as_tw/bible/other/biblicaltimehour.md

3.0 KiB

ঘন্টা, ঘন্টাবোৰ

সংজ্ঞা:

বাইবেলত “ঘন্টা” শব্দটো প্ৰায়ে দিনৰ এটা ঠাইত নিৰ্দিষ্ট কাৰ্যসূচী গ্ৰহন কৰা সময়ৰ বিষয়ত ব্যৱহাৰ কৰা হয়৷ “সময়” বা “মুহুৰ্ত” বুজাবলৈ এইটো ৰূপক অৰ্থটো ব্যৱহাৰ হয়৷

  • ইহুদী সকলে দিবালোক ঘন্টা গণনা আৰম্ভ কৰে সূৰ্যোদয় (প্ৰায় ৰাতিপুৱা ৬বজাৰ) পৰা৷ উদাহৰণ স্বৰূপে “ন ঘন্টা” মানে “আবেলি প্ৰায় তিনি বজা”৷
  • ৰাতিবেলাৰ ঘন্টা গণনা আৰম্ভ কৰে সূৰ্য অস্ত (প্ৰায় আবেলি ৬ বজা)ৰ পৰা৷ উদাহৰণ স্বৰূপে “ৰাতিৰ তিনি ঘন্টা” মানে হ’ল, আমাৰ বৰ্তমান দিন পদ্ধতিত “প্ৰায় ৰাতি ন বজা”৷
  • যিহেতু বর্তমান দিনৰ সঠিক সময় পদ্ধতিৰ সম্পর্কে বাইবেলত উল্লেখ নাই, সেয়েহে “প্ৰায় ন” বা “প্ৰায় ছয় বজা” বাক্যাংশও ব্যৱহাৰ কৰিব পাৰি।
  • কিছুমান অনুবাদত এনে ধৰণৰ বাক্যাংশও যোগ হ’ব পাৰে, যেনে “সন্ধিয়া সময়ত” বা “ৰাতিপুৱা” বা “আবেলি”, ইয়ে দিনটোৰ কোন সময়ৰ বিষয়ে ক’ব বিচৰা হৈছে সেয়া স্পষ্ট কৰিব।
  • “সেই সময়ৰ মাজত” বাক্যাংশটো অনুবাদ কৰোতে “সেই সময়ত” বা “সেই মূহুর্তত” বুলিও করিব পাৰি।
  • যীচুৱে উল্লেখ কৰা প্রকাশভংগীত “তেওঁৰ সময় আহিল” অনুবাদ কৰোতে এইদৰেও কৰিব পাৰি, যেনে “তেওঁৰ বাবে সময় আহিল” বা “তেওঁৰ বাবে মনোনীত কৰা সময় আহিল”।

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8160, G5610