as_ta/translate/figs-euphemism/01.md

46 lines
6.1 KiB
Markdown
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

### বিৱৰণ
এটা ব্যঞ্জনা হৈছে কোনো দুখলগা, লজ্জাজনক, অথবা সামাজিকভাৱে অগ্ৰহণীয় বস্তু যেনে কাৰোবাৰ মৃত্যু অথবা ব্যক্তিগতভাৱে কৰা কাৰ্যৰ কথা উল্লেখ কৰাৰ এটা নৰম অথবা নম্ৰ উপায়।
### সংজ্ঞা
>... তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰকেইজনক গিলব’ৱা পৰ্বতত <u>পৰি থকা</u> পালে। (1 বংশাৱলী 10:8 ULT)
ইয়াৰ অৰ্থ হৈছে চৌল আৰু তেওঁৰ পুত্ৰকেইজনৰ “মৃত্যু” হ’ল। এইটো এটা ব্যঞ্জনা কিয়নো গুৰুত্বপূৰ্ণ কথা এইটো নহয় যে চৌল আৰু তেওঁৰ পুত্ৰকেইজন পৰি আছিল কিন্তু এইটো যে তেওঁলোকৰ মৃত্যু হ’ল। কেতিয়াবা মানুহে মৃত্যুৰ কথা পোনপটীয়াকৈ নকয় নিয়নো এইটো এটা দুখলগা পৰিস্থিতি।
### এইটো অনুবাদৰ এটা সমস্যা হোৱাৰ কাৰণ
বিভিন্ন ভাষাই বিভিন্ন ব্যঞ্জনা ব্যৱহাৰ কৰে। যদি লক্ষ্য কৰা ভাষাটোৱে শ্ৰৌত ভাষাৰ দৰে একেই ব্যঞ্জনা ব্যৱহাৰ নকৰে, পঢ়ুৱৈসকলে তাৰ অৰ্থ নুবুজিব পাৰে আৰু তেওঁলোকে ভাবিব পাৰে যে লেখকে শব্দৰ অৰ্থটোহে বুজাইছে।
### বাইবেলৰ পৰা উদাহৰণ
>... য’ত এটা গুহা আছিল। চৌল তাৰ ভিতৰলৈ নিজকে অলপ আৰাম দিবলৈ গ’ল ... (1 চমূৱেল 24:3 ULT)
আচল শুনোতাসকলে এইটো বুজিলেহেতেঁন যে চৌল গুহাটোক প্ৰস্ৰাৱগাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ তাৰ ভিতৰলৈ গৈছিল, কিন্তু লেখকে তেওঁলোকক অপমান অথবা বিচলিত কৰিব বিচৰা নাছিল, সেইবাবে চৌলে কি কৰিলে অথবা গুহাটোৰ ভিতৰত কি এৰিলে সেইটো **তেওঁ বিশিষ্টভাৱে উল্লেখ কৰা নাছিল**
> মৰিয়মে স্বৰ্গদূতক ক’লে, “এইটো কেনেকৈ সম্ভৱ হ’ব, কিয়নো মই কোনো পুৰুষৰ লগত শয়ন কৰা নাই?” (লুক 1:34 ULT)
**নম্ৰ হ’বৰ বাবে**, মেৰিয়ে যে কোনো পুৰুষৰ লগত সহবাস কৰা নাই সেইটো ক’বলৈ এটা ব্যঞ্জনা ব্যৱহাৰ কৰিছে।
### অনুবাদৰ কৌশল
যদি আপোনাৰ ভাষাত ব্যঞ্জনা প্ৰাকৃতিক হয় আৰু সঠিক অৰ্থ প্ৰদান কৰে, তেন্তে তাক ব্যৱহাৰ কৰিব পাৰে। যদি নহয়, তেন্তে অন্য বিকল্পটো হৈছে:
1. আপোনাৰ নিজৰ সংস্কৃতি পৰা এটা ব্যঞ্জনা ব্যৱহাৰ কৰক।
1. কোনো ব্যঞ্জনা নোহোৱাকৈ তথ্যখিনি সৰলভাৱে ব্যক্ত কৰক যদিহে ই অপমানজনক নহয়।
### ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ
1. আপোনাৰ নিজৰ সংস্কৃতি পৰা এটা ব্যঞ্জনা ব্যৱহাৰ কৰক।
* ... য’ত এটা গুহা আছিল। চৌল তাৰ ভিতৰলৈ <u>নিজকে অলপ আৰাম দিবলৈ</u> গ’ল ... (1 চমূৱেল 24:3 ULT) - কিছুমান ভাষাই তলত দিয়াৰ দৰে ব্যঞ্জনা ব্যৱহাৰ কৰিব পাৰে:
* "... য’ত এটা গুহা আছিল। চৌল তাৰ ভিতৰলৈ <u>এটা গাঁত খান্দিবলৈ</u> গ’ল”
* "... য’ত এটা গুহা আছিল। চৌল তাৰ ভিতৰলৈ <u>অলপ সময় অকলশৰীয়াকৈ কটাবলৈ</u> গ’ল”
* **মেৰিয়ে দেৱদূতজনক ক’লে, “এইটো কেনেকৈ সম্ভৱ হ’ব, কিয়নো মই <u>কোনো পুৰুষৰ লগত শোৱা</u> নাই?”** (লুক 1:34 ULT)
* মেৰিয়ে দেৱদূতজনক ক’লে, “এইটো কেনেকৈ সম্ভৱ হ’ব, কিয়নো <u>মই কোনো পুৰুষক চিনি নাপাওঁ</u>? (এইটো আচল গ্ৰীকত ব্যৱহাৰ কৰা ব্যঞ্জনা)
1. কোনো ব্যঞ্জনা নোহোৱাকৈ তথ্যখিনি সৰলভাৱে ব্যক্ত কৰক যদিহে ই অপমানজনক নহয়।
* তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰকেইজনক গিলব’ৱা পৰ্বতত <u>পৰি থকা</u> পালে। (1 বংশাৱলী 10:8 ULT)
* " তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰকেইজনক মাউণত গিলব’ৱাত <u>মৃত</u> পালে।“