as_tw/bible/other/fast.md

4.1 KiB

উপবাস, উপবাসে থকা, উপবাস কৰা, অনশন, উপবাস

সংজ্ঞা:

“উপবাস” শব্দটোৰ অৰ্থ হ’ল এটা সময়ৰ বাবে আহাৰ ভোজন কৰা বন্ধ কৰি দিয়া, হয়তো এই এটা দিন বা ততোধিক হ’ব পাৰে৷ কেতিয়াবা পানী পান কৰাৰ পৰা বিৰত থকাও অন্তৰ্ভুক্ত হয়৷

  • উপবাসে লোকসকলক খাদ্য তৈয়াৰ কৰা আৰু ভোজন কৰাৰ দ্বাৰা হোৱা অসুবিধাৰ পৰা আতৰাই ৰাখি ঈশ্বৰত ধ্যান দিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ সহায় কৰে৷
  • যীচুৱে ইহুদী ধাৰ্মিক নেতাসকলে ভুল কাৰণত উপবাস কৰা বাবে নিন্দা কৰিছিল৷ তেওঁলোকে উপবাসে আছিল যাতে আন লোকসকলে তেওঁলোকক ধাৰ্মিক বুলি গণ্য কৰে৷
  • কেতিয়াবা মানুহে উপবাসে থাকে তেওঁলোকৰ গভীৰ শোক বা কোনো বিষয়ৰ বাবে দুখ পোৱাৰ কাৰণত৷
  • “উপবাসে থকা” ক্ৰিয়াটো অনুবাদ কৰোতে “খোৱা-বোৱাৰ পৰা বিৰত থকা” বা “নাখায় থকা” বুলিও অনুবাদ কৰা হয়৷
  • “উপবাস” বিশেষ্যটো অনুবাদ কৰোতে “নোখোৱাকৈ থকাৰ সময়” বা “কাদ্যৰ পৰা বিৰত হৈ থকাৰ সময়” বুলিও কৰিব পাৰি৷

(পুনৰ চাওক: ইহুদী নেতাসকল)

বাইবেলৰ উল্লেখবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 25:01 যীচুৱে বাপ্তিষ্ম লোৱাৰ পাছত, তৎক্ষণাৎ পবিত্ৰ আত্মাই পৰিচালিত কৰি তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল, তাতে তেওঁ উপবাসত থাকিল চল্লিশ দিন আৰু চল্লিশ ৰাতি৷
  • 34:08 “উদাহৰণ স্বৰূপে, মই লঘোণে থাকো প্ৰতি সপ্তাহত দুটা সময়ত আৰু মই যিমান সম্পত্তি আৰু ধন গ্ৰহন কৰিছো, সেইসকলোৰে মই দশম ভাগ দিও৷”
  • 46:10 এদিনাখন, যেতিয়া আন্তখীয়াত খ্ৰীষ্টিয়ানসকলে উপবাসত আৰু প্ৰাৰ্থনাত আছিল, তেতিয়া পবিত্ৰ আত্মাই তেওঁলোকক ক’লে, "বাৰ্ণাবা আৰু চৌলক মোলৈ পৃথক কৰি দিয়া, মোৰ কাম কৰিবৰ বাবে মই তেওঁলোকক মাতিছোঁ৷”

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2908, H5144, H6684, H6685, G777, G3521, G3522, G3523