as_ta/checking/authority-process/01.md

5.2 KiB

ব্যাখা

দায়বদ্ধতা

বাইবেল খন মণ্ডলীৰ বুৰঞ্জী সমন্ধীয় (গোটেই বুৰঞ্জী) আৰু বিশ্বব্যাপি (গোটেই বিশ্বাব্যাপি)। মণ্ডলীৰ প্ৰতিটো অংশ মণ্ডলীৰ প্ৰতিটো অন্য অংশৰ প্ৰতি দায়বদ্ধ হয়, আমি যেনেকৈ অৰ্থ ভাঙো, প্ৰচাৰ কৰো, আৰু বাইবেলে যি কয় সেইদৰে জীবন যাপন কৰো। বাইবেল অনুবাদকৰণৰ ক্ষেত্ৰত, জগতৰ প্ৰতিটো ভাষাৰ অৰ্থ প্ৰকাশ কৰাৰ ইয়াৰ নিজস্ব ধৰণ আছে যি বাইবেলে ধৰি ৰাখিছে। তথাপিতো, মণ্ডলীৰ অংশই যিয়ে প্ৰতিটো ভাষা কয় সেইয়া তেওঁলোকে অৰ্থক কেনেকৈ প্ৰকাশ কৰে তাৰ বাবে মণ্ডলীৰ অন্য অংশৰ প্ৰতি দায়বদ্ধ হয়। এই হেতুকে, যি সকল লোকে বাইবেল অনুবাদ কৰে তেওঁলোকে ইয়াক অন্য লোকসকলে কেনেকৈ অনুবাদ কৰিছিল তাক অধ্যয়ন কৰা উচিত। তেওঁলোকে অন্য লোকৰ দ্বাৰাই পৰিচালিত হোৱা উচিত আৰু অন্য লোকৰ পৰা শুদ্ধৰণি হবলৈ মুকলি হোৱা উচিত যি সকল বাইবেল ভাষাত পাৰ্গত আৰু মণ্ডলীয়ে কেনেকৈ বুজি পাইছিল আৰু বুৰঞ্জীৰ যোগেদি কেনেকৈ বাইবেল খন অৰ্থ ভাঙিছিল।

কৰ্তৃত্ব আৰু সামৰ্থতা

উপৰুক্ত বুজনিৰ পৰা, আমিও নিৰ্ণয় কৰিছো যে মণ্ডলী যিয়ে প্ৰতিটো ভাষা কয় তেওঁলোকৰ নিজেই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আছে যে তেওঁলোকৰ ভাষাত অনুবাদ হোৱা কোনটো বাইবেল অনুবাদ গুণবিশিষ্ট হয় আৰু কোনটো নহয়। এটা বাইবেল অনুবাদক (যি নিয়মীয়া)কৰ্তৃত্ব পৰীক্ষা কৰা আৰু অনুমোদন কৰাটো সামৰ্থতাৰ পৰা পৃথক হয়, বা এটা বাইবেল অনুবাদক পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ পাৰদৰ্শিতা (যি বৃদ্ধি পাবও পাৰে)। এটা বাইবেল অনুবাদৰ গুণাগুণক নিৰ্ণয় কৰাৰ বাবে থকা কৰ্তৃত্ব মণ্ডলীৰ থাকে যি সকলে অনুবাদৰ ভাষাত কথা কয়, তেওঁলোকৰ চলিত পাৰদৰ্শিতাত স্বাধীন, অভিজ্ঞা, বা বাইবেল অনুবাদৰ পৰীক্ষাকৰণৰ উৎসবোৰক পাবলৈ সহজ কৰে। গতিকে এটা ভাষা দলৰ মণ্ডলীয়ে যেতিয়া তেওঁলোকৰ নিজৰ বাইবেল অনুবাদক পৰীক্ষা কৰাৰ আৰু অনুমোদন জনোৱাৰ কৰ্তৃত্ব থাকে, মুকলি নকৰা শব্দ সঁজুলিবোৰ, অনুবাদপঢ়াশালিৰ এই আৰ্হীবোৰক সাঙুৰি, নিশ্চীত্ব কৰিবলৈ অঙ্কন কৰা হৈছে যে প্ৰতিটো মণ্ডলীৰ তেওঁলোকৰ বাইবেল অনুবাদৰ গুণাগুণক এটা উৎকৃষ্ট প্ৰক্ৰিয়া ব্যৱহাৰ কৰাৰ যোগেদি পৰীক্ষা কৰিবলৈ যেন পাৰদৰ্শিতা থাকে। এই সঁজুলিবোৰ প্ৰতিটো ভাষা দলৰ মণ্ডলীক বাইবেল পাৰ্গত লোকসকলে বাইবেলৰ বিষয়ে যি কিবা কৈছিল আৰু মণ্ডলীৰ সেই অন্য অংশত কেনেকৈ ইয়াক অন্য ভাষাবোৰত অনুবাদ কৰা হৈছিল তাক জানিব পৰা ধৰণে অঙ্কন কৰা হৈছে।

এটা অনুবাদ পৰীক্ষা কৰাৰ বাবে থকা প্ৰক্ৰিয়াক বাকি থকা এই পৰীক্ষাকৰণ পুথিত ব্যাখা কৰা হব।