as_ta/checking/vol2-backtranslation-guidel.../01.md

13 KiB

১. শব্দ আৰু দফাবোৰৰ বাবে লক্ষ্য কৰি লোৱা ভাষাৰ ব্যৱহাৰ বোৰ দেখুৱাওক

এই আৰ্হীৰ উদ্দেশ্যৰ বাবে, "লক্ষ্য কৰি লোৱা ভাষাই" সেই ভাষাক উনুকিয়াই যিটোত বাইবেল খচৰাটি প্ৰস্ত্তত কৰা হৈছিল, আৰু "বহুল প্ৰকাশৰ ভাষাই" সেই ভাষাক উনুকিয়াই যিটোত উভতি কৰা অনুবাদটি কৰা হৈছিল।

ক. প্ৰাসঙ্গিকতাত শব্দৰ অৰ্থক ব্যৱহাৰ কৰক

এটা শব্দৰ যদি কেৱল এটাই প্ৰাথমিক অৰ্থ থাকে, তেন্তে উভতি কৰা অনুবাদে বহুল প্ৰকাশৰ এটা শব্দক ব্যৱহাৰ কৰা উচিত যিয়ে প্ৰাথমিক অৰ্থক গোটেই উভতি কৰা অনুবাদক প্ৰতিনিধিত্ব কৰে। যদি, তথাপি, লক্ষ্য কৰিলোৱা এটা শব্দৰ এটাতকৈ অধিক অৰ্থ থাকে, যাতে প্ৰাসঙ্গিকতাত ভিত্তি কৰি অৰ্থটি সলনি হয় যে ই ইয়াত আছে, তেন্তে উভতি কৰা অনুবাদে সেই শব্দক বা খণ্ডবাক্যক বহুল প্ৰকাশৰ ভাষাত ব্যৱহাৰ কৰা উচিত যিয়ে সেই শব্দক ব্যৱহাৰ কৰা ধৰণক সেই প্ৰাসঙ্গিকতাত উত্তম ধৰণে প্ৰতিনিধিত্ব কৰা হৈছে। অনুবাদৰ পৰীক্ষকসকলৰ বাবে ভুল বুজনিক আওকাণ কৰিবলৈ, উভতি কৰা অনুবাদে প্ৰথম বাৰৰ বাবে অন্য অৰ্থক বন্ধনী চিনৰ ভিতৰত ৰাখিব পাৰে যি তেওঁ শব্দটিক অন্য ধৰণে ব্যৱহাৰ কৰিছে, যাতে অনুবাদৰ পৰীক্ষকে দেখা পায় আৰু বুজিব পাৰে যে এই শব্দৰ এটাতকৈ অদিক অৰ্থ আছে। উদাহৰণ স্বৰূপে, তেওঁ লিখিব পাৰে, “আহাঁ” (যোৱা) যদি লক্ষ্য কৰি লোৱা ভাষাৰ শব্দক পূৰ্ব্বে উভতি কৰা অনুবাদত “যোৱা” স্বৰূপে অনুবাদ কৰা হৈছে কিন্ত্ত নতুন প্ৰাসঙ্গিকতাত ই “আহাঁ” স্বৰূপে অনুবাদ কৰাটো উত্তম।

লক্ষ্য কৰি লোৱা ভাষা অনুবাদে যদি এটা বাক্যৰ ধাৰা ব্যৱহাৰ কৰিছে, তেন্তে ই অনুবাদ পৰীক্ষকৰ বাবে অতিকৈ সহায়ক হব যে উভতি কৰা অনুবাদৰ অনুবাদকে বাক্যৰ ধাৰাটি আক্ষৰিক ভাবে অনুবাদ কৰে (শব্দবোৰৰ অৰ্থ অনুসৰি), কিন্ত্ত ইয়াৰ পাছতো বাক্যৰ ধাৰাৰ অৰ্থক বন্ধনি চিনৰ ভিতৰত সনিবিষ্ট কৰিব। সেই ধৰণে, অনুবাদৰ পৰীক্ষকসকলে চাব পাৰে যে লক্ষ্য কৰি লোৱা ভাষা অনুবাদে এটা বাক্যৰ ধাৰা ব্যৱহাৰ কৰিছে, আৰু ই কি বুজাই তাকো লক্ষ্য কৰিব পাৰে। উদাহৰণ স্বৰূপে, উভতি কৰা অনুবাদৰ এগৰাকী অনুবাদকে এইদৰে বাক্যৰ ধাৰাক অনুবাদ কৰিব যেনে, “তেওঁ বাল্টিটো গুৰিয়াইছিল (তেওঁ ঢুকাল)।” বাক্যৰ ধাৰাটি যদি এবাৰ বা দুবাৰতকৈ অধিক বাৰ উল্লেখ হৈছে, তেন্তে উভতি কৰা অনুবাদৰ অনুবাদকে প্ৰতিটো সময়ত ইয়াৰ ব্যাখাকৰণক নিয়মীয়া কৰিব নালাগে, কিন্ত্ত ইয়াক হয়তু আক্ষৰিক ভাবে কেৱল অনুবাদ কৰিব পাৰে বা অৰ্থক হে কেৱল অনুবাদ কৰিব।

