as_tw/bible/other/12tribesofisrael.md

2.6 KiB

ইস্ৰায়েলৰ বাৰ ফৈদ, ইস্ৰায়েলৰ বাৰ ফৈদৰ সন্তানসকল, বাৰ ফৈদ

সংজ্ঞা:

ইস্ৰায়েলৰ বাৰ ফৈদৰ প্ৰসংগত ইয়াৰ চৰ্তাৱলী হ’ল, যাকোবৰ বাৰ জন সন্তান আৰু তেওঁলোকৰ বংশধৰ।

  • যাকোব হ’ল আব্ৰহামৰ নাতি। ঈশ্বৰে যাকোবৰ নাম সলনি কৰি ইস্ৰায়েল দিছিল।
  • এইবোৰ হ’ল ফৈদ সমূহৰ নাম: ৰুবেন, চিমোন, লেবী, যিহুদা, দান, নপ্তালী, গাদ, আচেৰ, ইচাখৰ, জুবুলুন, যোচেফ, আৰু বিন্যামীন।
  • কানান দেশত লেবীৰ বংশধৰ সকলে উত্তৰাধীকাৰ পোৱা নাছিল, কাৰণ ঈশ্বৰে তেওঁলোকক তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বাবে পুৰোহিত হিচাবে পৃথক কৰি লৈছিল।
  • যোচেফে দেশৰ উত্তৰাধীকাৰ হিচাবে দুভাগ গ্ৰহন কৰিছিল, কাৰণ তেওঁৰ দুজন সন্তান ইফ্রায়িম আৰু মানাচেৰ ভাগ দুটাও পাইছিল।
  • বাইবেলৰ বিভিন্ন ঠাইত বাৰ ফৈদৰ তালিকা সাধাৰণ পৃথক ৰূপে আছে। কেতিয়াবা লেবী, যোচেফ, বা দান তালিকাৰ পৰা বাহিৰত আছে আৰু কেতিয়াবা যোচেফৰ দুজন সন্তান ইফ্ৰায়িম আৰু মানচীৰ নাম তালিকাভুক্ত হৈছে।

(চাওক: উত্তৰাধিকাৰী, ইস্ৰায়েল, যাকোব, পুৰোহিত, ফৈদ)

বাইবেলৰ প্ৰসংগ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3478, H7626, H8147, G1427, G2474, G5443