as_tw/bible/other/biblicaltimeyear.md

3.2 KiB

বছৰ, বছৰবোৰ

সংজ্ঞা:

যেতিয়া আক্ষৰিক ভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া “বছৰ” শব্দটোৱে বাইবেলত ৩৫৪ দিনৰ সময় কালৰ নিৰ্দেশ দিয়ে৷ এইটো চন্দ্ৰসংক্ৰান্তীয় কেলেণ্ডাৰ পদ্ধতি অনুসৰি কৰা হয়, ভিত্তি হ’ল চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰোতে কিমান সময় লয় তাৰে ওপৰত নিৰ্ভৰ কৰে৷

  • বৰ্তমান আধুনিক কালত সূৰ্যসংক্ৰান্তীয় কেলেণ্ডাৰত এটা বছৰত ৩৬৫ দিন ধৰি ইয়াক ১২ মাহত ভাগ কৰা হয়, এই সময় সংখ্যা নিৰ্ভৰ কৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা সময় কালৰ ওপৰত৷
  • দুয়োটা কেলেণ্ডাৰ পদ্ধতিতে এটা বছৰত ১২ মাহ আছে৷ কিন্তু কেতিয়াবা চন্দ্ৰসংক্ৰান্তীয় কেলেণ্ডাৰত তথ্য মিলাবৰ বাবে অতিৰিক্ত ভাবে ১৩ মাহ যোগ কৰা হয়, তথ্য এয়ে যে চন্দ্ৰসংক্ৰান্তীয় কেলেণ্ডাৰত দিনৰ সংখ্যা সূৰ্যসংক্ৰান্তীয় কেলেণ্ডাৰতকৈ ১১ দিন কম৷ দুয়ো খন কেলেণ্ডাৰে ইখনে সিখনৰ বাবে সহায় ধৰি ৰাখিছে৷
  • বাইবেলত কেতিয়াবা “বছৰ” শব্দটোৱে ৰূপক অৰ্থটো ব্যৱহাৰ হৈছে, এইটো হয় যেতিয়া সাধাৰণ সময়ত বিশেষ অনুষ্ঠান হয়৷ উদাহৰণ স্বৰূপে ইয়াক অন্তৰ্ভক্ত কৰিব পাৰি যেনে, “যিহোৱাৰ বছৰ” বা “অনাবৃষ্টিৰ বছৰত” বা “প্ৰভুৰ অনুগ্ৰহৰ বছৰ”৷ এই প্ৰসংগত “বছৰ” শব্দটো অনুবাদ কৰোতে “সময়” বা “কাল” বা “সময় কাল” বুলিও কৰিব পৰা যায়৷

(পুনৰ চাওক: মাহ)

বাইবেলৰ নিৰ্দেশবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3117, H7620, H7657, H8140, H8141, G1763, G2094