as_ta/translate/figs-ellipsis/01.md

39 lines
6.6 KiB
Markdown

### বিৱৰণ
ঊহ্য শব্দ হৈছে সেইটো অৱস্থা য’ত বক্তা অথবা লেখকজনে এতা বাক্যৰ পৰা এটা অথবা তাতোধিক শব্দ এৰি দিয়ে কিয়নো তেওঁ জানে যে শুনোতাজনে অথবা পঢ়োতাজনে বাক্যটোৰ অৰ্থ বুজি পাব আৰু মনতে শব্দকেইটা যিকেইটা তেওঁ তাত থকা শব্দকেইটা পঢ়ে অথবা শুনে। এৰি দিয়া তথ্যখিনি আগতে উল্লেখ কৰা বাক্য অথবা বাক্যাংশত আগৰে পৰা উল্লেখ কৰা আছে।
>... দুষ্টলোকে বিচাৰত থিয় হ’ব নোৱাৰে, পাপীলোকে ধাৰ্মিকতাৰ মণ্ডলীত থিয় হ’ব নোৱাৰে।(গীতমালা 1:5)
এইটো ঊহ্য শব্দ কিয়নো “পাপীলোকে ধাৰ্মিকতাৰ মণ্ডলীত” এটা সম্পূৰ্ণ বাক্য নহয়। বক্তাজনে এই কথাটো মনতে ধৰি লয় যে শুনোতাজনে পাপীলোকে ধাৰ্মিকতাৰ মণ্ডলীত থিয় হ’ব নোৱাৰিব বুলি বুজি লয় তাৰ আগৰ বাক্যাংশৰ কাৰ্যৰ পৰা।
### এইটো অনুবাদৰ এটা সমস্যা হোৱাৰ কাৰণ
যিসকলে পঢ়োতাই অসম্পূৰ্ণ বাক্য অথবা বাক্যাংশ দেখে আৰু যদি তেওঁলোকৰ ভাষাত ঊহ্য শব্দৰ ব্যৱহাৰ নহয় তেন্তে তাত হেৰাই থকা তথ্যখিনি কি আছিল তাৰ বিষয়ে নাজানিবও পাৰে।
### বাইবেলৰ পৰা উদাহৰণ
> ... যেতিয়া অন্ধ মানুহজন ওচৰত আছিল, যূচিৱে তেওঁক সুধিলে, "মই তোমাৰ বাবে কি কৰাটি বিচাৰা?" তেওঁ ক’লে, "ভগৱান, <u>মই যাতে মোৰ দৃষ্টিশক্তি পাওঁ </u>।" (লুক 18:40-41 ULT)
মানুহজনে এতা সম্পূৰ্ণ বাক্যৰে উত্তৰ দিলে কিয়নো তেওঁ নম্ৰ হ’ব বিচাৰিছিল আৰু যীচুক পোনপটীয়াকৈ নিৰাময় কৰিবৰ বাবে ক’ব বিচৰা নাছিল। তেওঁ জানিছিল যে যীচুৱে এইটো বুজিব যে তেওঁ নিজৰ দৃষতি ঘুৰাই পাবৰ বাবে থকা একমাত্ৰ উপায়টো হৈছে যীচুৱে তেওঁক আৰোগ্য কৰা।
>তেওঁ লেবাননক এটা সৰু গৰু পোৱালিৰ দৰে <u> আৰু চিৰিয়নক এটা ডেকা বলধৰ দৰে</u> জপিওৱায়। (গীতমালা 29:6 ULT)
লেখককনে নিজৰ শব্দ কম হোৱা আৰু ভাল কবিতা নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে। তেওঁ এইটো কোৱা নায় যে যিহোৱাই চিৰিয়নক এটা ডেকা বলধৰ দৰে জপিওৱালে কিয়নো তেওঁ জানে যে তেওঁ পঢ়ুৱৈসকলে এই তথ্যখিনি নিজেই পুৰাই ল’ব পাৰিব।
### অনুবাদৰ কৌশল
যদি আপোনাৰ ভাষাত ঊহ্য শব্দ প্ৰাকৃতিক হয় আৰু সঠিক অৰ্থ প্ৰদান কৰে, তেন্তে তাক ব্যৱহাৰ কৰিব পাৰে। যদি নহয়, তেন্তে অন্য বিকল্পটো হৈছে:
1. অসম্পূৰ্ণ বাক্য অথবা বাক্যাংশটো পূৰ্ণ কৰিবলৈ হেৰাই যোৱা শব্দসমূহ যোগ কৰক।
### ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ
1. অসম্পূৰ্ণ বাক্য অথবা বাক্যাংশটো পূৰ্ণ কৰিবলৈ হেৰাই যোৱা শব্দসমূহ যোগ কৰক।
* ... দুষ্টলোকে বিচাৰত থিয় হ’ব নোৱাৰে, পাপীলোকে ধাৰ্মিকতাৰ মণ্ডলীত থিয় হ’ব নোৱাৰে। (গীতমালা 1:5)
* ... দুষ্টলোকে বিচাৰত থিয় হ’ব নোৱাৰে, আৰু<u>পাপীলোকে ধাৰ্মিকতাৰ মণ্ডলীত</u> থিয় হ’ব নোৱাৰে।
* ... যেতিয়া অন্ধ মানুহজন ওচৰত আছিল, যূচিৱে তেওঁক সুধিলে, "মই তোমাৰ বাবে কি কৰাটি বিচাৰা?" তেওঁ ক’লে, "ভগৱান, <u>মই যাতে মোৰ দৃষ্টিশক্তি পাওঁ </u>।"(লুক 18:40-41 ULT)
* ... যেতিয়া অন্ধ মানুহজন ওচৰত আছিল, যূচিৱে তেওঁক সুধিলে, "মই তোমাৰ বাবে কি কৰাটি বিচাৰা?" তেওঁ ক’লে, "প্ৰভু, <u>তুমি মোৰা আৰোগ্য কৰাটো বিচাৰোঁ</u>যাতে মই মোৰ দৃষ্টিশক্তি পাওঁ।“
* তেওঁ লেবাননক এটা সৰু গৰু পোৱালিৰ দৰে <u> আৰু চিৰিয়নক এটা ডেকা বলধৰ দৰে</u> জপিওৱায়। (গীতমালা 29:6 ULT)
* তেওঁ লেবাননক এটা সৰু গৰু পোৱালিৰ দৰে জপিওৱায় আৰু <u>তেওঁ </u> চিৰিয়নক এটা ডেকা বলধৰ দৰে <u>জপিওৱায়</u>