as_ta/intro/translate-why/01.md

5.0 KiB

translationAcademyৰ উদ্দেশ্য হ’ল আপোনাক এজন বাইবেল অনুবাদক ৰূপে প্ৰশিক্ষিত কৰা।আপোনাৰ নিজৰ লোকসকলক যীশুৰ শিষ্যৰূপে গঢ়ি তুলিবলৈ ঈশ্বৰৰ কথাসমূহ আপোনাৰ ভাষালৈ অনুবাদ কৰাটো এটা গুৰুত্বপূৰ্ণ কাম। আপুনি এই কামৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হব লাগিব, আপোনাৰ দায়িত্বক গুৰুত্বপূৰ্ণভাৱে লওক, আৰু প্ৰাৰ্থনা কৰক যাতে ঈশ্বৰে আপোনাক সহায় কৰে।

ঈশ্বৰে আমাৰ লগত বাইবেলত কথা পাতিছে। তেওঁ বাইবেলৰ লিখকসকলক তেওঁৰ কথাসমূহ হিব্ৰো, আৰামাইক আৰু গ্ৰীকভাষাত লিখিবৰ বাবে অনুপ্ৰাণিত কৰিছিল। খ্ৰীষ্টপূৰ্ব 1400ৰ পৰা খ্ৰীষ্টাব্দ 100লৈকে প্ৰায় 40জন বিভিন্ন লিখকে লিখিছে। এই নথিসমূহ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা আৰু ইউৰোপত লিখিত। এই ভাষাসমূহত তেওঁৰ কথসমূহ সঞ্চিত কৰি, ঈশ্বৰে সেইসময়ৰ আৰু সেই স্থানসমূহৰ লোকসকলে সেই বুজি পোৱাটো নিশ্চিত কৰিছিল।

আজি, আপোনাৰ দেশৰ লোকসকলে হিব্ৰো, আৰামাইক আৰু গ্ৰীক ভাষা বুজি নাপায়। কিন্তু ঈশ্বৰৰ কথাসমূহ তেওঁলোকৰ নিজৰ ভাষালৈ অনুবাদ কৰিলে তেওঁলোলে সেইয়া বুজি পাবলৈ সক্ষম হব।

কাৰোবাৰ “মাতৃ ভাষা” বা “হৃদয়ৰ ভাষা” মানে সেই ভাষাটো যিটো তেওঁলোকে শৈশৱকালত প্ৰথমবাৰৰ বাবে কয় আৰু যিটো তেওঁলোকে ঘৰত ব্যৱহাৰ কৰে। এইটো সেই ভাষাটো যিটোত তেওঁলোক অত্যন্ত সহজ অনুভৱ কৰে আৰু তেওঁলোকৰ গভীৰ চিন্তাসমূহ ব্যক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰে। আমি বিচাৰো প্ৰত্যেকলোকে ঈশ্বৰৰ কথাসমূহ তেওঁলোকৰ হৃদয়ৰ ভাষাৰে পঢ়িবলৈ সক্ষম হয়।

প্ৰতিটো ভাষাই গুৰুত্বপূৰ্ণ আৰু মূল্যবান। ক্ষুদ্ৰ ভাষাসমূহো সিমানেই গুৰুত্বপূৰ্ণ যিমান আপোনাৰ দেশত ৰাষ্ট্ৰীয় ভাষাটো হয়, আৰু সেইবোৰেও সিমান ভালদৰেই অৰ্থ অভিব্যক্ত কৰিব পাৰে। কোনোলোকেই তেওঁলোকৰ ভাষাটোত কথা কবলৈ লাজ পাব নালাগে। কেতিয়াবা, অল্পসাংখ্যিক গোটত থকাসকলে নিজৰ ভাষাত কথা কবলৈ লাজ অনুভৱ কৰে আৰু তেওঁলোকৰ দেশৰ অধিকসংখ্যক লোকৰ আগত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। কিন্তু ৰাষ্ট্ৰীয় ভাষাসমূহৰ তুলনাত স্বাভাৱিকভাৱে স্থানীয় ভাষাসমূহতকৈ অধিক গুৰুত্বপূৰ্ণ, অধিক প্ৰতিষ্ঠিত, বা অধিক শিক্ষিত একো নাই। প্ৰতিটো ভাষাৰ অৰ্থৰ তাৰতম্য আৰু ৰহণ আছে যিবোৰ অনন্য। আমি সেই ভাষাই ব্যৱহাৰ কৰিব লাগে য’ত আমি সৰ্বাধিক সহজ অনুভৱ কৰি আৰু যাৰ সহায়ত আনৰ লগত আমি শ্ৰেষ্ঠভাৱে যোগাযোগ কৰিব পাৰো।

  • কৃতিত্ব: টড প্ৰাইচৰ "বাইবেল অনুবাদ তত্ত্ব আৰু অনুশীলন " পিএইচ.ডিCC BY-SA 4.0*