as_ta/translate/figs-irony/01.md

64 lines
16 KiB
Markdown

### বিৱৰণ
বিদ্ৰুপ কথনৰ এটা চৰিত্ৰ হয় য'ত বক্তাই যিটো অনুভূতিত যোগাযোগ কৰিবলৈ অভিপ্ৰেত সেইটো প্ৰকৃততে শব্দৰ লিটাৰেল অৰ্থটোৰ পৰা বিপৰীত হয়। কেতিয়াবা এজন ব্যক্তিয়ে কোনোবা অন্য এজনৰ শব্দ ব্যৱহাৰ কৰি এইটো কৰে, কিন্তু এফালে এইটো কয় যে সি সিহঁতৰ সৈতে সহমত নহয়। লোকসকলে এই কথাটোত জোৰ দিয়ে যে যিটো হ'ব লাগে সেইটো তাৰ পৰা কিমান বেলেগ বা কোনোবা অন্যৰ বিষয়ে কোনবাৰ অন্য ধাৰণাটো ভুল বা মুৰ্খামী হয়। এইটো প্ৰায় কৌতুকপূৰ্ণ।
>যীশুৱে সিহঁতক উত্তৰ দিলে, "যিসকল ব্যক্তিৰ স্বাস্থ্য ভাল, তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন নাই, কেৱল সেই ব্যক্তিসকলৰ প্ৰয়োজন যিসকল অসুস্থ আছে। মই ধাৰ্মিক লোকসকলক অনুশোচনা দিবলৈ অহা নাছিলো, কিন্তু যিসকলে পাপ কাম কৰিছে সিহঁতক অনুতাপ কৰিবলৈ মাতিছিলো।" (লুক 5:31-32 ULT)
যেতিয়া যীশুৱে "ধাৰ্মিক লোকসকল"ৰ কথা কৈছিল, তেতিয়া তেওঁই এনেকুৱা ব্যক্তিৰ কথা উল্লেখ কৰা নাছিল যিজন সঁচাকৈ ধাৰ্মিক আছিল, কিন্তু সেই ব্যক্তিসকলৰ বাবে যিসকলক ভুলভাৱে বিশ্বাস কৰিছিল যে সিহঁত ধাৰ্মিক। বিদ্ৰুপ ব্যৱহাৰ কৰি, যীশুৱে কৈছিল যে সিহঁত অন্য লোকতকৈ যে ভাল আছিল সেইটো ভবাটো অনুতাপ নকৰাটো ভুল আছিল।
#### কাৰণ এইটো এটা অনুবাদ সমস্যা
* যদি কোনোবা ব্যক্তিয়ে অনুভৱ নকৰে যে এটা বক্তাই বিদ্ৰুপ ব্যৱহাৰ কৰি আছে, তেন্তে তেওঁ ভাবিব যে স্পিকাৰটোৱে প্ৰকৃততে তেওঁই কি কৈছে সেইটো বিশ্বাস কৰে। তেওঁই বিপৰীত অৰ্থটো বুজি পাব যে ইয়াৰ অৰ্থটো কি আছিল।
### বাইবেলৰ পৰা উদাহৰণ
><u>তোমালোকে পুৰুষে পুৰুষে চলি অহা বিধি ৰাখিবলৈ,</u>ঈশ্বৰৰ আজ্ঞা ভালদৰে অগ্ৰাহ্য কৰিছা! (মাৰ্ক 7:9 ULT)
ইয়াত যীশুৱে ফৰীচী লোকসকলক এনেকুৱা কিবা কৰিবৰ বাবে প্ৰশংসা কৰে যিটো সাধাৰণতে ভুল। বিদ্ৰুপৰ মাধ্যমেদি, তেওঁ প্ৰশংস বিপৰীতটো সংবাদ কৰে: তেওঁই কয় যে ফৰাচীসকলক, যিসকলে আদেশসমূহ পালন কৰাত গৌৰৱ বোধ কৰে, সিহঁত ঈশ্বৰৰ পৰা ইমান দূৰত আছে যে সিহঁত এইটো নাজানে যে সিহঁতৰ পৰম্পৰাই ইশ্বৰৰ আদেশসমূহ ভাঙিছে। বিদ্ৰুপৰ ব্যৱহাৰে ফৰাচীসকলৰ পাপ অধিক সুস্পষ্ট আৰু ভীতিপূৰ্ণ কৰি তোলে।
