as_ta/translate/bita-farming/01.md

10 KiB

তলত বাইবেলৰ কিছুমান চিত্ৰ, য’ত কৃষিকাৰ্য্য জড়িত আছে, বৰ্ণমালা অনুসৰি তালিকাগত কৰা হৈছে। ডাঙৰ আখৰেৰে লিখা শব্দসমূহে এটা ধাৰণা প্ৰদান কৰিব। ছবি থকা প্ৰতিটো ভাৰ্চতে শব্দটো নাথাকিবও পাৰে, কিন্তু শব্দটোৱে প্ৰতিনিধিত্ব কৰা ধাৰণাটো থাকিব।

এজন খেতিয়ক-য়ে ঈশ্বৰক প্ৰতিনিধিত্ব কৰে, আৰু আঙুৰৰ বাগিছায়ে তেওঁৰ দ্বাৰা নিৰ্বাচিত লোক

মোৰ অতি প্ৰিয়জনৰ এক উৰ্বৰ পাহাৰত এক আঙুৰৰ বাগিছা আছে। তেওঁ সেইয়া খান্দিলে আৰু পাথৰবোৰ আঁতৰালে, আৰু তাক পছন্দৰ আঙুৰেৰে ৰুলে। তাৰ মাজত তেওঁ এটা টাৱাৰ নিৰ্মান কৰিলে, আৰু আঙুৰৰ ৰস চেপা যন্ত্ৰ এটাও বনালে। তেওঁ তাৰ পৰা আঙুৰ উত্পাদন হোৱালৈ ৰৈ আছিলে, কিন্তু ই বনৰীয়া আঙুৰহে উৎপাদন কৰিলে। (যিচয়া 5:1-2)

<খণ্ডউদ্ধিতি> স্বৰ্গৰাজ্য এক জমিদাৰৰ দৰে হয় যি ৰাতিপুৱা সোনকালে তেওঁৰ আঙুৰৰ বাগিছাত কাম কৰিবৰ বাবে কৰ্মী আনিবলৈ যায়। (মথি 20:1 ULT)</খণ্ডউদ্ধিতি>

এজন মানুহ আছিল, এক বিস্তাৰিত মাটিৰ গৰাকী। তেওঁ এখন আঙুৰৰ বাগিছা ৰূপন কৰিলে, ইয়াৰ বিষয়ে এক বেৰ দিলে, এটা আঙুৰৰ ৰস চেপা যন্ত্ৰ পুতিলে, পহৰা দিবলৈ এটা ওখ ঘৰ সাজিলে, আৰু ইয়াক আঙুৰ উত্পাদকসকলক ভাড়ালৈ দিলে। আৰু তাৰ পিছত তেওঁ অন্য এখন দেশলৈ গ’ল। (মথি 21:33 ULT)

পথাৰ-য়ে মানুহৰ অন্তৰক (আন্তৰিক অস্তিত্ব) প্ৰতিনিধিত্ব কৰে

যিহোৱা এই কথা জুডাহ আৰু জেৰুচালেমৰ প্ৰতিজন লোকক কৈছে: ‘তোমাৰ নিজৰ পথাৰখনত হাল চলোৱা, আৰু কাঁইটৰ মাজত নিসিঁচিবা।(যিৰিমিয়া 4:3 ULT)

<খণ্ডউদ্ধিতি> যেতিয়াসকলোৱে ৰাজ্যৰ কথাসমূহ শুনে কিন্তু তাক বুজি নাপায়……. এইয়া হ’ল ৰাস্তাৰ কাষত সিঁচা বীজ। পাথৰুৱা মাটিত সিঁচা হৈছে সেইয়া যি কথা শুনে আৰু ল’গে লগে আনন্দৰে তাক তুলি লয়….. কাঁইটীয়া গছৰ মাজত যি ৰোৱা হৈছিল সেইয়া হ’লে, এই মানুহজন যি কথাবোৰ শুনে, কিন্তু সংসাৰৰ বাবে চিন্তা কৰে আৰু ধনীসকলৰ প্ৰতাৰণাই কথাসমূহ প্ৰহাৰ কৰে…..ভাল মাটিত যি সিঁচা হৈছিল সেইয়া হ’ল, এই মানুহজন যি কথাবোৰ শুনে আৰু তাক বুজি পায়। (মথি 13:19-23 ULT)</খণ্ডউদ্ধিতিe>

আপোনাৰ হাল নোবোৱা পথাৰ ভাঙক, কাৰণ এইযা য়াহৱেহক বিচৰা সময়.... (হোচেয়া 10:12 ULT)

সিঁচাই কাম বা মনোভাৱক প্ৰতিনিধিত্ব কৰে আৰু শস্য কটাই বিচাৰ বা পুৰস্কাৰ

মই যি দেখিছো তাৰ আধাৰত, যি পাপ খান্দে আৰু বিপদ সিঁচে যি একেই শস্য কাটে। (ইয়োব 4:8 ULT)

প্ৰতাৰণা নকৰিবা। ঈশ্বৰৰ ধেমালী নহয়। এজন মানুহে যি ৰুৱে, সেইয়াই তেওঁ শস্য পাব। যি নিজৰ পাপপূৰ্ণ স্বভাৱৰ বীজ সিঁচে তেওঁ ধ্বংসৰ শস্যই পাব, কিন্তু যি আত্মাৰ বীজ সিঁচে, তেওঁ আত্মাৰ পৰা অনন্তকালৰ শস্য লাভ কৰিব।(গালাতিয়া 6:7-8 ULT)

