as_tw/bible/other/tax.md

7.3 KiB

কৰ, কৰসমুহ, কৰ আৰোপ কৰা হৈছিল, কৰ আৰোপ কৰা, কৰ প্ৰক্ৰিয়া, কৰদাতা, কৰ সংগ্ৰহকাৰীসকল

সংজ্ঞা:

কৰৰ অৰ্থ টকা পইচা বা সামগ্ৰী যিটো জনসাধাৰণে চৰকাৰক আদায় কৰে যত চৰকাৰৰ অধিকাৰ আছে। "কৰ সংগ্ৰাহক" এজন চৰকাৰী বিষয়া আছিল যাৰ কাম আছিল জনসাধাৰণৰ পৰা টকা সংগ্ৰহ কৰা যিটো তেখেতলোকে চৰকাৰক কৰ হিচাপে আদায় দিব লাগিছিল।

  • কৰ হিচাপে আদায় কৰা টকাৰ পৰিমান সাধাৰণতে এটা সামগ্ৰীৰ মুল্যৰ অথবা এজন ব্যক্তিৰ সম্পত্তিৰ মুল্যৰ উপৰত নিৰভৰ কৰে।.
  • যীচু আৰু পাঁচনীসকলৰ সময়ছোৱাত ৰোমান চৰকাৰে ইহুদিসকলকে ধৰি ৰোমান সাম্ৰাজ্যত বাস কৰা সকলো মানুহৰ পৰা কৰ সংগ্ৰহ কৰিছিল।.
  • কৰ আদায় নিদিয়া এজন ব্যক্তিৰ বিৰুদ্ধে পাবলগীয়া টকা আদায় কৰিবলৈ চৰকাৰে আইনী ব্যৱস্থা হাতত লব পাৰে।.
  • যোজেফ আৰু মেৰীয়ে ৰোমান সাম্ৰাজ্যত বসবাস কৰা সকলোৰ উপৰত কৰ আৰোপ কৰিবলৈ কৰা জনগণনাত নিজক গণাবলৈ বেথেলহেমলৈ যাত্ৰা কৰিছিল।.
  • "কৰ"ক বিষয়বস্তৰ ওপৰত নিৰভৰ কৰি আপেক্ষিত ভুগতান বা চৰকাৰৰ টকা বা মন্দিৰৰ টকা এনেদৰেও অনুবাদ কৰিব পাৰি।.
  • কৰ দিয়াটোক চৰকাৰক টকা দিয়া বা চৰকাৰৰ কাৰণে টকা সংগ্ৰহ কৰা বা ভুগতান আদায় দিয়া এনেদৰেওঁ অনুবাদ কৰিব পাৰি। কৰ সংগ্ৰহকৰাটোক চৰকাৰৰ কাৰণে টকা সংগ্ৰহকৰা বুলি অনুবাদ কৰিব পাৰি।
  • কৰ সংগ্ৰহকাৰী হল এজন ব্যক্তি যি চৰকাৰৰ কাৰণে কাম কৰে আৰু জনসাধাৰণে চৰকাৰক দিবলগীয়া টকা সংগ্ৰহ কৰে।.
  • ৰোমান চৰকাৰৰ কাৰণে যিসকলে কৰ সংগ্ৰহ কৰিছিল তেওঁলোকে প্ৰায়ে চৰকাৰৰ প্ৰয়োজনতকৈ বহুত বেছি টকা জনসাধাৰণৰ পৰা দাবী কৰিছিল। কৰ সংগ্ৰহকাৰীসকলে অতিৰিক্ত টকাখিনি নিজৰ কাৰণে ৰাখিছিল।.
  • কৰ সংগ্ৰহকাৰীসকলে এনেদৰে জনসাধাৰণক ঠগাৰ কাৰণে ইহুদিসকলে তেওঁবিলাকক অতি পাপীসকলৰ মাজৰ বুলি গণ্য কৰিছিল।
  • ইহুদিসকলে ইহুদি কৰ সংগ্ৰহকাৰীসকলক তেওঁবিলাকৰ নিজৰ মানুহখিনিক বিস্বাসঘাতক কৰা বুলি গণ্য কৰিছিল কাৰণ তেওঁলোকে ৰোমান চৰকাৰৰ কাৰণে কাম কৰিছিল যি ইহুদি মানুহবিলাকক দমন কৰিছিল।.
  • কৰ সংগ্ৰহকাৰীসকলে আৰু পাপীবিলাকক বাক্যাংশটো নতুন নিয়মত ইহুদিসকলে কৰ সংগ্ৰহকাৰীসকলক কিমান পৰিমাণৰ তুচ্ছ তাক বুজাবলৈ এটা সাধাৰণ অভিব্যিক্ত আছিল।

(আৰু চাওক: ইহুদি, ৰোম, পাপ)

বাইবেলত উল্লেখিত

বাইবেলৰ গল্পবোৰৰ পৰা উদাহৰণ:

34:06 তেওঁ কৈছিল, "দুজন ব্যক্তি মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল. তাৰ মাজৰ এজন কৰ সংগ্ৰহকাৰী আছিল আৰু আনজন ধৰ্মীয় নেতা আছিল।" 34:07 ধৰ্মীয় নেতাজনে এনেদৰে প্ৰাৰ্থনা কৰিছিল, ' প্ৰভু তোমাক ধন্যবাদ এইয়ে মই অন্যান্য দকাইত, অন্যায়কাৰী ব্যক্তি, পৰস্ত্ৰীগামী আনকি কৰ সংগ্ৰহকাৰীসকলৰ দৰে পাপী নহয়। 34:09 "কিন্ত কৰ সংগ্ৰাহকাৰীজন ধৰ্মীয় শাসকসকলৰ পৰা নিলগত অৱস্থান লৈছিল আনকি আকাশলৈওঁ মুৰ তুলি চোৱা নাছিল. তাৰ বিপৰীতে তেওঁ বুকু ঢকিয়াই প্ৰাৰ্থনা কৰিছিল, 'প্ৰভু অনুগ্ৰহকৰি মোক ক্ষমা কৰক কাৰণ মই এজন পাপী.'" 34:10 তেতিয়া যীচুৱে কৈছিল, "মই তোমালোকক সত্য কথাতো কওঁ যে ঈশ্বৰে কৰ সংগ্ৰহকাৰীৰ প্ৰাৰ্থনা শুনিলে আৰু তেখেতক ন্যায়পৰায়ণ বুলি ঘোষণা কৰিলে।" 35:01 এদিনাখন যীচুৱে বহুতো কৰ সংগ্ৰহকাৰীৰ লগতে অন্যান্য পাপীসকলক শিক্ষা দি আছিল যিসকলে তেওঁৰ কথা শুনিবলৈ একত্ৰিত হৈছিল।.

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Tax Collector: Strong's: H5065, H5674, G5057, G5058