>"আপোনাৰ বিষয়টো উপস্থাপন কৰক," যিহোৱাই কয়; "আপোনাৰ মূৰ্তিসমূহৰ বাবে আপোনাৰ শ্ৰেষ্ট যুক্তি উপস্থাপন কৰক," যাকোবক ৰজাই কয়। <u>"সিহঁতক নিজৰ যুক্তি আনিবলৈ দিয়ক; সিহঁতক আগলৈ আহিবলৈ দিয়ক আৰু কি হ'ব আমাক ঘোষণা কৰিবলৈ দিয়ক, যাতে আমি এই বস্তুবিলাকৰ বিষয়ে ভালদৰে জানিব পাৰো। সিহঁতৰ পূৰ্বৰ ভৱিষ্যদ্বাণী ঘোষণাৰ বিষয়ে আমাক কওক যাতে আমি সেইবিলাকক প্ৰতিফলিত কৰিব পাৰো আৰু সেইবিলাক কেনেকৈ পূৰ্ণ কৰা হৈছিল জানিব পাৰো</u>।" (যিচয়া 41:21-22 ULT)
লোকসকলে মূৰ্তিসমূহ এনেকৈ পূজা কৰিছিল যেন তাত জ্ঞান বা শক্তি আছিল আৰু যিহোৱাই সিহঁতক এনেকুৱা কৰাৰ কাৰণে সিহঁতৰ ওপৰত খং কৰিছিল। সেইবাবে তেওঁই বিদ্ৰুপ ব্যৱহাৰ কৰিলে আৰু ভৱিষ্যতে কি ঘটিব সেইটো ক'বলৈ মূৰ্তিসমূহক প্ৰত্যাহ্বান দিলে। তেওঁ জানিছিল যে মূৰ্তিসমূহে এনেকুৱা কৰিব নোৱাৰে, কিন্তু সেইবিলাকে পাৰিব বুলি কৈছিল, তেওঁই মূৰ্তিবিলাকক ঠাট্টা কৰিলে, যাৰ বাবে সিহঁতৰ অক্ষমতা অধিক স্পষ্ট হৈ উঠিল আৰু লোকসকলে সিহঁতক পূজা কৰাৰ বাবে তিৰষ্কাৰ কৰিলে।
>আপুনি তেওঁলোকৰ কামৰ স্থানত পোহৰ আৰু অন্ধকাৰ আনিব পাৰিবনে?
>আপুনি সিহঁতৰ বাবে পুনঃ ঘৰ ঘূৰি যোৱাৰ পথটো বিচাৰিব পাৰিবনে?
><u>নিঃসন্দেহ আপুনি জানে, কাৰণ আপুনি তেতিয়া জন্ম হৈছিল;</u>
>"<u>আপোনাৰ দিন বহুত দীঘল!</u>" (ইয়োব 38:20, 21 ULT)
ইয়োব ভাবিছিল সি জ্ঞানী আছিল। প্ৰভুৱে সি যে জ্ঞানী নাছিল সেইটো জ'ক দেখুৱাবলৈ বিদ্ৰুপ ব্যৱহাৰ কৰিছিল। ওপৰত দিয়া দুটা নিম্নৰেখা ব্যাকাংশ বিদ্ৰুপ। সিহঁতে যিটো কয় তাৰ বিপৰীতটোত জোৰ দিয়ে, কাৰণ সিহঁত স্পষ্টৰূপে ভুল। সিহঁতে এইটো কথাত জোৰ দিছিল যে ইয়োব সম্ভৱত পোহৰ সৃষ্টিকৰণৰ বিষয়ে ইশ্বৰৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব কাৰণ জ'বৰ জন্ম কেইবা বছৰৰ লৈকে হোৱা নাছিল।
>আপোনাৰ ওচৰত ইতিমধ্যে আপুনি বিচৰা সকলো আছে! আপুনি ইতিমধ্যে ধনী! আপুনি ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছে—আৰু সেইটোও আমাৰ পৰা বেলেগ! (1 কৰিন্থীয়া 4:8 ULT)