খ. বক্তব্যৰ অংশ একেই ৰাখক

উভতি কৰা অনুবাদত, উভতি কৰা অনুবাদকে লক্ষ্য কৰি লোৱা ভাষাৰ বহুল প্ৰকাশৰ বক্তব্যৰ অংশৰ সৈতে লক্ষ্য কৰি লোৱা ভাষাৰ বক্তব্যৰ অংশক প্ৰতিনিধিত্ব কৰা উচিত। ইয়াৰ অৰ্থ হল যে উভতি কৰা অনুবাদৰ অনুবাদকে বিশেষ্যপদবোৰৰ সৈতে বিশেষ্যপদবোৰক, ক্ৰিয়াপদবোৰৰ সৈতে ক্ৰিয়াপদবোৰক আৰু ৰূপান্তকৰণবোৰৰ সৈতে ৰূপান্তকৰণবোৰক অনুবাদ কৰা উচিত। এনে কৰাই অনুবাদ পৰীক্ষকক লক্ষ্য কৰি লোৱা ভাষাই কি দৰে ব্যৱহাৰ হৈছে তাক বুলিবলৈ সহায় কৰিব।

গ. দফাৰ ধৰণবোৰক একেই ৰাখক

উভতি কৰা অনুবাদত, উভতি কৰা অনুবাদকে লক্ষ্য কৰি লোৱা ভাষাৰ বহুল প্ৰকাশৰ দফাৰ সৈতে লক্ষ্য কৰি লোৱা ভাষাৰ একেই ধৰণৰ প্ৰতিটো দফাক প্ৰতিনিধিত্ব কৰা উচিত। উদাহৰণ স্বৰূপে, লক্ষ্য কৰি লোৱা ভাষাৰ দফাই যদি এটা আদেশ ব্যৱহাৰ কৰে, তেন্তে উভতি কৰা অনুবাদেও এটা পৰামৰ্শ বা অনুৰুধৰ পৰিবৰ্ত্তে এটা দফা ব্যৱহাৰ কৰা উচিত। বা লক্ষ্য কৰি লোৱা ভাষাৰ দফাই এটা পূৰ্ব্বে উত্তৰ জনা প্ৰশ্ন ব্যৱহাৰ কৰিছে, তেন্তে উভতি কৰা অনুবাদেও এটা মন্তব্য বা অন্য বক্তব্যৰ পৰিবৰ্ত্তে এটা প্ৰশ্ন ব্যৱহাৰ কৰা উচিত।

