as_ta/checking/vol2-backtranslation-purpose/01.md

6.0 KiB

উভতি কৰা অনুবাদ কিয় আৱশ্যক?

উভতি কৰা অনুবাদৰ উদ্দেশ্য হৈছে বাইবেল সমন্ধীয় বিষয়ৰ পৰামৰ্শদাতা বা পৰীক্ষক এনে কৰিবলৈ দিয়া, যি জনে লক্ষ্য কৰি লোৱা ভাষাক বুজি নাপায় তেওঁক লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদত কি আছে তাক বুজিব পৰাটো কৰা; যদিও তেওঁ বা তাই লক্ষ্য কৰি লোৱা ভাষাক বুজি নাপায়। এই ধৰণে, পৰীক্ষকে উভতি কৰা অনুবাদক "চাই যাব পাৰে" আৰু লক্ষ্য কৰি লোৱা অনুবাদক পৰীক্ষা কৰিব পাৰে লক্ষ্য কৰি লোৱা ভাষাক নজনাকৈ। গতিকে, উভতি কৰা অনুবাদৰ ভাষাটি এনে এটা ভাষা হোৱা উচিত যে অনুবাদ কৰা ব্যক্তি গৰাকী আৰু পৰীক্ষক গৰাকী দুয়ো ভাল ধৰণে বুজি পায়। প্ৰায় ই এনে বুজাই যে, উভতি কৰা অনুবাদক গৰাকীয়ে লক্ষ্য কৰিলোৱা শাস্ত্ৰাংশক বহুল প্ৰকাশত একেই ভাষাতে উভতি অনুবাদ কৰিবলগীয়া হব যি উৎস ভাষাৰ শাস্ত্ৰাংশৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

কিছুমান লোকে ইয়াক অলাগতিয়াল বুলি বিবেচনা কৰিব, যিহেতু বাইবেলৰ শাস্ত্ৰাংশটি ইতিমধ্যে উৎস ভাষাত উপলব্ধ আছে। কিন্ত্ত উভতি কৰা অনুবাদৰ উদ্দেশ্যক সোঁৱৰণ কৰকঃ ই হৈছে লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদত কি আছে তাক চাবলৈ পৰীক্ষকক অনুমতি দিয়া। মূল উৎস ভাষাৰ শাস্ত্ৰাংশক পঢ়াই কেৱল পৰীক্ষক গৰাকীক লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদত কি আছে তাক জানিব নিদিয়ে। গতিকে, উভতি কৰা অনুবাদকে বহুল প্ৰকাশৰ ভাষাত এটা নতুন অনুবাদ কৰাটো আৱশ্যক যি লক্ষ্য কৰি লোৱা অনুবাদৰ ওপৰতেই কেৱল ভিত্তি কৰে। এই কাৰণৰ বাবেই, উভতি কৰা অনুবাদকে উৎস ভাষাৰ শাস্ত্ৰাংশক চাব নোৱাৰে যেতিয়া তেওঁৰ উভতি কৰা অনুবাদটি কৰে, কিন্ত্ত কেৱল লক্ষ্য কৰি লোৱা ভাষাৰ শাস্ত্ৰাংশতহে। এই ধৰণে, পৰীক্ষক গৰাকীয়ে লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদত থকা যি কোনো সমস্যাক চিনাক্ত কৰিব পাৰে আৰু সেই সমস্যাবোৰ সমাধান কৰিবলৈ অনুবাদকৰ সৈতে কৰ্ম কৰিব পাৰে।

লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদক উন্নতত্ব কৰিবলৈকো উভতি কৰা অনুবাদ অতিকৈ সহায়জনক হব পাৰে যদিও পৰীক্ষকে ইয়াক পূৰ্ব্বে ব্যৱহাৰ কৰিছিল। উভতি কৰা অনুবাদক যেতিয়া অনুবাদক দলে পঢ়ে, তেতিয়া তেওঁলোকে দেখা পায় যে উভতি কৰা অনুবাদকে কেনেকৈ তেওঁলোকৰ অনুবাদক বুজি পাইছিল। কেতিয়াবা, উভতি কৰা অনুবাদকে তেওঁলোকৰ অনুবাদটিক যি তেওঁলোকে প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছিল তাতকৈ এটা অন্য ধৰণে বুজি পায়। সেই বিষয়বোৰত, তেওঁলোকে তেওঁলোকৰ অনুবাদটিক সলনি কৰিব পাৰে যাতে ই অৰ্থক অতি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে যি তেওঁলোকে ইচ্ছা কৰিছিল। অনুবাদক দলে ইয়াক পৰীক্ষক দিয়াৰ পূৰ্ব্বেই যেতিয়া উভতি কৰা অনুবাদক এই ধৰণে ব্যৱহাৰ কৰিব পাৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ অনুবাদত অনেক উন্নত্ব কৰিব পাৰে। তেওঁলোকে যেতিয়া এনে কৰে, তেতিয়া পৰীক্ষক গৰাকীয়ে তেওঁৰ পৰীক্ষাক অতিকৈ গতিবেগত কৰিব পাৰে, কাৰণ অনুবাদক দলে পৰীক্ষকক লগ কৰাৰ পূৰ্ব্বে অনুবাদটিৰ অনেক সমস্যাবোৰক শুদ্ধৰণি কৰিবলৈ পাৰিছিল।