as_ta/checking/alphabet/01.md

2.9 KiB

অনুবাদৰ বাবে বৰ্ণমালা

আপুনি যেনেকৈ অনুবাদ পঢ়ি যাব, তেনেকৈ নিজকে শব্দবোৰ উচ্চাৰণ কৰাৰ ধৰণৰ বিষয়ে প্ৰশ্নবোৰ নিজকে সোধক। এই প্ৰশ্নবোৰে থিৰাং কৰিবলৈ সহায় কৰিব যে ভাষাৰ শব্দক প্ৰতিনিধিত্ব কৰিবলৈ এটা শুদ্ধ বৰ্ণমালা বাচি লোৱা আৰু শব্দবোৰ মিল থকা ধৰণে লিখা হৈছে নে নাই যাতে অনুবাদটি পঢ়িবলৈ সহজ হয়।

১. নতুন অনুবাদৰ ভাষাৰ শব্দক প্ৰতিনিধিত্ব কৰিবলৈ বৰ্ণমালা শুদ্ধ হৈছে নে?(এনে কিবা ধ্বনি আছে নে যিয়ে অৰ্থত এটা প্ৰাৰ্থক্য আনে কিন্ত্ত অন্য ধ্বনি স্বৰূপে একেই সংকেতকে ব্যৱহাৰ কৰিবলগীয়া হব? শব্দবোৰক পঢ়ি যোৱাত ই কঠিন কৰিব নেকি? এই বৰ্ণবোৰক ঠিক কৰিবলৈ উপৰঞ্চি সাঁচ ব্যৱহাৰ কৰিব আৰু প্ৰাৰ্থক্যবোৰক দেখুৱাব পাৰি নে?) ১. কিতাপৰ নিয়ম অনুসৰি বানানবোৰ ব্যৱহাৰ কৰা হৈছে নে? (এনে কিবা নিয়ম আছে নে যি পৃথক পৃথক পৰিস্হিতিত শব্দবোৰ সলনি হোৱাক দেখুৱাবলৈ লেখকে অনুকৰণ কৰিবলগীয়া হয়? সেইবোৰক ব্যাখা কৰিব পৰা যায় নে যাতে অন্য লোকে ভাষাটিক কেনেকৈ সহজে লিখিব আৰু পঢ়িব পাৰি তাক জানিব পাৰে?) ১. অনুবাদক গৰাকীয়ে ভাব প্ৰকাশবোৰ, খণ্ডবাক্যবোৰ, যুটনি আখৰবোৰ, আৰু বানানবোৰ ব্যৱহাৰ কৰিছে নে যি ভাষা সমাজৰ অধিক সংখ্যকেই চিনি পাব পাৰে?

বৰ্ণমালা বা বানানৰ বিষয়ে যদি কিবা আছে যি শুদ্ধ নহয়, তাৰ এটা টোকা বনাব যাতে আপুনি ইয়াক অনুবাদক দলৰ সৈতে আলোচনা কৰিব পাৰে।