as_ta/checking/intro-checking/01.md

7.6 KiB

অনুবাদ পৰীক্ষাকৰণ

পৰিচয়

আমি কিয় অনুবাদ পৰীক্ষা কৰো?

অনুবাদ প্ৰক্ৰিয়াৰ অংশ স্বৰূপে, ই আৱশ্যক যে নিশ্চীত্ব কৰিবলৈ অনেক লোকে অনুবাদক পৰীক্ষা কৰা উচিত যাতে ই বাৰ্ত্তাক স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিছে যিদৰে ই প্ৰকাশ কৰা উচিত। আৰম্ভণিতে কৰা এগৰাকী অনুবাদক যি জনক তেওঁ কৰা অনুবাদটিক পৰীক্ষা কৰিবলৈ কোৱা হৈছিল, তেওঁ কৈছিল, “কিন্ত্ত মই মোৰ স্হানীয় ভাষাক শুদ্ধকৈ কব পাৰো। অনুবাদটি সেই ভাষাৰ বাবে হয়। অধিককৈ কি কৰিবলগীয়া আছে?” তেওঁ যি কৈছিল সেইয়া সত্য আছিল, কিন্ত্ত মনত ৰাখিবলগীয়া এনে দুটা বিষয় আছে।

এটা বিষয় হৈছে যে তেওঁ উৎস শাস্ত্ৰাংশক শুদ্ধকৈ বুজি নাপাবও পাৰে, আৰু সেইবাবে ই কি কোৱা উচিত তাক যি কোনোবা এজনে জানে তেওঁ হয়তু অনুবাদটিক শুদ্ধৰণি কৰিব পাৰে। এনে হব পাৰে কাৰণ তেওঁ উৎস ভাষাৰ এটা খণ্ডবাক্য বা ভাব প্ৰকাশক শুদ্ধকৈ বুজি পোৱা নাছিল। এনে বিষয়ত, কোনোবা অন্য এজনে যি জনে উৎস ভাষাক ভাল ধৰণে বুজি পায় তেওঁহে অনুবাদটি শুদ্ধৰণি কৰিব পাৰে।

বা এনেও হব পাৰে যে এটা নিৰ্দিষ্ট ঠাইত বাইবেলে কি অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে এনে কিবা বিষয়ক তেওঁ বুজি পোৱা নাছিল। এনে বিষয়ত, কোনোবা এজন যি জনে ভাইবেল খনক ভালকৈ জানে, যেনেকৈ এগৰাকী বাইবেল শিক্ষক বা এগৰাকী বাইবেল অনুবাদৰ পৰীক্ষক, তেওঁলোকে অনুবাদটিক শুদ্ধৰণি কৰিব পাৰে।

অন্য বিষয় হল যে, অনুবাদকে যদিও বৰ ভালকৈ জানিব পাৰে যে শাস্ত্ৰাংশই কি কোৱা উচিত, কিন্ত্ত তেওঁ যি ধৰণত ইয়াক অনুবাদ কৰিছিল ই অন্য ব্যক্তি এজনৰ বাবে হয়তু কিবা এটা পৃথক হে বুজাব পাৰে। সেইয়া, অন্য ব্যক্তি গৰাকীয়ে ভাবিব পাৰে যে অনুবাদকে ইচ্ছা কৰা বিষয়তকৈ অনুবাদটিয়ে অন্য কিবা এটাৰ বিষয়ে হে কৈছে, বা সেই ব্যক্তি গৰাকীয়ে অনুবাদটি শুনিছিল বা পঢ়িছিল তাক হয়তু বুজি পোৱা নাছিল যে অনুবাদ গৰাকীয়ে কি কবলৈ চেষ্টা কৰিছিল।

প্ৰায় ই এনে হয় যেতিয়া এগৰাকী ব্যক্তিয়ে এটা বাক্য লিখে আৰু ইয়াৰ পাছত অন্য ব্যক্তিয়ে ইয়াক পঢ়ে (বা কেতিয়াবা প্ৰথম ব্যক্তি গৰাকীয়ে ইয়াক পাছত যেতিয়া পঢ়ে), যি তেওঁলোকে লেখকে বুজাব বিচৰা বিষয়টি কিবা পৃথক কোৱাক হে বুজি পায়। নিম্নউল্লেখিত বাক্যক এটা উদাহৰণ স্বৰূপে ধৰি লওক।

যোহনে পিতৰক মন্দিৰলৈ লৈ গৈছিল আৰু ইয়াৰ পাছত তেওঁ ঘৰলৈ গৈছিল।

তেওঁৰ মনত তেওঁ যেতিয়া ইয়াক লিখিছিল, লেখকে বুজাইছিল যে পিতৰে ঘৰলৈ গৈছিল, কিন্ত্ত পঢ়োৱৈসকলে ভাবিছিল যে লেখকে হয়তু বুজাব বিচাৰিছে যে ই যোহন আছিল যি জনে ঘৰলৈ গৈছিল। বাক্যটি সলনি কৰাৰ প্ৰয়োজন আছে যাতে ই অতিকৈ স্পষ্ট হয়।

ইয়াৰ উপৰিও, অনুবাদক দলটি ইয়াৰ অতি ঘনিষ্ট হৈ পৰিছিল আৰু তেওঁলোকৰ কৰ্মত নিযুক্ত আছিল, আৰু সেইবাবেই তেওঁলোকে কেতিয়াবা ভূলবোৰ দেখা নাপায় যি অন্য লোকে সহজে দেখা পায়। এই কাৰণৰ বাবেই, ই পৰীক্ষা কৰাটো আৱশ্যক যে কোনোবা অন্য এজনে অনুবাদৰ পৰা কি বুজি পায় যাতে আমি ইয়াক অতিকৈ শুদ্ধ আৰু অতিকৈ স্পষ্ট কৰিব পাৰো।

এই পৰীক্ষাকৰণৰ হাতপুথি খন হৈছে পৰীক্ষা কৰা প্ৰক্ৰিয়াৰ বাবে এটা নিৰ্দেশনাৱলী। বিভিন্ন ধৰণৰ পৰীক্ষাবোৰৰ দ্বাৰাই ই আপোনাক বাট দেখুৱাব যিয়ে আপোনাক এই সমস্যাবোৰ সমাধান কৰিবলৈ অনুমতি দিব। আমি বিশ্বাস কৰো যে অনেক লোকৰ দ্বাৰাই এটা বিভিন্ন পৃথক পদ্ধতিৰে পৰীক্ষাবোৰ কৰাই পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াক এটা তীব্ৰ গতি দিব, মণ্ডলীৰ বৃহৎ অংশীদাৰ আৰু মালিকীস্বত্বক অনুমতি দিব, আৰু উত্তম অনুবাদবোৰ সৃষ্টি কৰিব।

এই বিষয়বোৰৰ অধিক উদাহৰণৰ বাবে যি পৰীক্ষা কৰাৰ প্ৰয়োজন আছে, বিষয়বোৰৰ ধৰণৰ পৰীক্ষালৈ যাওক।

  • শলাগবোৰঃ উদ্ধৃতি অনুমতি লোৱাৰ দ্বাৰাই ব্যৱহাৰ কৰা হৈছে, © ২০১৩, SIL আন্তৰাষ্ট্ৰীয়, আমাৰ স্হানীয় সংস্কৃতিক বিলাই দিয়া, প.৬৯.*