মৰণা মৰা আৰু শস্য জৰা-যি ভালমানুহৰ পৰা দুষ্ট মানুহক পৃথক কৰাক বুজায়

খেতিয়কে ঘেহু আৰু অন্য ধৰণৰ শস্যৰ খেতি কৰাৰ পিছত, তেওঁলোকে সেইবোৰ এক_মৰণা থলী_ ‌‌‌লৈ আনে, টান মাটিৰ এক সমান ঠাই, আৰু মৰণা মাৰিবৰ বাবে শস্যসমূহৰ ওপৰত গৰুৱে টনা গধুৰ চকা থকা গাড়ী বা চকা নথকা স্লেজ চলাই যাতে অব্যৱহাৰযোগ্য নৰাৰ পৰা ব্যৱহাৰযোগ্য শস্যবোৰ বেলেগ কৰিব পাৰি। তাৰ পিছত তেওঁলোকে উখনি লয় আৰু মৰণা মৰা শস্যবোৰ ওপৰলৈ দলিয়াই জাৰে যাতে বতাহে নৰাবোৰ আঁতৰাই নিয়ে আৰু শস্যবোৰ মৰণামৰা থলীতে পৰি ৰয়, য’ত সেইবোৰ একগোট কৰিব পাৰে আৰু খাদ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে। (“মৰণা” আৰু “জৰা” শব্দৰ অনুবাদৰ বাবে অনুবাদশব্দত থকা মৰণা আৰু জৰা পৃষ্ঠা চাওক)

সেয়ে মাটিৰ দ্বাৰতে এডাল উখনি মাৰিৰে মই তেওঁলোক জাৰিম। মই মোৰ মানুহখিনি নষ্ট কৰিব যিহেতু তেওঁলোকে নিজৰ পথৰ পৰা নাতঁৰিব। (যিৰিমিয়া15:7 ULT)

<খণ্ডউদ্ধিতি> মৰণা মৰা ঠাইক সম্পূৰ্ণভাৱে পৰিস্কাৰ কৰিবৰ বাবে আৰু ঘেঁহুখিনিক গুদামত গোটাই থবৰ বাবে তেওঁৰ হাতত তেওঁৰ উখনি মাৰি আছিল। কিন্তু নৰাবোৰক তেওঁ জুইত পুৰি পেলাব যাক পুনৰ ওলিয়াব নোৱাৰি। (লুক 3:17 ULT)</খণ্ডউদ্ধিতি>

কলম লগোৱা-যি ঈশ্বৰে অ-যিহুদীলোকক তেওঁৰ নিজৰ মানুহ হবৰ বাবে অনুমতি প্ৰদান কৰাটোক বুজায়

কাৰণ যদিহে আপুনি স্বভাৱগতভাৱে এজোপা বনৰীয়া অলিভ গছক কাটে, আৰু প্ৰকৃতিৰ বিপৰীতে এজোপা ভাল অলিভৰ গছত তাৰ কলম লগোৱা যায়, তেন্তে এই যিহুদীসকল, যি প্ৰাকৃতিক শাখা হয়, তেওঁলোকৰ নিজৰ অলিভ গছ হবৰ বাবে কিমান বেছি হব? ভাতৃসকল, মই তোমালোক এই ৰহস্যৰ পৰা অজ্ঞাত থকাটো নিবিচাৰো, কাৰণ তোমালোক কেৱল নিজৰ চিন্তাধাৰতে জ্ঞানী হৈ নাথাকিবা। এই ৰহস্য হ’ল সেই যে অ-যিহুদীসকল সম্পূৰ্ণভাৱে অহাৰ আগতে ইস্ৰাইলত আংশিকভাৱে কঠোৰতা সংঘটিত হৈছে। (ৰোমীয় 11:24-25 ULT)

বৰষুণ-য়ে ঈশ্বৰৰ লোকসকলৰ প্ৰতি তেওঁৰ উপহাৰক বুজায়

... তেওঁ আহিছে আৰু আপোনাৰ ওপৰত নায্যতা বৰষিছে। (হোচেয় 10:12 ULT)

<খণ্ডউদ্ধিতি>যি মাটিয়ে প্ৰায়েই অহা বৰষুণৰ পানী পায়, আৰু সেই মাটিয়ে যাৰ বাবে কাম কৰে তেওঁৰ ব্যৱহাৰযোগ্য গছৰ জন্ম দিয়ে- এইয়া হ’ল সেই মাটি যি ভগৱানৰ আশীৰ্বাদ লাভ কৰিছে। কিন্তু যদি ই কাঁইট আৰু জেং ধাৰণ কৰে, ই মূল্যহীন আৰু এক অভিশাপৰ দৰে। ইয়াৰ অন্ত অগ্নিত হয়। (ইব্ৰী 6:7-8 ULT)</খণ্ডউদ্ধিতি>

সেয়ে ধৈৰ্য্যধৰা, ভাতৃসকল, যেতিয়ালৈকে ঈশ্বৰ নাহে। চোৱা, খেতিয়কসকল মাটিৰ পৰা মূল্যবান শস্যৰ অপেক্ষা কৰিছে, যেতিয়ালৈকে ই সোনকাল বা দেৰি বৰষুণ নাপায়। (যাকোব 5:7 ULT)