as_ta/checking/headings/01.md

9.5 KiB

খণ্ডৰ শিৰোনামবোৰৰ বিষয়ে সিদ্ধান্তবোৰ

অনুবাদৰ দলে এটা অন্যতম সিদ্ধান্ত লবলগীয়া হব যে খণ্ডৰ শিৰোনামবোৰ ব্যৱহাৰ কৰিব নে নকৰে। খণ্ডৰ শিৰোনামবোৰ বাইবেলৰ প্ৰতিটো খণ্ডৰ উপাধিৰ দৰে হয়, যিয়ে এটা নতুন বিষয়ৰ আৰম্ভণি দিয়ে। খণ্ডৰ শিৰোনামবোৰে সেই খণ্ডটি কিহৰ বিষয়ে কৈছে তাক লোকসকলক জানিব দিয়ে। কিছুমান বাইবেল অনুবাদসমূহে সেইবোৰক ব্যৱহাৰ কৰে, আৰু অন্য কিছুমানে নকৰে। আপুনি হয়তু ৰাষ্ট্ৰীয় ভাষাৰ বাইবেলৰ আচৰণক অনুকৰণ কৰিবলৈ বিচাৰিব পাৰে যি অধিক লোকে ব্যৱহাৰ কৰে। আপুনি হয়তু ইয়াকো জানিব বিচাৰিব পাৰে যে সমাজে কি ভাষা পচন্দ কৰে।

খণ্ডৰ শিৰোনাম ব্যৱহাৰ কৰণত অধিককৈ কাৰ্য্য কৰাৰ আৱশ্যকতা হয়, কাৰণ বাইবেল শাস্ত্ৰাংশৰ বাবে উপৰঞ্চিকৈ আপোনাক প্ৰতিটোৱেই লিখিবলগীয়া হব পাৰে বা অনুবাদ কৰিবলগীয়া হব পাৰে। এনে কৰাই আপোনাৰ বাইবেল অনুবাদটিক দীঘলীয়া কৰিব। কিন্ত্ত খণ্ডৰ শিৰোনামবোৰ আপোনাৰ পঢ়োৱৈসকলৰ বাবে অতিকৈ সহায়ক হব পাৰে। খণ্ডৰ শিৰোনামবোৰে বাইবেলে কত পৃথক বিষয়বোৰৰ বিষয়ে কৈছে তাক বিচাৰি উলিয়াবলৈ ই অতিকৈ সহজ কৰি দিয়ে। ব্যক্তি এগৰাকীয়ে যদি কিবা এটা নিৰ্দিষ্টকৈ চাব বিচাৰিছে, তেন্তে তেওঁ খণ্ড মূলবিষয়বোৰ কেৱল পঢ়িব পাৰে যেতিয়ালৈকে তেওঁ সেই বিষয়টিক পৰিচয় কৰি দিয়াক বিচাৰি নাপায় যি বিষয়ে তেওঁ পঢ়িব বিচাৰিছে। ইয়াৰ পাছত তেওঁ সেই খণ্ডটি পঢ়িব পাৰে।

খণ্ডৰ শিৰোনামবোৰ ব্যৱহাৰ কৰিবলৈ আপুনি যদি সিদ্ধান্ত লৈছে, তেন্তে সিদ্ধান্ত লব লাগিব যে কি ধৰণৰ আপুনি ব্যৱহাৰ কৰিব। আকৌ, কি ধৰণৰ খণ্ডৰ শিৰোনামবোৰ ভাষা সমাজে পচন্দ কৰিব তাকো আপুনি জানিব বিচাৰিব পাৰে, আৰু আপুনিও ৰাষ্ট্ৰীয় ভাষাৰ ধৰণক অনুকৰণ কৰিবলৈ বাচি লব পাৰে। এনে ধৰণৰ এটা খণ্ডৰ শিৰোনাম ব্যৱহাৰ কৰিবলৈ নিশ্চীত্ব হব যে লোকসকলে যেন বুজি পায় যি নেকি শাস্ত্ৰাংশৰ অংশ নহয় যি ই পৰিচয় কৰি দিয়ে। খণ্ডৰ শিৰোনামটি শাস্ত্ৰাংশৰ এটা অংশ নহয়; ই মাত্ৰ শাস্ত্ৰাংশৰ অন্য অংশবোৰলৈ আঙুলিয়াই দিয়াৰ পথদৰ্শক হে হয়। খণ্ডৰ শিৰোনামৰ আগত আৰু পাছত এটা খালি ঠাই ৰখা আৰু বৰ্ণমালাৰ পৃথক আকাৰক (বৰ্ণমালাৰ অন্য ধৰণ) ব্যৱহাৰ কৰাৰ বা বৰ্ণমালাৰ এটা অন্য জোখৰ যোগেদি আপুনি হয়তু ইয়াক স্পষ্ট কৰিব পাৰে। ৰাষ্ট্ৰীয় ভাষাত বাইবেলে ইয়াক কেনেকৈ কৰিছে চাওক, আৰু ভাষা সমাজৰ সৈতে পৃথক পৃথক পদ্ধিতবোৰ পৰীক্ষা কৰি চাওক।