কৰিন্থীয়া লোকসকলে নিজকে বহুত জ্ঞানী, আত্মনিৰ্ভৰশীল বুলি ভাবিছিল আৰু পাঁচনি পৌলৰ পৰা কোনো নিৰ্দেশনাৱলীৰ প্ৰয়োজন হোৱা নাই বুলি কৈছিল। পলে বিদ্ৰুপ ব্যৱহাৰ কৰিলে, যেনেকৈ তেওঁ সিহঁতৰ সৈতে একমত হ'ল, এইটো দেখুৱাবলৈ যে সিহঁতে গৌৰৱভাৱে কেনেকৈ অভিনয় কৰিছিল আৰু প্ৰকৃততে সিহঁত কিমান বুদ্ধিমান আছিল।
### অনুবাদ কৌশল
যদি আপোনাৰ ভাষাত বিদ্ৰুপ ভালদৰে বুজি পায়, তেন্তে ইয়াক যেনেকৈ কোৱা হৈছে তেনেকৈ অনুবাদ কৰক। যদি নহয়, তেন্তে ইয়াত অন্য কিছু কৌশল আছে।
1. ইয়াক কোনোবাই কি বিশ্বাস কৰে সেইটো কোৱাটো দেখুওৱাৰ এটা উপায়ত অনুবাদ কৰক।
1. বিদ্ৰুপৰ বিবৃতিৰ প্ৰকৃত অভিপ্ৰেত অৰ্থটো অনুবাদ কৰক। বিদ্ৰুপৰ প্ৰকৃত অৰ্থটো হৈছে <u>নহয়</u> যিটো বক্তাই আক্ষৰীক শব্দত বিচাৰি পোৱা যায়, কিন্তু ইয়াৰ পৰিৱৰ্তে সঁচা অৰ্থটো বক্তাই শব্দৰ আক্ষৰীক অৰ্থৰ বিপৰীতত বিচাৰি পোৱা যায়।
### প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণ
1. ইয়াক কোনোবাই কি বিশ্বাস কৰে সেইটো কোৱাটো দেখুওৱাৰ এটা উপায়ত অনুবাদ কৰক।
* **<u>আপুনি ঈশ্বৰৰ আদেশটো কেনেকৈ অস্বীকাৰ কৰিব</u> যেনেকৈ আপুনি আপোনাৰ পৰম্পৰা বজাই ৰাখিব পাৰে!** (মাৰ্ক 7:9 ULT)
* <u>আপুনি ভাবিছে যে আপুনি ঈশ্বৰৰ আদেশ নাকচ কৰাত আপুনি ভাল কাম কৰিছে</u> সেয়েহে আপুনি আপোনাৰ পৰম্পৰা বজাই ৰাখিব পাৰে!
* <u>আপুনি এইদৰে কাম কৰে যে ঈশ্বৰৰ আদেশ নাকচ কৰাটো ভাল</u> সেয়েহে আপুনি আপোনাৰ পৰম্পৰা বজাই ৰাখিব পাৰে!
* **মই অনুতাপ কৰিবলৈ <u>ধাৰ্মিক লোকসকলক</u> মতা নাই, অনুতাপ কৰিবলৈ পাপ কৰা লোকসকলকহে মাতিছো।** (লুক 5:32 ULT)
* মই সেই লোকসকলক অনুতাপ কৰিবলৈ মতা নাই <u>যিসকলে ভাবে যে সিহঁত ধাৰ্মিক</u>, কিন্তু অনুতাপ কৰিবলৈ পাপ কৰা লোকসকলকহে মাতিছো।
1. বিদ্ৰুপৰ বিবৃতিৰ প্ৰকৃত অভিপ্ৰেত অৰ্থটো অনুবাদ কৰক।
* **আপুনি ঈশ্বৰৰ আদেশটো কেনেকৈ অস্বীকাৰ কৰিব</u> যেনেকৈ আপুনি আপোনাৰ পৰম্পৰা বজাই ৰাখিব পাৰে!** (মাৰ্ক 7:9 ULT)
* যেনেকৈ আপুনি আপোনাৰ পৰম্পৰাটো বজাই ৰাকিব পাৰে<u> তেনেকৈ আপুনি ইশ্বৰৰ আদেশ নাকচ কৰাটো বহুত বেয়া কাম কৰি আছে!
