as_ta/checking/vol2-things-to-check/01.md

19 lines
7.7 KiB
Markdown

### বিষয়বোৰৰ ধৰণবোৰৰ পৰীক্ষা
১. এনে কিবা সোধক যি আপোনাৰ বাবে ভাল যেন বোধ নহয়, যাতে অনুবাদক দলে ইয়াক ব্যাখা কৰিব পাৰে। তেওঁলোকৰ বাবে ই যদিও ভাল যেন বোধ নহয়, তেওঁলোকে অনুবাদটিক ইফাল-সিফাল কৰিব পাৰে। সাধাৰণতেঃ
১. যি কোনোৰ বাবে পৰীক্ষা কৰক যি যোগ দিয়া যেন দেখে, যি উৎস ভাষাৰ শাস্ত্ৰাংশৰ অৰ্থৰ অংশ নহয়। (সোঁৱৰণ কৰিব, মূল অৰ্থই [ভাববোধক জাননীকো](../../translate/figs-explicit/01.md) সনিবিষ্ট কৰে।)
১. যি কোনোৰ বাবে পৰীক্ষা কৰক যি হেৰুৱা যেন দেখে, যি উৎস ভাষাৰ শাস্ত্ৰাংশৰ অৰ্থৰ অংশ হয় কিন্ত্ত অনুবাদত সনিবিষ্ট কৰা হোৱা নাছিল।
১. যি কোনো অৰ্থৰ বাবে পৰীক্ষা কৰক যি উৎস শাস্ত্ৰাংশৰ অৰ্থৰ পৰা পৃথক যেন লাগে।
১. নিশ্চীত্ব হবলৈ পৰীক্ষা কৰক যে মূলবিষয় বা শাস্ত্ৰাংশৰ মূলবচন স্পষ্ট হয়। শাস্ত্ৰাংশটি কি কৈছে বা শিক্ষা দিছে তাক সংক্ষেপিত কৰিবলৈ অনুবাদৰ দলক কওক। তেওঁলোকে যদি এটা সৰু বিষয় প্ৰাথমিক এটা বিষয় স্বৰূপে বাচি লয়, তেন্তে তেওঁলোকে শাস্ত্ৰাংশক কৰা ধৰণটিক হয়তু ইফাল-সিফাল কৰিবলগীয়া হব পাৰে।
১. পৰীক্ষা কৰক যাতে শাস্ত্ৰাংশৰ বিভিন্ন অংশবোৰ শুদ্ধভাবে যুক্ত হৈ আছে- যাতে বাইবেল শাস্ত্ৰাংশত কাৰণবোৰ, যোগ দিয়াবোৰ, ফলাফলবোৰ, সামৰণিবোৰ, ইত্যাদি লক্ষ্য কৰি লোৱা ভাষাত উপযুক্ত সংযোগকাৰীৰ সৈতে সাঁচ দিয়া হৈছে।
১. অনুবাদশব্দবোৰৰ নিয়মীয়াকৰণৰ বাবে পৰীক্ষা কৰক, যেনেকৈ [ন্যায়য্য পৰীক্ষাৰ বাবে পদক্ষেপবোৰৰ](../vol2-steps/01.md) অন্তিম খণ্ডত ব্যাখা কৰা হৈছে। যি জনে সংজ্ঞাবোৰ ব্যৱহাৰ কৰে-তেওঁক সোধক যে প্ৰতিটো সংজ্ঞা সংস্কৃতিত কেনেকৈ আৰু কি কাৰ্য্যসূচীবোৰত ব্যৱহাৰ হৈছিল। অন্য কোন সংজ্ঞাবোৰ একেই ধৰণৰ আৰু একেই ধৰণৰ সংজ্ঞাবোৰৰ মাজত থকা প্ৰাৰ্থক্যবোৰ কি কি। অনুবাদক গৰাকীক ই জানিবলৈ দিব যে যদি কিছুমান সংজ্ঞাৰ অনাকাঙ্খিত অৰ্থবোৰ আছে, আৰু কোনটো সংজ্ঞা উত্তম হব জানিব দিব, বা তেওঁলোকক বিভিন্ন প্ৰাসঙ্গিকতাত বিভিন্ন সংজ্ঞাবোৰ ব্যৱহাৰ কৰিবলৈ হয়তু প্ৰয়োজন হব।
