as_tw/bible/other/beg.md

4.4 KiB

ভিক্ষা কৰা, প্ৰাৰ্থনা কৰা, ভিক্ষাবৃত্তি, ভিক্ষাৰী

সংজ্ঞা:

“ভিক্ষা কৰা” শব্দটোৰ অৰ্থ হ’ল জৰুৰীভাবে কোনো এজন ব্যক্তিক কোনো এটা বিষয় বিচৰা৷ এইটো প্ৰায়ে টকা-পইচা বিচৰাত উল্লেখ হয়, কিন্তু সাধাৰণতে কোনো বিষয় অনুনয়কাৰীক নিৰ্দেশ কৰিবলৈও ব্যৱহাৰ কৰোতে উল্লেখ কৰা হয়৷

  • যেতিয়া কোনো এটা বিষয়ৰ অত্যন্ত প্ৰয়োজন হয়, তেতিয়া মানুহে ভিক্ষা কৰে বা অনুনয় কৰে, কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকে বিচৰাটো আন ব্যক্তি জনে দিব নে নিদিয়ে৷
  • কোনো ব্যক্তি “ভিক্ষাৰী” হয়, যি জনে সদায় টকা-পইচা খুজিবলৈ ৰাজহুৱা স্থানত বহি বা ঠিয় হৈ থাকে৷
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি এই শব্দটো অনুবাদ কৰোতে “অনুনয়” বা “জৰুৰীভাবে খোজা” বা “টকা-পইচাৰ দাবী” বা “নিয়মিতভাবে টকা-পইচা খোজা” বুলি কৰিব পাৰি৷

(পুনৰ চাওক: অনুনয়)

বাইবেল প্ৰসংগবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 10:04 ঈশ্বৰে ইজিপ্তৰ চাৰিওফালে ভেকুলী পঠালে৷ ফৰৌণে প্ৰাৰ্থনা কৰিলে মোছি ভেকুলীবোৰ লৈ যোৱা৷
  • 29:08 ৰজাই দাস জনক মাতিলে আৰু ক’লে “তুমি দুৰ্ণীতিপৰায়ণ দাস! মই তোমাৰ ধাৰ ক্ষমা কৰিলো কাৰণ তুমি প্ৰাৰ্থনা কৰিলা মোক”৷
  • 32:07 ভুতবোৰে মিনতি কৰিলে যীচুক, “অনুগ্ৰহ কৰি আমাক এই অঞ্চলৰ পৰা দূৰলৈ পঠিয়াই নিদিব”! তাতে পাহাৰৰ দাঁতিত আহাৰ খাই গাহৰীবোৰ চৰি আছিল৷ গতিকে ভুতবোৰে মিনতি কৰিলে যীচুক, “অনুগ্ৰহ কৰি আমাক এই গাহৰীবোৰৰ মাজলৈ পঠিয়াই দিয়া”!
  • 32:10 সেই মানুহ জন, যাক ভুতবোৰে ধৰি আছিল প্ৰাৰ্থনা কৰিলে যীচুৰ সৈতে একেলগে যাবৰ বাবে৷
  • 35:11 তেওঁৰ পিতৃ বাহিৰলৈ ওলাই আহিল আৰু মিনতি কৰিলে আহা আৰু তেওঁলোকৰ সৈতে আনন্দ কৰা, কিন্তু তেওঁ প্ত্যাখ্যান কৰিলে৷”
  • 44:01 এদিনা খন পিতৰ আৰু যোহন মন্দিৰলৈ গৈ আছিল৷ তেওঁলোকে প্ৰায় মন্দিৰৰ প্ৰৱেশদ্বাৰ পাইছিল, তেওঁলোকে দেখিলে যে এজন পঙ্গু মানুহ যি ভিক্ষাবৃত্তিধাৰী টকা-পইচাৰ বাবে৷

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H34, H7592, G154, G1871, G4319, G4434, G6075