* **"আপোনাৰ বিষয়টো উপস্থাপন কৰক," প্ৰভুৱে কয়; "আপোনাৰ মূৰ্তিসমূহৰ বাবে আপোনাৰ শ্ৰেষ্ট যুক্তি উপস্থাপন কৰক," যাকোবক ৰজাই কয়। <u>"সিহঁতক নিজৰ যুক্তি আনিবলৈ দিয়ক; সিহঁতক আগলৈ আহিবলৈ দিয়ক আৰু কি হ'ব আমাক ঘোষণা কৰিবলৈ দিয়ক, যাতে আমি এই বস্তুবিলাকৰ বিষয়ে ভালদৰে জানিব পাৰো। <u>সিহঁতৰ পূৰ্বৰ ভৱিষ্যদ্বাণী ঘোষণাৰ বিষয়ে আমাক কওক যাতে আমি সেইবিলাকক প্ৰতিফলিত কৰিব পাৰো আৰু সেইবিলাক কেনেকৈ পূৰ্ণ কৰা হৈছিল জানিব পাৰো</u>।** (যিচয়া 41:21-22 ULT)
* "আপোনাৰ বিষয়টো উপস্থাপন কৰক," যিহোৱাই কয়; "আপোনাৰ মূৰ্তিসমূহৰ বাবে আপোনাৰ শ্ৰেষ্ট যুক্তি উপস্থাপন কৰক," যাকোবক ৰজাই কয়। আপোনাৰ মূৰ্তিসমূহে <u>"সিহঁতক নিজৰ যুক্তি আনিব নোৱাৰে বা আগলৈ আহিবলৈ নোৱাৰে আৰু কি হ'ব আমাক ঘোষণা কৰিবলৈ নোৱাৰে, সেয়েহে আমি এই বস্তুবিলাকৰ বিষয়ে ভালদৰে জানিব পাৰো। আমি সিহঁতক শুনিব নোৱাৰো কাৰণ <u>সিহঁতৰ পূৰ্বৰ ভৱিষ্যদ্বাণী ঘোষণাৰ বিষয়ে আমাক ক'বলৈ নোৱাৰে, সেয়েহে আমি সেইবিলাকক প্ৰতিফলিত কৰিব পাৰো আৰু সেইবিলাক কেনেকৈ পূৰ্ণ কৰা হৈছিল জানিব পাৰো</u>
* **আপুনি তেওঁলোকৰ কামৰ স্থানত পোহৰ আৰু অন্ধকাৰ আনিব পাৰিবনে?**
**আপুনি সিহঁতৰ বাবে পুনঃ ঘৰ ঘূৰি যোৱাৰ পথটো বিচাৰিব পাৰিবনে?**
**<u>নিঃসন্দেহ আপুনি জানে, কাৰণ আপুনি তেতিয়া জন্ম হৈছিল;</u>**
**<u>আপোনাৰ দিন বহুত দীঘল!</u>"** (ইয়োব 38:20, 21 ULT)
* আপুনি তেওঁলোকৰ কামৰ স্থানত পোহৰ আৰু অন্ধকাৰ আনিব পাৰিবনে? আপুনি সিহঁতৰ বাবে পুনঃ ঘৰ ঘূৰি যোৱাৰ পথটো বিচাৰিব পাৰিবনে? <u>আপুনি জনাৰ দৰে কৰিছে যে পোহৰ আৰু অন্ধকাৰ কেনেকৈ সৃষ্টি হৈছিল, যেনেকৈ আপুনি তাত আছিল; যেনেকৈ তেতিয়াৰ পৰা সৃষ্টিকৰণ হিচাপে আছে, কিন্তু আপুনি নাই</u>!