১. বক্তব্যৰ গাঠনিবোৰ পৰীক্ষা কৰক। বাইবেল শাস্ত্ৰাংশত যত বক্তব্যৰ গাঠনি এটা আছে, ইয়াক কেনেকৈ অনুবাদ কৰা হৈছিল চাওক আৰু নিশ্চীত্ব হব যেন ই একেই অৰ্থকে প্ৰকাশ কৰে। অনুবাদত যত এটা বক্তব্যৰ গাঠনি আছে, নিশ্চীত্ব হবলৈ পৰীক্ষা কৰক যেন ই বাইবেল শাস্ত্ৰাংশত থকা অৰ্থৰ দৰেই একেই অৰ্থ প্ৰকাশ কৰে।
১. জানিবলৈ পৰীক্ষা কৰক যে খণ্ডিত ধাৰণাবোৰ কেনেকৈ অনুবাদ কৰা হৈছিল, যেনেকৈ প্ৰেম, ক্ষমা, আনন্দ, ইত্যাদি। এইবোৰৰ অনেকেই হৈছে মূল শব্দবোৰ।
১. অনুবাদৰ বিষয়বোৰ বা আচৰণবোৰ পৰীক্ষা কৰক যি লক্ষ্য কৰি লোৱা সংস্কৃতিত নজনাও হব পাৰে। এই বিষয়বোৰৰ ছবিবোৰ অনুবাদৰ দলক দেখুৱা আৰু তেওঁলোকক ব্যাখা দাঙি ধৰা যে সেইবোৰ যি হয় অতিকৈ সহায়জনক।
১. আত্মিক জগতৰ শব্দবোৰৰ বিষয়ে আলোচনা কৰক আৰু লক্ষ্য কৰি লোৱা সংস্কৃতিত সেইবোৰ কেনেকৈ বুজা যায়। নিশ্চীত্ব হব যে অনুবাদত ব্যৱহাৰ কৰা সেইবোৰ যেন উচিত বিষয়বোৰ প্ৰকাশ কৰে।
১. এনে যিকোনো বিষয়ক পৰীক্ষা কৰক যি বিশেষ ভাবে বুজিবলৈ বা শাস্ত্ৰাংশত অনুবাদ কৰিবলৈ কঠিন হব পাৰে।
এই সকলোবোৰ পৰীক্ষা কৰা আৰু শুদ্ধৰণি কৰাৰ পাছত, অনুবাদৰ দলক আকৌ ইজনে সিজনক বৰ মাতেৰে পঢ়ি শুনাবলৈ দিয়ক বা তেওঁলোকৰ সমাজৰ অন্য সদস্যসকলক নিশ্চীত্ব কৰিবলৈ শুনাবলৈ দিয়ক যাতে সকলোবোৰ তেতিয়াও এটা স্বাভাবিক ধৰণে হৈ আছে আৰু শুদ্ধ সংযোগকাৰীক ব্যৱহাৰ কৰা হৈছে। শুদ্ধৰণিয়ে যদি কিবা অস্বাভাবিক শব্দ কৰে, তেন্তে তেওঁলোকে অনুবাদত উপৰঞ্চি ইফাল-সিফাল কৰিবলগীয়া হব পাৰে। পৰীক্ষা কৰি চোৱা আৰু পুননিৰীক্ষণৰ এই প্ৰক্ৰিয়াবোৰ লক্ষ্য কৰি লোৱা ভাষাত অনুবাদটি যেতিয়ালৈকে স্পষ্টভাবে আৰু স্বাভাবিক ভাবে প্ৰকাশ নকৰে দুহাৰি থকা উচিত।