ঘ. ছেদ প্ৰকৰণক একেই ৰাখক

উভতি কৰা অনুবাদৰ অনুবাদকে লক্ষ্য কৰি লোৱা ভাষা অনুবাদত থকাৰ দৰেই একেই ছেদ প্ৰকৰণক ব্যৱহাৰ কৰা উচিত। উদাহৰণ স্বৰূপে, লক্ষ্য কৰি লোৱা ভাষা অনুবাদত যতেই এটা কমা আছে, তেন্তে উভতি কৰা অনুবাদৰ অনুবাদকেও এটা কমা দিয়া উচিত। দাৰিবোৰ, ভাববোধক চিনবোৰ, উল্লেখিত সাঁচবোৰ, আৰু সকলো ছেদ প্ৰকৰণবোৰ দুয়োটা অনুবাদতে একেই ঠাইতে দিয়া উচিত। সেই ধৰণে, অনুবাদৰ পৰীক্ষককে সহজে দেখা পাব পাৰে যে উভতি কৰা অনুবাদৰ কোনটো অংশই লক্ষ্য কৰি লোৱা ভাষাৰ কোনটো অংশক প্ৰতিনিধিত্ব কৰিছে। বাইবেলৰ এটা উভতি কৰা অনুবাদ কৰোতে, নিশ্চীত্বকৰণ কৰাটোও এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে উভতি কৰা অনুবাদত সকলো অধ্যায় আৰু পদৰ সংখ্যাক্ৰমবোৰ সঠিক স্হানত আছে।

ঙ. জটিল শব্দবোৰৰ সম্পূৰ্ণ অৰ্থক প্ৰকাশ কৰক

কেতিয়াবা লক্ষ্য কৰি লোৱা ভাষাৰ শব্দবোৰ বহুল প্ৰকাশৰ ভাষাৰ শব্দবোৰতকৈ অধিক জটিল হব পাৰে। এই ক্ষেত্ৰত, উভতি কৰা অনুবাদৰ অনুবাদকে বহুল প্ৰকাশৰ ভাষাত লক্ষ্য কৰি লোৱা ভাষাৰ শব্দক এটা দীঘল খণ্ডবাক্যৰ সৈতে প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন হব। এইয়া আৱশ্যক কাৰণ অনুবাদৰ পৰীক্ষকে যিমান সম্ভৱ হয় সিমান অৰ্থবোৰক চাব পাৰে। উদাহৰণ স্বৰূপে, লক্ষ্য কৰি লোৱা এটা শব্দক অনুবাদ কৰিবলৈ বহুল প্ৰকাশৰ ভাষাত এটা খণ্ডবাক্য ব্যৱহাৰ কৰিবলগীয়া হব পাৰে যেনে, “ওপৰলৈ যোৱা” বা “বাগৰি থাকা।” অনেক ভাষাৰ শব্দবোৰে বহুল প্ৰকাশৰ ভাষাত সমঅৰ্থৰ সংবাদবোৰৰ শব্দবোৰ অধিক ভাবে ধৰি ৰাখে। এই ক্ষেত্ৰত, ই অতিকৈ সহায়ক যে উভতি কৰা অনুবাদৰ অনুবাদকে যদি বন্ধনি চিনৰ ভিতৰত সেই জাননীবোৰ ধৰি ৰাখে, যেনেকৈ, “আমি (সাঙুৰি লোৱা),” বা “তোমালোক (মহিলা, বহুবচন)।”

২. বাক্য আৰু যুক্তিসঙ্গত গঠনৰ বাবে বহুল প্ৰকাশৰ ভাষাৰ ধৰণক ব্যৱহাৰ কৰক

উভতি কৰা অনুবাদে বহুল প্ৰকাশৰ ভাষাৰ বাবে এনে বাক্য গঠন ব্যৱহাৰ কৰা উচিত যি স্বাভাবিক হয়, ই এনে গঠন নহয় যি লক্ষ্য কৰি লোৱা ভাষাত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অৰ্থ হল যে উভতি কৰা অনুবাদে বহুল প্ৰকাশৰ ভাষাৰ বাবে এনে বাক্য গঠন ব্যৱহাৰ কৰা উচিত যি স্বাভাবিক হয়, ই এনে গঠন নহয় যি লক্ষ্য কৰি লোৱা ভাষাত ব্যৱহাৰ কৰা হৈছিল। উভতি কৰা অনুবাদে খণ্ডবাক্যবোৰক ইটোৰ সৈতে সিটোক জড়িত কৰা ধৰণেও ব্যৱহাৰ কৰা উচিত, যি বোৰ বহুল প্ৰকাশৰ ভাষাৰ বাবে স্বাভাবিক হয়। এনে কৰাই অনুবাদ পৰীক্ষকক উভতি কৰা অনুবাদক পঢ়িবলৈ আৰু বুজিবলৈ সহজ কৰিব। এইয়া উভতি কৰা অনুবাদক পৰীক্ষা কৰা প্ৰক্ৰিয়াক গতিবেগও দিব।