as_ta/checking/vol2-backtranslation-kinds/01.md

20 lines
12 KiB
Markdown

### উভতি কৰা অনুবাদবোৰ কি কি ধৰণৰ আছে?
#### মৌখিক
এটা মৌখিক উভতি কৰা অনুবাদ হৈছে এনে এটা অনুবাদ যি উভতি কৰা অনুবাদৰ অনুবাদকে বহুল প্ৰকাশৰ ভাষাত অনুবাদ পৰীক্ষকক কথা কয়, তেওঁ যেনেকৈ লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদক পঢ়ে বা শুনে। তেওঁ সাধাৰণতে এটা সময়ত এটা বাক্যক হে এনে কৰে, বা দুটা বাক্য এটা সময়ত যদিহে সেইবোৰ চুটি হয়। অনুবাদ পৰীক্ষকে যেতিয়া এনে কিবা এটা শুনে যি সমস্যা হব পাৰে, তেওঁ মৌখিক উভতি অনুবাদ কৰা লোকজনক বাধা দিব যাতে তেওঁ এই বিষয়ে এটা প্ৰশ্ন সুধিব পাৰে। অনুবাদক দলৰ এজন বা অধিক সদস্য উপস্হিত থকা উচিত যাতে তেওঁলোকে অনুবাদৰ বিষয়ে প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে।
মৌখিক উভতি কৰা অনুবাদৰ এটা সুযোগ হৈছে যে উভতি কৰা অনুবাদৰ অনুবাদক জন অনুবাদ পৰীক্ষকক অতি শিৰ্ঘেই লগ পাব পাৰে আৰু উভতি কৰা অনুবাদৰ বিষয়ে অনুবাদ পৰীক্ষকৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰে। মৌখিক উভতি কৰা অনুবাদৰ এটা অসুযোগ হৈছে যে উভতি কৰা অনুবাদৰ অনুবাদক জনৰ অনুবাদটিক উত্তম ধৰণে উভতি অনুবাদ কৰাৰ বিষয়ে চিন্তা কৰিবলৈ অতিকৈ কম সময় থাকে আৰু তেওঁ অনুবাদৰ অৰ্থটিক উত্তম ধৰণে ব্যক্ত কৰিব নোৱাৰিবও পাৰে। অনুবাদ পৰীক্ষকক ই হয়তু অধিক ভাবে প্ৰশ্ন সুধিবলৈ আৱশ্যকীয় হবলৈ দিব যদি হে উভতি কৰা অনুবাদটি এটা উত্তম ধৰণে ব্যক্ত কৰে। অন্য অসুযোগ হৈছে যে পৰীক্ষকৰো অতিকৈ কম সময় থাকে উভতি কৰা অনুবাদক পুননিৰীক্ষণ কৰিবলৈ। তেওঁ অন্য এটা শুনাৰ পূৰ্ব্বে এটা বাক্যৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁৰ কেৱল কেইটামান চেকেণ্ড হে থাকে। এই কাৰণেই, তেওঁ সকলো সমস্যাবোৰ ধৰা পেলাব নোৱাৰে যি তেওঁ ধৰা পেলাব লাগিছিল যদি তেওঁ প্ৰতিটো বাক্যৰ বাবে চিন্তা কৰিবলৈ সময় থাকিল হয়।
#### লিখিত
উভতি লিখা অনুবাদবোৰ দুই ধৰণৰ আছে। দুটাৰ মাজত থকা প্ৰাৰ্থক্যবোৰৰ বাবে, চাওক [উভতি লিখা অনুবাদবোৰ](../vol2-backtranslation-written/01.md)। উভতি লিখা অনুবাদবোৰৰ মৌখিক উভতি কৰা অনুবাদবোৰতকৈ কেইবাটাও সুযোগবোৰ আছে। প্ৰথমে, উভতি কৰা অনুবাদ যেতিয়া লিখা হয়, তেতিয়া অনুবাদক দলে চাবলৈ পঢ়ি চাব পাৰে যে কৰোবাত এনে অংশ আছে নে যত উভতি কৰা অনুবাদকে তেওঁলোকৰ অনুবাদক ভূলকৈ বুজিছে। উভতি কৰা অনুবাদৰ অনুবাদক জনে অনুবাদটিক যদি ভূলকৈ বুজিছে, তেন্তে অনুবাদটিৰ অন্য পঢ়োৱৈ আৰু শুনোতাসকলেও নিশ্চীত্বভাবে ইয়াক ভূলকৈ বুজিব, আৰু সেইবাবেই অনুবাদক দলে সেই বিষয়বোৰত তেওঁলোকৰ অনুবাদক পুনৰ কৰিবলগীয়া হব।
