as_ta/translate/figs-rquestion/01.md

19 KiB

এটা অলঙ্কৃত প্ৰশ্ন হৈছে এজন বক্তা সোধা এটা প্ৰশ্ন যি তেওঁ ইয়াৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাতকৈ ইয়াৰ বিষয়ে তেওঁৰ মনোভাৱ প্ৰকাশ কৰিবলৈ অধিক আগ্ৰহী হয়। বক্তাসকলে গভীৰ আবেগ প্ৰকাশ কৰিবলৈ বা কোনো বিষয়ত গভীৰভাৱে চিন্তা কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰিবলৈ অলঙ্কৃত প্ৰশ্ন ব্যৱহাৰ কৰে। বাইবেলত প্ৰায় বিস্ময় প্ৰকাশ কৰিবলৈ, শ্ৰোতাক ধমকি বা তিৰস্কাৰ কৰিবলৈ বা শিকাবলৈ বহুত অলঙ্কৃত প্ৰশ্ন আছে। কিছুমান ভাষাৰ বক্তাই ইয়াৰ লগতে অন্য উদ্দেশ্যৰ বাবে অলঙ্কৃত প্ৰশ্ন ব্যৱহাৰ কৰে।

বিৱৰণ

এটা অলঙ্কৃত প্ৰশ্ন হৈছে এটা প্ৰশ্ন যি কোনো বস্তুৰ প্ৰতি বক্তাৰ মনোভাৱ শক্তিশালীভাৱে প্ৰকাশ কৰে। সকলো সময়তে বক্তাই তথ্য নিবিচাৰে, কিন্তু যদি তেওঁ তথ্যৰ বাবে সুধি আছে, তেনেহলে এইটো সাধাৰণতে ইয়াৰ বাবে সুধিবলৈ প্ৰকট হোৱা প্ৰশ্নৰ তথ্য নহয়। বক্তাই তথ্য প্ৰাপ্ত কৰাতকৈ তাৰ মনোভাৱ ব্যক্ত কৰাত অধিক আগ্ৰহী।

তাতে ওচৰত থিয় হৈ থকা সকলে কলে, "তই ঈশ্বৰৰ মহা পুৰোহিতক ধিক্কাৰ দিয় নে? " (পাঁচনিকৰ্ম 23:4 ULT)

পৌলক এই প্ৰশ্ন সুধা লোকসকলে ঈশ্বৰৰ মহা পুৰোহিতক ধিক্কাৰ দিয়াৰ কথা সুধা নাছিল। বৰঞ্চ তেওঁলোক ঈশ্বৰৰ মহা পুৰোহিতক ধিক্কাৰ দিয়া বুলি পৌলক অভিযোগ কৰিবলৈহে এই প্ৰশ্নটো সুধিছিল।

বাইবেলত বহুত অলঙ্কৃত প্ৰশ্ন আছে। এই অলঙ্কৃত প্ৰশ্নসমূহৰ কিছুমান উদ্দেশ্য হৈছে মনোভাৱ বা অনুভৱ প্ৰকাশ কৰিবলৈ, মানুহক ধমকি দিবলৈ, মানুহক তেওঁলোকৰ জনা বস্তুৰ বিষয়ে সোঁৱৰণ কৰাই দি কিবা নতুনত ইয়াক প্ৰয়োগ কৰিবলৈ তেওঁলোকক উৎসাহ দি শিকাবলৈ আৰু তেওঁলোকে কথা পাতিবলৈ বিচৰা বস্তুটোৰ পৰিচয় দিবলৈ।

কাৰণ এইটো এটা অনুবাদ সমস্যা

  • কিছুমান ভাষাই অলঙ্কৃত প্ৰশ্ন ব্যৱহাৰ নকৰে; সেইবোৰৰ বাবে প্ৰশ্ন সদায় এটা তথ্যৰ বাবে কৰা অনুৰোধ হয়।
  • কিছুমান ভাষাই অলঙ্কৃত প্ৰশ্ন ব্যৱহাৰ কৰে, কিন্তু উদ্দেশ্যৰ বাবে অধিক সীমিত বা বাইবেলত থকাতকৈ বেলেগ।
  • ভাষাৰ মাজত থকা এই পাৰ্থক্যৰ কাৰণে, কিছু পাঠকে বাইবেলত থকা অলঙ্কৃত প্ৰশ্নৰ উদ্দেশ্যটো ভুল বুজিব পাৰে।

