as_tw/bible/names/tarshish.md

2.4 KiB

তাৰশিশ

বাস্তৱ:

তাৰশিশ পুৰণি নিয়মত উল্লেখিত দুজন ব্যক্তিৰ নাম আছিল. ই এখন নগৰৰ নামও আছিল.

  • যাফেৎ ৰ নাতিয়েকসকলৰ মাজৰ এজনৰ নাম তাৰাশিশ আছিল.
  • ৰজা অহেচবেৰোচ ৰ জ্ঞানীলোকসকলৰ মাজৰে এজনৰ নাম তাৰাশিশ আছিল.
  • তাৰশিশ নগৰখন এখন প্ৰাচুয্যৰেভৰা বন্দৰনগৰ আছিল যিনগৰৰ জাহাজবিলাকে অতি মূল্যৱান সামগ্ৰীবিলাক বেচা, কিনা আৰু ব্যৱসায় কৰিবলৈ পৰিবহন কৰিছিল.
  • নগৰখন তূৰ সজোৱা হৈছিল আৰু ইয়াক এখন ফিনিশীয় নগৰ হিছাপে ভবা হেছিল যিখন ইজৰাইলৰ পৰা অলপ নিলগত অৱস্থিত আছিল, সম্ভৱত স্পেইনৰ দক্ষিণ তীৰত.
  • পুৰণি নিয়মত ভাববাদী যোনা নীনবীলৈ গৈ প্ৰচাৰ কৰিবলৈ যাবলৈ দিয়া ঈশ্বৰৰ আদেশ আওকান কৰি তৰ্চিচ নগৰলৈ এখন জাহাজত যাত্ৰা আৰম্ভ কৰিছিল.

(অনুবাদ পৰামৰ্শ: কেনেদৰে নামবিলাক অনুবাদ কৰিব)

(আৰু চাওক: ইষ্টেৰ, যাফৎ, যোনা, নীনবী, ফিনিশীয়, জ্ঞানী লোকসকল)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8659