দ্বিতীয়তে, উভতি কৰা অনুবাদ যেতিয়া লিখা হয়, তেতিয়া অনুবাদক দলৰ সৈতে লগ খোৱাৰ পূৰ্ব্বে অনুবাদ পৰীক্ষকে উভতি কৰা অনুবাদক পঢ়িব পাৰে আৰু উভতি কৰা অনুবাদত দেখা দিয়া যি কোনো প্ৰশ্নৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। অনুবাদ পৰীক্ষকে যদিও এটা সমস্যাক অনুসন্ধান কৰিবলগীয়া নহয়, তথাপি উভতি লিখিত অনুবাদে অনুবাদটিৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁক অধিক সময় দিয়ে। তেওঁ অনুবাদত থকা অধিক সমস্যাবোৰক চিনাক্ত আৰু সম্বোধন কৰিব পাৰে আৰু কেতিয়াবা সমস্যাবোৰৰ উত্তম সমাধানলৈ আহিব পাৰে কাৰণ তেওঁৰ তেতিয়া প্ৰতিটোৰ বিষয়ে চিন্তা কৰিবলৈ অধিক সময় থাকে যেতিয়া প্ৰতিটো বাক্যৰ বাবে চিন্তা কৰিবলৈ তেওঁৰ কিছু সময় হে আছিল।
তৃতীয়তে, উভতি কৰা অনুবাদ যেতিয়া লিখিত হয়, তেতিয়া অনুবাদক দলৰ সৈতে লগ কৰাৰ পূৰ্ব্বে অনুবাদ পৰীক্ষকে লিখিত ৰূপত তেওঁৰ প্ৰশ্নবোৰ প্ৰস্ত্তত কৰিব পাৰে। তেওঁলোকৰ বৈঠকৰ পূৰ্ব্বে যদি সময় থাকে আৰু তেওঁলোকৰ যদি যোগাযোগ কৰিবলৈ উপায় হয়, তেন্তে পৰীক্ষক গৰাকীয়ে অনুবাদক দললৈ তেওঁৰ লিখিত প্ৰশ্নবোৰ পঠিয়াব পাৰে যাতে তেওঁলোকে সেইবোৰক পঢ়িব পাৰে আৰু পৰীক্ষকে সমস্যা বুলি ভাবাবোৰৰ অংশবোৰক সলনি কৰিব পাৰে। এনে কৰাই অনুবাদক দল আৰু পৰীক্ষকক বাইবেল সমন্ধীয় বিষয়বোৰক অধিক ভাবে পুনৰ চাবলৈ সহায় কৰে যেতিয়া তেওঁলোকে একেলগ হয়, কাৰণ তেওঁলোকৰ বৈঠকৰ পূৰ্ব্বে তেওঁলোকে অনেক সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হয়। বৈঠকৰ সময়ত, থাকি যোৱা সমস্যাবোৰৰ ওপৰত মনোযোগ দিব পাৰে। এইবোৰ সাধাৰণতে সেই ঠাইবোৰ হয় যত অনুবাদক দলে পৰীক্ষকৰ প্ৰশ্নক বুজি পোৱা নাছিল বা পৰীক্ষক গৰাকীয়ে লক্ষ্য কৰি লোৱা ভাষাৰ কিবা বিষয়ে বুজি পোৱা নাছিল আৰু সেইবাবেই ভাবিছিল যে এটা ভূল আছে প্ৰকৃততে যত ভূল নাছিল। সেই বিষয়ে, বৈঠকৰ সময়ক অনুবাদক দলে পৰীক্ষকক ব্যাখা কৰি দিব পাৰে যে সেইয়াই ই যি তেওঁ বুজি পোৱা নাছিল।
তেওঁলোকৰ বৈঠকৰ পূৰ্ব্বে যদিও পৰীক্ষকৰ বাবে অনুবাদক দললৈ তেওঁৰ প্ৰশ্নবোৰ পঠিয়াবলৈ সময় নাছিল তথাপি তেওঁলোকে অন্যভাবে যিমান বিষয়বোৰক পুনৰ চাব পাৰে তাতোকৈ অধিক ভাবে বৈঠকৰ সময়ত বিষয়বোৰক পুনৰ চাব পাৰিব কাৰণ পৰীক্ষককে ইতিমধ্যে উভতি কৰা অনুবাদক পঢ়িছে আৰু ইতিমধ্যে তেওঁৰ প্ৰশ্নবোৰ প্ৰস্ত্তত কৰিছে। যিহেতু তেওঁৰ প্ৰস্ত্ততকৰণৰ বাবে পূৰ্ব্বে সময় আছিল, সেয়েহে গোটেই অনুবাদটিক লাহেকৈ পঢ়া, যেনে মৌখিক উভতি কৰা অনুবাদৰ সময়ত প্ৰয়োজন হয় তাতোকৈ তেওঁ আৰু অনুবাদক দলে বৈঠকৰ সময়ত অনুবাদৰ অংশত থকা সমস্যাবোৰক হে কেৱল আলোচনা কৰিব পাৰিলে হয়।
চতুৰ্থ, উভতি লিখা অনুবাদে অনুবাদৰ পৰীক্ষকৰ এটা সময়তে তেওঁক যেনেকৈ মৌখিক অনুবাদক কোৱা হয় তাক শুনিবলৈ আৰু বুজিবলৈ অনেক ঘণ্টা ধৰি মনোযোগ দি থকা প্ৰচেষ্টাৰ পৰা সকাহ দিয়ে। পৰীক্ষক আৰু অনুবাদ দলে যদি এটা চিঞৰ-বাখৰ হৈ থকা পৰিবেশত লগ খাইছে, তেন্তে নিশ্চীত্ব কৰা কঠিন বিষয়টি হৈছে যে তেওঁ শব্দবোৰ শুদ্ধকৈ শুনাটো পৰীক্ষকৰ বাবে বৰ আমনিদায়ক হব। মনোযোগ দিয়াৰ মানসিক সেঁচা বৃদ্ধি পায় যাৰ বাবে পৰীক্ষক গৰাকীয়ে পৰিণামৰ সৈতে কিছুমান সমস্যা এৰি যাব যিবোৰ বাইবেল শাস্ত্ৰাংশত শুদ্ধৰণি নকৰাকৈ ৰৈ যাব। এই কাৰণৰ বাবেই, যেতিয়াই সম্ভৱ হয় আমি উভতি লিখা এটা অনুবাদটিৰ বাবে পৰামৰ্শ আগবঢ়াও।