খণ্ডৰ শিৰোনামৰ ধৰণবোৰ

খণ্ডৰ শিৰোনামৰ অনেক বিভিন্ন ধৰণবোৰ আছে। ইয়াত কিছুমান পৃথক পৃথক ধৰণবোৰ মাৰ্ক ২:১-১২ ৰ বাবে উদাহৰণৰ সৈতে প্ৰতিটো কেনেকৈ বুজাব উল্লেখ কৰা হৈছেঃ

  • সংক্ষেপিত উক্তিঃ “এগৰাকী জঠৰ ৰোগীক সুস্হ কৰাৰ যোগেদি, যীচুৱে পাপবোৰ ক্ষমা কৰিব পৰাৰ লগতে সুস্হ কৰিব পৰা তেওঁৰ কৰ্তৃত্বক প্ৰদৰ্শন কৰিছে।” খণ্ডৰ শিৰোনামক ই সংক্ষেপিত কৰিবলৈ চেষ্টা কৰিছে, আৰু সেইবাবেই ই এটা সম্পূৰ্ণ বাক্যত অধিক ভাবে সংবাদক দিছে।
  • ব্যাখামূলক মন্তব্যঃ “যীচুৱে এগৰাকী জঠৰ ৰোগীক সুস্হ কৰিছিল।” এইয়াও এটা সম্পূ্ৰ্ণ বাক্য, কিন্ত্ত পঢ়োৱৈসকলক সোঁৱৰাই দিবলৈ মাত্ৰ যথেষ্ট সংবাদ দিছে যে কোনটো খণ্ড ইয়াৰ পাছত উল্লেখ আছে।
  • প্ৰস্তাৱিত বিষয় সম্পৰ্কীয় উল্লেখঃ “এগৰাকী জঠৰ ৰোগীক আৰোগ্য কৰা।” ই অতিকৈ চুটি কৰিবলৈ চেষ্টা কৰা হৈছে, কেইটামান শব্দবোৰৰ এটা নিদৰ্শন হে কেৱল দিয়া হৈছে। ই হয়তু ঠাই বচাব পাৰে. কিন্ত্ত ই কেৱল সেই লোকসকলৰ বাবে হে ব্যৱহাৰৰ যোগ্য হব যি সকলে বাইবেল ইতিমধ্যে ভালকৈ জানে।
  • প্ৰশ্নঃ “সুস্হ কৰিবলৈ আৰু পাপবোৰ ক্ষমা কৰিবলৈ যীচুৰ কৰ্তৃত্ব আছিল নে?” ই এটা প্ৰশ্ন সৃষ্টি কৰিছে যি খণ্ডৰ জাননীবোৰে উত্তৰবোৰ দিয়ে। যি সকল লোকৰ বাইবেল সমন্ধীয় অনেক প্ৰশ্নবোৰ আছে তেওঁলোকে ইয়াক বিশেষকৈ সহায়ক যেন জ্ঞান কৰিব।
  • “বিষয়ে” মন্তব্যঃ “যীচুৱে এগৰাকী জঠৰ মানুহক সুস্হ কৰাৰ বিষয়ে।” এইয়াই ইয়াক স্পষ্ট কৰে যে খণ্ডটি কি বিষয়ে হয় তাক ই আপোনা কবলৈ চেষ্টা কৰিছে। এইয়াই হয়তু সেই এটা হয় যিয়ে ইয়াক বুজিবলৈ অতিকৈ সহজ কৰে যে সুস্হ কৰাটো শাস্ত্ৰাংশৰ শব্দবোৰৰ অংশ নহয়।

আপুনি যি দৰে বুজিব পাৰে, যে খণ্ডৰ শিৰোনামবোৰ বিভিন্ন ধৰণৰ অনেক বনাব পৰা যায়, কিন্ত্ত সেইবোৰৰ সকলোৰে একেটাই উদ্দেশ্য আছে। সেই সকলোবোৰ পঢ়োৱৈসকলক বাইবেলৰ খণ্ডৰ মূল বিষয়ৰ বিষয়ে জাননী দিব পাৰে যি ইয়াৰ পাছত থাকে। কিছুমান চুটি হয়, আৰু কিছুমান দীঘল হয়। কিছুমানে অলপীয়াকৈ এটা জাননী দিয়ে, আৰু কিছুমানে অধিককৈ দিয়ে। আপুনি হয়তু বিভিন্ন ধৰণবোৰৰ সৈতে পৰীক্ষা কৰি চাবলৈ মন মেলিব পাৰে, আৰু লোকসকলক সুধিব পাৰে যে তেওঁলোকে কোনটো ধৰণক অতিকৈ সহায়ক বুলি ভাবে।