বাইবেলৰ পৰা উদাহৰণ

এতিয়া তুমিয়েই জানো ইস্ৰায়েলৰ ওপৰত ৰজা নোহোৱা? (1 ৰাজাৱলি 21:7 ULT)

ঈজেবলে এই প্ৰশ্নটো ৰজা আহবক সোঁৱৰণ কৰাই দিবলৈ ব্যৱহাৰ কৰিছে যি তেওঁ ইতিমধ্যে জানে: তেওঁ ইস্ৰায়েলী ৰাজ্যত এতিয়াও শাসন কৰি আছে। যদিও তাই কেৱল এইটো কৈছিল, এই অলঙ্কৃত প্ৰশ্নটোৱে তাইৰ কথাটো অধিক দৃঢ় কৰি দিলে, কাৰণ ই আহবক নিজকে স্বীকাৰ কৰিবলৈ বাধ্য কৰি দিছিল। তাই এজন দূখীয়া মানুহৰ সম্পত্তি দখল কৰিবলৈ অনিচ্ছুক হোৱাৰ কাৰণে তেওঁক তিৰস্কাৰ কৰিবলৈ এইটো কৰিলে। তাই কৈছিল ইস্ৰায়েলৰ ৰজা হোৱাৰ পাছৰ পৰা মানুহ সম্পত্তি লোৱাৰ ক্ষমতা আছিল।

যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰি পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে! (যিৰিমিয়া 2:32 ULT)

ঈশ্বৰৰ লোকসকলে ইতিমধ্যে জনা বিষয়টো সোঁৱৰণ কৰাই দিবলৈ তেওঁ ওপৰৰ প্ৰশ্নটো ব্যৱহাৰ কৰিছে: এগৰাকী যুৱতী তেওঁৰ নিজৰ অলঙ্কাৰ বা এজনী কন্যাই তেওঁৰ নিজৰ সাজ কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু এই সকলোতকৈ অধিক মহান ঈশ্বৰক তেওঁৰ লোকসকলে পাহৰাৰ কাৰণে তিৰষ্কাৰ কৰিছে।

উদৰৰ পৰা বাহিৰ হোৱা মাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলো? (ইয়োব 3:11 ULT)

ইয়োবে গভীৰ অনুভূতি প্ৰকাশ কৰিবলৈ ওপৰৰ প্ৰশ্নটো ব্যৱহাৰ কৰিছে। এই অলঙ্কৃত প্ৰশ্নটোৱে তেওঁ যে জন্ম হোৱাৰ লগে লগে মৰি নগ'ল তাৰ বাবে তেওঁ যে কিমান দুখীত তাক প্ৰকাশ কৰে। তেওঁ ইচ্ছা যে তেওঁ আৰু জীয়াই নাথাকে।

আৰু মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ যে আহিছে, মোৰ এই সৌভাগ্য কৰ পৰা হল? (লুক 1:43 ULT)

তেওঁৰ প্ৰভুৰ মাতৃ তেওঁৰ ওচৰলৈ অহাত এলীচাবেতে যে কিমান বিস্মিত আৰু সুখী হৈছিল তাক প্ৰকাশ কৰিবলৈ ওপৰৰ প্ৰশ্নটো ব্যৱহাৰ কৰা হৈছে।

বা তোমালোকৰ মাজত এনে কোন মানুহ আছে, পুতেকে পিঠা খুজিলে তাক শিল দিব আৰু মাছ খুজিলে সাপ দিব? (মথি 7:9 ULT)

