as_ta/checking/vol2-backtranslation-who/01.md

3.6 KiB

উভতি কৰা অনুবাদ কোনে কৰা উচিত?

এটা ভাল উভতি কৰা অনুবাদ কৰিবলৈ, ব্যক্তি গৰাকীৰ তিনিটা অৰ্হতা থকাটো প্ৰয়োজন।

১. উভতি কৰা অনুবাদ যি গৰাকী ব্যক্তিয়ে কৰে তেওঁ এনে এগৰাকী ব্যক্তি হোৱা উচিত, যি জন লক্ষ্য কৰি লোৱা স্হানীয় মাতৃ ভাষাৰ কথা কওঁতা লোক হয় আৰু যি জনে বহুল প্ৰকাশৰ ভাষাকও ভাল ধৰণে কওঁতা লোক হোৱা উচিত। এখন লিখিত উভতি কৰা অনুবাদ কৰিবৰ নিমিত্তে, তেওঁ দুয়োটা ভাষাত ভালকৈ পঢ়িব আৰু লিখিব পৰা উচিত। ১. এই গৰাকী ব্যক্তি এনে লোকও হোৱাটো উচিত যি জন লক্ষ্য কৰি লোৱা স্হানীয় ভাষাৰ অনুবাদত অংশগ্ৰহণ কৰা নাছিল যি তেওঁ উভতি কৰা অনুবাদ কৰিছিল। ইয়াৰ বাবে কাৰণ হৈছে যে লক্ষ্য কৰি লোৱা স্হানীয় ভাষাত যি জনে অনুবাদ বনাইছিল তেওঁ জানে যে তেওঁ অনুবাদটি কি বুজুৱাটো ইচ্ছা কৰিছিল, আৰু পৰিণামৰ সৈতে সেই অৰ্থক উভতি কৰা অনুবাদত ৰাখিব যাতে ই উৎস অনুবাদৰ সৈতে সুবহু দেখিব। কিন্ত্ত ই সম্ভৱ যে লক্ষ্য কৰি লোৱা ভাষাৰ কথা কওঁতা লোক এজন যি জনে লক্ষ্য কৰি লোৱা স্হানীয় ভাষা অনুবাদত কাৰ্য্য কৰা নাই তেওঁ অনুবাদটি অন্য ধৰণে বুজি পাব, বা ইয়াৰ এটা অংশও সমূলি বুজি নাপাব। পৰীক্ষক গৰাকীয়ে জানিব বিচাৰিব যে অন্য অৰ্থবোৰ নো কি যি লক্ষ্য কৰি লোৱা স্হানীয় ভাষা কওঁতা জনে অনুবাদৰ পৰা বুজিব যাতে তেওঁ অনুবাদক দলৰ সৈতে সেই অংশবোৰে শুদ্ধ অৰ্থক অতি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কৰ্ম কৰিব পাৰে। ১. উভতি অনুবাদ কৰা ব্যক্তি জন এনে ব্যক্তিও হোৱা উচিত যি জনে বাইবেলক ভালকৈ নাজানে। ইয়াৰ বাবে কাৰণটি হৈছে যে উভতি কৰা অনুবাদক জনে কেৱল অৰ্থক হে দিয়া উচিত যি তেওঁ লক্ষ্য কৰি লোৱা ভাষা অনুবাদৰ পৰা বুজি পায় আৰু জ্ঞানৰ পৰা নহয় যি তেওঁ হয়তু অন্য ভাষাত বাইবেল পঢ়াৰ যোগেদি থাকিব পাৰে।