৰ কৰিব পাৰে। যদি তেওঁলোকে নুবুজে, তেনেহলে আপুনি ব্যৱহাৰ কৰিব পৰা কৌশল কেইটামান তলত দিয়া আছে:
1. যদি মানুহে দুটা বস্তু কিদৰে একেই নাজানে, তেনেহলে কওক সেইবোৰ কেনেকৈ একে। তথাপিও যদি মূল শ্ৰোতাই অৰ্থটো ভালদৰে বুজি নাপায় তেনেহলে এইদৰে নকৰিব।
1. যদি মানুহে তুলনা কৰা বস্তুটো ভালদৰে চিনি নাপায়, তেনেহলে আপোনাৰ নিজৰ সংস্কৃতিৰ পৰা কোনো বস্তু ব্যৱহাৰ কৰক। এইটো নিশ্চিত কৰক যে বাইবেলৰ সংস্কৃতিত এইটো এটাও ব্যৱহাৰ কৰিব পৰা গ’ল হেতেঁন।
1. কোনো অন্য বস্তুৰ লগত তুলনা নকৰাকৈ সাধাৰণভাৱে বুজাই দিয়ক।
### প্ৰয়োগ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ
1. যদি মানুহে দুটা বস্তু কিদৰে একেই নাজানে, তেনেহলে কওক সেইবোৰ কেনেকৈ একে। তথাপিও যদি মূল শ্ৰোতাই অৰ্থটো ভালদৰে বুজি নাপায় তেনেহলে এইদৰে নকৰিব।
* **শুনা! মই তোমালোকক <u> ৰাংকুকুৰবোৰৰ মাজলৈ মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো </u>**(মথি 10:16 ULT) ই বিপদক তুলনা কৰিছে যি যীচুৰ শিষ্যসকলে সন্মুখীন হব যি ৰাংকুকুৰবোৰৰ মাজলৈ মেৰ-পোৱালিৰথকাৰ দৰে হয়।
* শুনা! মই তোমালোকক <u> দুষ্ট লোকৰ মাজত পঠাইছো </u> আৰু সিহঁতৰ পৰা তোমাৰ বিপদ হব<u> ৰাংকুকুৰবোৰৰ মাজলৈ মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো</u>
* কিয়নো ঈশ্বৰৰ বাক্য জীৱনময় আৰু <u> কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা </u>। (ইব্ৰী 4:12 ULT)
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময় আৰু <u>এখন দুধৰীয়া তৰোৱালতকৈও অধিক চোকা</u>
1. যদি মানুহে তুলনা কৰা বস্তুটো ভালদৰে চিনি নাপায়, তেনেহলে আপোনাৰ নিজৰ সংস্কৃতিৰ পৰা কোনো বস্তু ব্যৱহাৰ কৰক। এইটো নিশ্চিত কৰক যে বাইবেলৰ সংস্কৃতিত এইটো এটাও ব্যৱহাৰ কৰিব পৰা গ’ল হেতেঁন।
* **শুনা! মই তোমালোকক <u> ৰাংকুকুৰবোৰৰ মাজলৈ মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো </u>**(মথি 10:16 ULT) যদি মানুহে ভেড়া আৰু ৰাংকুকুৰ চিনি নাপায়, অথবা ৰাংকুকুৰ যে ভেড়াক খায় নাজানে, তেনেহলে আপুনি অন্য জন্তু ব্যৱহাৰ কৰিব পাৰে যিটোৱে আনটোক মাৰে।
* শুনা, মই তোমালোকক <u>বনৰীয়া কুকুৰৰ মাজলৈ কুকুৰাৰ নিচিনাকৈ পঠিয়াইছো। </u>,
* **কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয় <u> তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, </u> কিন্তু তুমি সন্মত নহলা!**(মথি 23:37 ULT)
* এজনী মাতৃয়ে যেনেকৈ তাইৰ কেচুৱাক ভলকৈ চোৱাৰ দৰে <u> কিমানবাৰ মই তোমাৰ সন্তানসকলক একত্ৰিত কৰিব বিচাৰিছিলো </u>, কিন্তু তুমি মানা কৰিলা!
* **এটি সৰিয়হ গুটিৰ সমানো যদি <u> তোমালোকৰ বিশ্বাস থাকে</u>,** (মথি 17:20)
* এটা ক্ষুদ্ৰ গুটিৰ দৰেও <u> যদি তোমালোকৰ বিশ্বাস থাকে</u>
1. কোনো অন্য বস্তুৰ লগত তুলনা নকৰাকৈ সাধাৰণভাৱে বুজাই দিয়ক।
* **শুনা! মই তোমালোকক <u> ৰাংকুকুৰবোৰৰ মাজলৈ মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো </u>**(মথি 10:16 ULT)
* চোৱা, মই তোমালোকক বাহিৰলৈ পঠিয়াইছোঁ আৰু <u>মানুহবিলাকে তোমালোকৰ ক্ষতি কৰিবলৈ বিচাৰিব</u>
* **কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয় <u> তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, </u> কিন্তু তুমি সন্মত নহলা!**(মথি 23:37 ULT)
* মই কিমানবাৰ <u>তোমাক ৰক্ষা কৰিবলৈ বিচাৰিছিলো</u>, কিন্তু তুমি মানা কৰিলা