যীচুৱে ওপৰৰ প্ৰশ্নটো মানুহক সোঁৱৰণ কৰাই দিবলৈ ব্যৱহাৰ কৰিছে যি তেওঁলোকে ইতিমধ্যে জানে: এজন ভাল পিতৃয়ে তেওঁৰ পুত্ৰক কেতিয়াও খাবলৈ বেয়া বস্তু নিদিয়ে। এই বিষয়টো প্ৰবৰ্তন কৰি যীচুৱে তেওঁৰ পৰৱৰ্তী অলঙ্কৃত প্ৰশ্নটোৰ সৈতে ঈশ্বৰৰ বিষয়ে তেওঁলোকক শিক্ষা দিব পাৰে:

তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব? (মথি 7:11 ULT)

যীচুৱে এটা সতেজ উপায়েৰে ব্যক্তিসকলক শিকাবলৈ এই প্ৰশ্নটো ব্যৱহাৰ কৰিছে যে ঈশ্বৰে খুজা সকলক কিমান ভাল বস্তু প্ৰদান কৰে।

তাৰ ডালবোৰত বাহ তাৰ পাছত যীচুৱে ক’লে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?   ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি সাজিলে। (লুক13:18-19 ULT)

যীচুৱে কিহৰ বিষয়ে কথা পাতি আছিল সেইটো পৰিচয় দিবলৈ ওপৰৰ প্ৰশ্নটো ব্যৱহাৰ কৰিছে। তেওঁ ঈশ্বৰৰ ৰাজ্যখন কিবা বস্তুৰ সৈতে তুলনা কৰিছিল।

অনুবাদ কৌশল

এটা অলঙ্কৃত প্ৰশ্ন সঠিকভাৱে অনুবাদ কৰিবলৈ, প্ৰথমে আপুনি অনুবাদ কৰা প্ৰশ্নটো সঁচাকৈ যে এটা অলঙ্কৃত প্ৰশ্ন হয় আৰু এইটো এটা তথ্য প্ৰশ্ন নহয় সেইটো নিশ্চিত কৰক। নিজকে সোধক, "প্ৰশ্ন সোধা ব্যক্তিজনে ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ জানে নেকি?" যদি জানে, তেন্তে এইটো এটা অলঙ্কৃত প্ৰশ্ন। বা যদি কোনোবাই এই প্ৰশ্নৰ উত্তৰ নিদিয়ে, তেন্তে এই প্ৰশ্নটো সোধাজন চিন্তিত নেকি যে তেওঁ প্ৰশ্নটোৰ উত্তৰ পোৱা নাই? যদি নহয়, এইটো এটা অলঙ্কৃত প্ৰশ্ন।

যেতিয়া আপুনি প্ৰশ্নটো যে অলঙ্কৃত সেইটো নিশ্চিত কৰে, তেতিয়া অলঙ্কৃত প্ৰশ্নটোৰ উদ্দেশ্যটো কি সেইটো আপুনি জনাটো নিশ্চিত কৰক। এইটো শ্ৰোতাক উত্সাহিত বা তিৰষ্কাৰ বা লজ্জিত কৰিবলৈ নেকি? এই নতুন বিষয় আনিবলৈ নেকি? এইটোৱে অন্য কিবা কৰিবলৈ নেকি?

য়েতিয়া আপুনি জানে যে অলঙ্কৃত প্ৰশ্নটোৰ উদ্দেশ্য কি হয়, তেতিয়া লক্ষ্য ভাষাত উদ্দেশ্যটো প্ৰকাশ কৰিবলৈ অধিক স্বাভাৱিক উপায়টোৰ বিষয়ে ভাবক। এইটো এটা প্ৰশ্ন বা এটা বিবৃতি বা এটা বিস্ময়বোধকৰ দৰে হ'ব পাৰে।

যদি অলঙ্কৃত প্ৰশ্ন ব্যৱহাৰ কৰাটো স্বাভাৱিক হ'ব আৰু আপোনাৰ ভাষাত সঠিক অৰ্থ প্ৰদান কৰিব, তেন্তে এইটো কৰাটো গণ্য কৰক। যদি নহয়, তেন্তে ইয়াত অন্য কিছু বিকল্প আছে:

