as_ta/translate/figs-exclamations/01.md

11 KiB

বিৱৰণ

বিস্ময়বোধক হৈছে শব্দ অথবা বাক্য যিবিলাকে অতিমাত্ৰ বিস্ময়, আনন্দ, ভয় অথবা খংৰ ভাৱ প্ৰকাশ কৰে। ULT আৰু UST, এইবিলাকত সাধাৰণতে এটা বিস্ময়বোধক চিহ্ন (!) থাকে। এই চিহ্নটোৱে এইটো বুজায় যে ই এটা বিস্ময়বোধক। মানুহে যি কয় তাৰ পৰিস্থিতি আৰু অৰ্থটোৱে তেওঁলোকে কি মনৰ ভাৱ ব্যক্ত কৰিছে তাক বুজাত সহায় কৰে। তলত দিয়া উদাহৰণ যিটো মথি 8ত আছে, বক্তাসকলে বহুত ভয় খাইছিল। মথি 9ত থকা উদাহৰণটোত বক্তাসকল বিস্মৃত হৈছিল, কিয়নো তেওঁলোকে আগতে কেতিয়াও নেদেখা ঘটনা এটা হৈছিল।

আমাক ৰক্ষা কৰা প্ৰভু; আমি মৰিবলৈ লৈছোঁ! (মথি8:25 )

যেতিয়া ভুতটো বাহিৰলৈ খেদাই পঠোৱা হ’ল, বোবা মানুহজনে কথা ক’লে। মানুহবিলাকে বিস্ময় হৈ ক’লে, “ইস্ৰায়েলত আগতে এনে হোৱা কেতিয়াও দেখা যোৱা নাছিল!” (মথি 9:33 ULT)

এইটো অনুবাদৰ এটা সমস্যা হোৱাৰ কাৰণ

এটা বাক্যই যে শক্তিশালী মনোভাৱ ব্যক্ত কৰে তাৰ বাবে ভাষাবিলাকৰ বিভিন্ন কৌশল আছে।

বাইবেলৰ পৰা উদাহৰণ

কিছুমান বিস্ময়বোধকত এটা শব্দ থাকে যিটোৱে মনোভাৱ প্ৰদৰ্শন কৰে। তলত দিয়া বাক্যকেইটা “অ’” আৰু “আহ” আছে। “অ’” শব্দটোৱে বক্তাৰ বিস্ময় প্ৰকাশ কৰে।

অ’, সম্পদৰ গভীৰতা জ্ঞান আৰু ভগৱানৰ বিষয়ে থকা জ্ঞান দুয়োটাৰে! (ৰোমীয়া 11:33 ULT)

“হে” শব্দটোৱে এইটো বুজায় যে গিদিয়নে অতিকৈ ভয়ভীত হৈছিল।

গিদিয়নে বুজি পালে যে এইজন যিহোৱাৰ দেৱদূত আছিল। গিদিয়নে ক’লে, "হে, প্ৰভু যিহোৱা! কিয়নো মই যিহোৱাৰ দেৱদূত জনক মুখামুখিকৈ দেখিলোঁ!” (বিচাৰকৰ্তাবিলাক 6:22 ULT)

কিছুমান বিস্ময়বোধক প্ৰশ্নবোধক শব্দৰে আৰম্ভ হয়, যেনে “কেনেকুৱা” অথবা “কিয়”, যদিও সেইবিলাক প্ৰশ্ন নহয়। তলত দিয়া বাক্যশাৰীয়ে এইটো দেখুৱায় যে বক্তাজনে ভগৱানৰ নিৰ্ণয়বিলাক কিমা সন্ধানহীন তাক লৈ বিস্ময় প্ৰকাশ কৰিছে।

কেনেকুৱা সন্ধানহীন তেওঁৰ নিৰ্ণয়বিলাক, আৰু তেওঁৰ উপায়বিলাক সন্ধান কৰাৰ সিপাৰে! (ৰোমীয়া 11:33 ULT)

বাইবেলেত থকা কিছুমান বিস্ময়বোধকৰ এটা মূল ক্ৰিয়া নাথাকে। তলত দিয়া বিস্ময়বোধকটোৱে এইটো বুজাইছে যে বক্তাজনে কথা পাতি থকা মানুহজনক কিমান ঘৃণা কৰে।

আপুনি মূল্যহীন ব্যক্তি! (মথি 5:22 ULT)

অনুবাদৰ কৌশল

  1. যদি আপোনাৰ ভাষাত বিস্ময়বোধক এটা ক্ৰিয়াৰ প্ৰয়োজন হয়, তেনেহলে এটা যোগ কৰক। সাধাৰণতে এটা ভাল ক্ৰিয়া হৈছে “হয়”।
  2. আপোনাৰ ভাষাৰ পৰা এটা বিস্ময়বোধক শব্দ ব্যৱহাৰ কৰক যিটোৱে এটা শক্তিশালী মনোভাৱ ব্যক্ত কৰে।
  3. সেই বিস্ময়বোধক শব্দটো এনে এটা বাক্যৰ লগত ব্যৱহাৰ কৰক যিটোৱে মনোভাৱটো ব্যক্ত কৰে।
  4. এনে এটা শব্দ ব্যৱহাৰ কৰক যিটোৱে সেই বাক্যাংশটো শক্তিশালী কৰি তুলে আৰু মনোভাৱ ব্যক্ত কৰে।
  5. যদি মনোভাৱটো লক্ষ্য ভাষাত ইমান শক্তিশালী নহয়, তেনেহলে মানুহজনে কেনে অনুভৱ কৰিলে তাকে কওক।

ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ

  1. যদি আপোনাৰ ভাষাত বিস্ময়বোধক এটা ক্ৰিয়াৰ প্ৰয়োজন হয়, তেনেহলে এটা যোগ কৰক। সাধাৰণতে এটা ভাল ক্ৰিয়া হৈছে “আছে”।
  • আপুনি মূল্যহীন ব্যক্তি! (মথি 5:22 ULT)
    • "আপুনিযে ইমান মূল্যহীন ব্যক্তি হয়!
  • অ’, জ্ঞান আৰু ঈশ্বৰৰ বিষয়ে থকা জ্ঞান উভয়ৰে ধনৰ গভীৰতা! (ৰোমীয়া 11:33 ULT)
  • অ’, জ্ঞান আৰু ঈশ্বৰৰ বিষয়ে থকা জ্ঞান উভয়ৰে ধনৰ গভীৰতা হয়! (ৰোমীয়া 11:33 ULT)
  1. আপোনাৰ ভাষাৰ পৰা এটা বিস্ময়বোধক শব্দ ব্যৱহাৰ কৰক যিটোৱে এটা শক্তিশালী মনোভাৱ ব্যক্ত কৰে। তলত দিয়া “বাহ্‌” শব্দটোৱে এইটো বুজায় যে তেওঁলোক বিস্মৃত হ’ল। “অহ নহয়” উক্তিটোৱে কিবা নহ’ব লগা অথবা ভয়লগা যে হ’ল তাৰ বিষয়ে ব্যক্ত কৰে।
  • তেওঁলোক সম্পূৰ্ণৰুপে বিস্মৃত হ’ল, কৈ আছিল, "তেওঁ সকলো ভাল কৰিছে। তেওঁ কলা সকলক শুনিব পৰা আৰু বোবা সকলক কথা ক’ব পৰা কৰে।" (মাৰ্ক 7:36 ULT)
  • " তেওঁলোক সম্পূৰ্ণৰুপে বিস্মৃত হৈ, কৈছে, বাহ্‌! তেওঁ সকলো ভাল কৰিছে। তেওঁ কলা সকলক শুনিব পৰা আৰু বোবা সকলক কথা ক’ব পৰা কৰিলে।"
  • হে প্ৰভু যিহোৱা! কিয়নো মই যিহোৱাৰ দেৱদূতক মুখামুখিকৈ দেখিলোঁ!” (বিচাৰৰ্তা 6:22 ULT)
  • "_অহ নহয় _, প্ৰভু যিহোৱা! মই যিহোৱাৰ দূতক মুখামুখিকৈ দেখিলোঁ!
  1. সেই বিস্ময়বোধক শব্দটো এনে এটা বাক্যৰ লগত ব্যৱহাৰ কৰক যিটোৱে মনোভাৱটো ব্যক্ত কৰে।
  • অহ, প্ৰভু যিহোৱা! কিয়নো মই যিহোৱাৰ দূতক মুখামুখিকৈ দেখিলোঁ!” (বিচাৰকৰ্তা 6:22 ULT)
  • প্ৰভু যিহোৱা, এতিয়া মোৰ কি হ’ব? কিয়নো মই যিহোৱাৰ দূতক মুখামুখিকৈ দেখিলোঁ!
  • প্ৰভু যিহোৱা , সহায় কৰক! কিয়নো মই যিহোৱাৰ দূতক মুখামুখিকৈ দেখিলোঁ!
  1. এনে এটা শব্দ ব্যৱহাৰ কৰৰ যিটোৱে সেই বাক্যাংশটো শক্তীশালী কৰে যিটোৱে মনোভাৱটো ব্যক্ত কৰে।
  • কেনেকুৱা সন্ধানহীন তেওঁৰ নিৰ্ণয়বিলাক, আৰু তেওঁৰ উপায়বিলাক আবিষ্কাৰৰ বাহিৰত! (ৰোমীয়া 11:33 ULT)
    • "তেওঁৰ নিৰ্ণয়বিলাক ইমান সন্ধানহীন আৰু তেওঁৰ উপায়বিলাক আবিষ্কাৰ কৰাৰ পৰা বহু দূৰত!”
  1. যদি শক্তিশালী মনোভাৱটো লক্ষ্য ভাষাত ইমান স্পষ্ট নহয়, তেনেহলে মানুহজন কেনে অনুভৱ কৰিছে তাকে কওক।
  • গিদিয়নে বুজি পালে যে, এই জন যিহোৱাৰ দেৱদূত আছিল। গিদিয়নে ক’লে, "হে, প্ৰভু যিহোৱা! কিয়নো মই যিহোৱাৰ দেৱদূতক মুখামুখিকৈ দেখিলোঁ!” (বিচাৰকৰ্তাবিলাক 6:22 ULT)
    • "গিদিয়নে বুজি পালে যে, এইজন যিহোৱাৰ দেৱদূত আছিল। তেওঁ ভয়ভীত হল আৰু ক’লে “হে, প্ৰভু যিহোৱা! কিয়নো মই যিহোৱাৰ দেৱদূতক মুখামুখিকৈ দেখিলোঁ!” (বিচাৰকৰ্তাবিলাাক 6:22 ULT)