as_tw/bible/other/captive.md

4.6 KiB
Raw Permalink Blame History

বন্দী, বন্দীসকল, আকৃষ্ট কৰা, বিমোহিত কৰা, বন্দীদশা

সংজ্ঞা:

“বন্দী” আৰু “বন্দীদশা” শব্দটোৱে কোনো লোকক বন্দী কৰি লোৱা আৰু বলপূৰ্বক ভাবে তেওঁলোকে বাস নকৰা কোনো ঠাইলৈ নিয়া, উদাহৰণ স্বৰূপে কোনো বিদেশলৈ নিয়া বিষয়ক নিৰ্দেশ কৰে৷

  • যিহূদা ৰাজ্যৰ পৰা ইস্ৰায়েলীসকলক দখল কৰি বাবিলন ৰাজ্যলৈ বছৰৰ বাবে বন্দী কৰি নিয়া হৈছিল৷
  • বন্দীসকলক প্ৰায়ে কামৰ প্ৰয়োজনীয়তাৰ বাবে লোকসকলে বা জাতি এটাই বন্দী কৰে৷
  • দানিয়েল আৰু নহিমিয়া আছিল বন্দী ইস্ৰায়েলীসকলৰ মাজৰ, তেওঁলোকে বেবিলনৰ ৰজাৰ বাবে কাম কৰিছিল৷
  • “বন্দী কৰি লোৱা” প্ৰকাশভংগীটো হ’ল কোনো এজন লোকক বন্দী কৰাৰ বিষয়ে কোৱাৰ আন এটা পদ্ধতি৷
  • “বন্দীক তুমি তৎক্ষণাৎ লৈ যোৱা” এই প্ৰকাশভংগীটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে, “তুমি বন্দীসকলক বসবাস কৰিবলৈ বাধ্য কৰোৱা” বা “তুমি বন্দীসকলক আন এখন দেশলৈ লৈ যোৱা”৷
  • পাঁচনি পৌলে আলংকাৰিক অৰ্থত খ্ৰীষ্টিয়ানসকলক সকলো ভাবনা আৰু খ্ৰীষ্টলৈ বাধ্য হ’বৰ বাবে “বন্দী থাকা” বুলি কৈছে৷
  • তেওঁ পুনৰ কৈছে কোনো ব্যক্তি পাপৰ দ্বাৰা “বন্দীকৃত” হোৱা মানে হ’ল তেওঁ পাপৰ দ্বাৰা “নিয়ন্ত্ৰিত”৷

অনুবাদ উপদেশবোৰ

  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “দখলী বন্দী” বিষয়টো এইদৰেও অনুবাদ কৰিব পাৰি “মুকলি থাকিবলৈ অনুমতি নথকা” বা “কাৰাগাৰত বন্দী কৰি থোৱা” বা “বলপূৰ্বক ভাবে কোনো বিদেশলৈ নিয়া”৷
  • “বন্দী নিয়া” বা “বন্দী কৰা” বিষয়টোৰ প্ৰকাশ এইদৰেও অনুবাদ কৰিব পাৰি যেনে, “আধৃত” বা “কাৰাৰুদ্ধ” বা “বিদেশলৈ যাবৰ বাবে বল প্ৰয়োগ কৰা”৷
  • “বন্দীসকল” শব্দটো অনুবাদ কৰোতে এইদৰেও কৰিব পাৰি যেনে, “বন্দী কৰা লোকসকল” বা “ক্ৰীতদাস কৰা লোকসকল”৷
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “বন্দীদশা” শব্দটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে, “কাৰাদণ্ড” বা “নিৰ্বাসন” বা “বিদেশত বলপূৰ্বকতাত থকা”৷

(পুনৰ চাওক: বেবিলন, নিৰ্বাসিত, কাৰাগাৰ, বাজেয়াপ্ত কৰা)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1123, H1473, H1540, H1546, H1547, H2925, H6808, H7617, H7622, H7628, H7633, H7686, H7870, G161, G162, G163, G164, G2221