  1. প্ৰশ্নটোৰ পিছত উত্তৰটো যোগ কৰক।
  2. অলঙ্কৃত প্ৰশ্নটো এটা বিবৃতি বা এটা বিস্ময়বোধকলৈ পৰিৱৰ্তন কৰক।
  3. অলঙ্কৃত প্ৰশ্নটো এটা বিবৃতিলৈ পৰিৱৰ্তন কৰক আৰু তাৰপিছত এটা চুটি প্ৰশ্নৰ সৈতে ইয়াক অনুসৰণ কৰক।
  4. প্ৰশ্নৰ গঠনটো পৰিৱৰ্তন কৰক যাতে ই মূল স্পিকাৰে নিজৰ তাত কি যোগাযোগ কৰে সেইটো আপোনাৰ ভাষাত যোগাযোগ কৰে।

প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ

  1. প্ৰশ্নটোৰ পিছত উত্তৰটো যোগ কৰক।
  •  যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে?

কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে। (যিৰিমিয়া 2:32 ULT)

  • যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
  • বা তোমালোকৰ মাজত এনে কোনো মানুহ আছে নেকি যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব? (মথি 7:9 ULT)
  • বা তোমালোকৰ মাজত এনে কোনো মানুহ আছে নেকি যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব? আপোনাৰ ভিতৰত কোনেও এনেকুৱা নকৰিব!
  1. অলঙ্কৃত প্ৰশ্নটো এটা বিবৃতি বা এটা বিস্ময়বোধকলৈ পৰিৱৰ্তন কৰক।
  • ঈশ্বৰৰ ৰাজ্যখন কেনেকুৱা হয় আৰু মই ইয়াক কাৰ সৈতে তুলনা কৰিব পাৰো? এইটো সৰিয়হৰ গুটিৰ দৰে... (লুক 13:18-19 ULT)
  • ঈশ্বৰৰ ৰাজ্যখন এনেকুৱাই হয় এইটো এটা সৰিয়হৰ গুটিৰ দৰে..."
  • “তই ঈশ্বৰৰ মহা-পুৰোহিতক ধিক্কাৰ দিয় নে?”  (পাঁচনিকৰ্ম 23:4 ULT)
  • তই ঈশ্বৰৰ মহা-পুৰোহিতক ধিক্কাৰ দিব নালাগিছিল!
  • মই কিয় গৰ্ভতে নমৰিলোঁ?

উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ? (ইয়োব 3:11 ULT)

  • মই যেতিয়া গৰ্ভতে আছিলো তেতিয়া মোৰ মৃত্যু হোৱাটো মই বিচাৰিছিলো!
  • আৰু এইটো মোৰ লগত কিয় হৈছিল যে মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ আহিব? (লূক 1:43 ULT)
  • এইটো কিমান অদ্ভূত যে মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ আহিছে!
  1. অলঙ্কৃত প্ৰশ্নটো এটা বক্তব্যলৈ পৰিৱৰ্তন কৰক আৰু তাৰপিছত এটা চুটি প্ৰশ্নৰ সৈতে ইয়াক অনুসৰণ কৰক।
  • এতিয়া তুমিয়েই জানো ইস্ৰায়েলৰ ওপৰত ৰজা নোহোৱা? (1 ৰাজাৱলি 21:7 ULT)
  • এতিয়া তুমিয়েই জানো ইস্ৰায়েলৰ ওপৰত শাসন কৰা নাই নে?
  1. এই প্ৰশ্নৰ ৰূপ পৰিৱৰ্তন কৰক যাতে এইটো আপোনাৰ ভাষাত যোগাযোগ কৰে যি মূল বক্তাই কৰিছিল।
  • বাতোমালোকৰ মাজত এনে কোন মানুহ আছে, যদি পুতেকে পিঠা খুজিলে তাক শিল দিব আৰু মাছ খুজিলে সাপ দিব? (মথি 7:9 ULT)
  • যদি পুতেকে পিঠা খুজিলে তাক শিল দিব আৰু মাছ খুজিলে সাপ দিব?
  • যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে ?

কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে! (যিৰিমিয়া 2:32 ULT)

  • যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে ?

কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে!