as_ta/translate/figs-events/01.md

50 lines
12 KiB
Markdown

### বিৱৰণ
বাইবেলত ঘটনাসমূহ ঘটাৰ ক্ৰম অনুসাৰে সদায় কোৱা নহয়। কেতিয়াবা লেখকজনে এইমাত্ৰ আলোচনা কৰা কথাটোৰ কিছুসময় আগতে হোৱা ঘটনা এটাৰ বিষয়ে ক’ব বিচাৰিব পাৰে। ই পঢ়ুৱৈ সকলক ভ্ৰমিত কৰিব পাৰে।
**এইটো অনুবাদৰ এটা সমস্যা হোৱাৰ কাৰণ:**পঢ়ুৱৈসকলে এইটো ভাবিব পাৰে যে ঘটনাবিলাক কোৱাৰ ক্ৰমত ঘটে। ই তেওঁলোকে যাতে ঘটনাৰ আচল ক্ৰমটো বুজি পায় তাৰ বাবে প্ৰয়োজনীয়।
### বাইবেলৰ পৰা উদাহৰণ
> কিন্তু তেতিয়া হেৰুদে ... যোহনক কাৰাগাৰত বন্দী কৰাই থ’লে। এতিয়া এইটো কথা পোহৰলৈ আহিল যে যেতিয়া যোহনে সকলো মানুহকে বাপ্তিস্ম দিছিল, তেতিয়া যীচুকো তেওঁ বাপ্তিস্ম দিছিল। (লুক 3:20-21 ULT)
এইটো শুনাত এনে লাগিব পাৰে যে জনে কাৰাগাৰত বন্দী হোৱাৰ পাচত যীচুক বাপ্তিস্ম দিছিল, কিন্তু যোহনে যীচুক কাৰাগাৰত বধী হোৱাৰ আগতে বাপ্তিস্ম কৰিছিল।
> যিহোচুৱাই মানুহবিলাকক কোৱাৰ দৰেই, সাত জন পুৰোহিতে যিহোৱাই আগত সাতটা ভেড়াৰ শিংৰ পেঁপা কঢ়িয়াইছিল, তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকে পেঁপাবোৰ জোৰেৰে বজাই দিলে… কিন্তু যিহোচুৱা মানুহবিলাকক আদেশ দিলে, “চিঞৰ নামাৰিবা। মই কোৱা দিনটোলৈকে তোমালোকৰ মুখৰ পৰা এটা শব্দও বাহিৰ হ’ব নোৱাৰিব। তেতিয়াহে তোমালোকে চিঞৰিবা।“ (যিহোচুৱা 6:8-10 ULT)
এইটো শুনাত এনে লাগে যে যিহোচুৱা সেনাবাহিনী খোজ দিয়া আৰম্ভ কৰাৰ পাচতেই নিচিঞৰিবলৈ আদেশ দিলে, কিন্তু তেওঁ আচলতে সেনাবাহিনীয়ে খোজ দিবলৈ আৰম্ভ কৰাৰ আগতেই আদেশটো দিছিলে।
>সূচীটো খুলি তাৰ মোহৰসমূহ ভাঙিবলৈ কোন যোগ্য? (প্ৰকাশিত বাক্য 5:2 ULT)
এইটো শুনাত এনে লাগে যেন মানুহ এজনে প্ৰথমে সূচিখন খুলি তাৰপাচত মোহৰসমূহ ভাঙিব লাগিব, কিন্তু সূচীখন বন্ধ কৰি ৰখা মোহৰসমূহ সূচী খোলাৰ আগতে ভাঙিব লাগিব।
### অনুবাদৰ কৌশল
1. যদি আপোনাৰ ভাষাই এটা ঘটনা যে উলেখ কৰা আনটোৰ আগতে হৈছিল সেইটো বুজাবৰ বাবে বাক্যাংশ অথবা সময়ৰ শব্দ ব্যৱহাৰ কৰে, তেন্তে তাৰে এটা ব্যৱহাৰ কৰিব পাৰে।
1. যদি আপোনাৰ ভাষাই এটা ঘটনা যে উলেখ কৰা আনটোৰ আগতে হৈছিল সেইটো বুজাবৰ বাবে ক্ৰিয়াৰ কাল অথবা ভাৱ ব্যৱহাৰ কৰে, তেন্তে তাৰে এটা ব্যৱহাৰ কৰিব পাৰে। (চাওক: [ক্ৰীয়া](../figs-verbs/01.md)ৰ ভাৱৰ বাবে থকা ভাগটো)
1. যদি আপোনাৰ ভাষাই ঘটনাএইটা ক্ৰমমতে বৰ্ণনা কৰাটো বেছি পচন্দ কৰে, তেন্তে ঘটনাবোৰৰ ক্ৰমবোৰ সলাব পাৰে যাতে সেইবোৰ ক্ৰমমতে থাকে। ইয়াৰ বাবে দুটা অথবা তাতোধিক পদ একেলগ কৰিব লগা হ’ব পাৰে। (যেনে 5-6)। (চাওক: [পদৰ সতু](../translate-versebridge/01.md))
### ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ
1. যদি আপোনাৰ ভাষাই এটা ঘটনা যে উলেখ কৰা আনটোৰ আগতে হৈছিল সেইটো বুজাবৰ বাবে বাক্যাংশ অথবা সময়ৰ শব্দ ব্যৱহাৰ কৰে, তেন্তে তাৰে এটা ব্যৱহাৰ কৰিব পাৰে।
* **<sup>20</sup> কিন্তু তেতিয়া হেৰডে ... যোহনক কাৰাগাৰত বন্দী কৰাই থ’লে। <sup>21</sup> এতিয়া এইটো কথা পোহৰলৈ আহিল যে যেতিয়া জনে সকলো মানুহকে বাপ্তিস্ম কৰি আছিল, তেতিয়া যীচুকো বাপ্তিস্ম কৰা হৈছিল।** (লুক 3:20-21 ULT)
* <sup>20</sup> কিন্তু তেতিয়া হেৰডে ... যোহনক কাৰাগাৰত বন্দী কৰাই থ’লে। <sup>21</sup> <u>যোহনক কাৰাগাৰত থোৱাৰ আগতে,</u> যেতিয়া জনে সকলো মানুহকে বাপ্তিস্ম কৰি আছিল, তেতিয়া যীচুকো বাপ্তিস্ম কৰা হৈছিল।
* সূচীটো খুলি তাৰ মোহৰসমূহ ভাঙিবলৈ কোন যোগ্য? (প্ৰকাশিত বাক্য 5:2 ULT)
সূচীটো তাৰ মোহৰসমূহ ভঙাৰ <u>পাচত</u> খুলিবলৈ কোন যোগ্য?
1. যদি আপোনাৰ ভাষাই এটা ঘটনা যে উলেখ কৰা আনটোৰ আগতে হৈছিল সেইটো বুজাবৰ বাবে ক্ৰিয়াৰ কাল অথবা ভাৱ ব্যৱহাৰ কৰে, তেন্তে তাৰে এটা ব্যৱহাৰ কৰিব পাৰে।
* **<sup>8</sup> যিহোচুৱা মানুহবিলাকক কোৱাৰ দৰেই, সাতযোহন পুৰোহিতে য়াৱেদাৰ আগত সাতটা ভেড়াৰ শিংৰ পেঁপা কঢ়িয়াইছিল, তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকে পেঁপাবোৰ জোৰেৰে বজাই দিলে…<sup>10</sup> কিন্তু যিহোচুৱা মানুহবিলাকক আদেশ দিলে, “চিঞৰ নামাৰিবা। মই কোৱা দিনটোলৈকে তোমালোকৰ মুখৰ পৰা এটা শব্দও বাহিৰ হ’ব নোৱাৰিব। তেতিয়াহে তোমালোকে চিঞৰিবা।“** যিহোচুৱা6:8-10 ULT)
* <sup>8</sup> যিহোচুৱা মানুহবিলাকক কোৱাৰ দৰেই, সাতযোহন পুৰোহিতে য়াৱেদাৰ আগত সাতটা ভেড়াৰ শিংৰ পেঁপা কঢ়িয়াইছিল, তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকে পেঁপাবোৰ জোৰেৰে বজাই দিলে…<sup>10</sup> কিন্তু যিহোচুৱা মানুহবিলাকক <u>আদেশ দিছিলে</u>, “চিঞৰ নামাৰিবা। মই কোৱা দিনটোলৈকে তোমালোকৰ মুখৰ পৰা এটা শব্দও বাহিৰ হ’ব নোৱাৰিব। তেতিয়াহে তোমালোকে চিঞৰিবা।
1. যদি আপোনাৰ ভাষাই ঘটনাএইটা ক্ৰমমতে বৰ্ণনা কৰাটো বেছি পচন্দ কৰে, তেন্তে ঘটনাবোৰৰ ক্ৰমবোৰ সলাব পাৰে যাতে সেইবোৰ ক্ৰমমতে থাকে। ইয়াৰ বাবে দুটা অথবা তাতোধিক চন্দ একেলগ কৰিব লগা হ’ব পাৰে। (যেনে 5-6)।
* **<sup>8</sup> যিহোচুৱা মানুহবিলাকক কোৱাৰ দৰেই, সাতযোহন পুৰোহিতে য়াৱেদাৰ আগত সাতটা ভেড়াৰ শিংৰ পেঁপা কঢ়িয়াইছিল, তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকে পেঁপাবোৰ জোৰেৰে বজাই দিলে…<sup>10</sup> কিন্তু যিহোচুৱা মানুহবিলাকক আদেশ দিলে, “চিঞৰ নামাৰিবা। মই কোৱা দিনটোলৈকে তোমালোকৰ মুখৰ পৰা এটা শব্দও বাহিৰ হ’ব নোৱাৰিব। তেতিয়াহে তোমালোকে চিঞৰিবা।“** যিহোচুৱা6:8-10 ULT)
* <sup>8-10</sup> যিহোচুৱা মানুহবিলাকক আদেশ দিলে, “চিঞৰ নামাৰিবা। মই কোৱা দিনটোলৈকে তোমালোকৰ মুখৰ পৰা এটা শব্দও বাহিৰ হ’ব নোৱাৰিব। তেতিয়াহে তোমালোকে চিঞৰিবা। “তাৰপাচত যিহোচুৱা মানুহবিলাকক কোৱাৰ দৰেই, সাতযোহন পুৰোহিতে য়াৱেদাৰ আগত সাতটা ভেড়াৰ শিংৰ পেঁপা কঢ়িয়াইছিল, তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকে পেঁপাবোৰ জোৰেৰে বজাই দিলে…
* **সূচীখন খুলিবলৈ আৰু তাৰ মোহৰসমূহ ভাঙিবলৈ কোন যোগ্য?** (প্ৰকাশিত বাক্য 5:2 ULT)
* মোহৰসমূহ ভাঙি সূচীখন খুলিবলৈ কোন যোগ্য?
আপুনি ত থকা ভিডিঅ’টো চাবলৈ বিচাৰিব পাৰে।