as_tw/bible/names/elijah.md

5.3 KiB

এলিয়

তথ্য:

এলিয় যিহোৱাৰ এজন গুরুত্বপূর্ণ ভাববাদী আছিল। এলিয় ইস্রায়েল আৰু যিহূদাত ৰজা আহাবসহ আন আন বহু ৰজাৰ ৰাজত্বকালত ভাববাণী প্ৰচাৰ কৰিছিল৷

  • ঈশ্বৰে এলিয় জড়িয়তে মৃত সন্তানক জীবিত কৰাৰ উপৰিও অনেক আশ্চর্য কৰ্ম কৰিছিল।
  • এলিয়ই সাহসেৰে ৰজা আহাবৰ মিথ্যা দেবতা বালৰ পূজা আৰধনাত বাধা দিছিল।
  • তেওঁ যিহোৱাহে একমাত্ৰ সত্য ঈশ্বৰ ইয়াক পৰীক্ষা কৰি প্ৰমাণ কৰিবৰ বাবে বালৰ ভাববাদীসকলক প্ৰত্যাহ্বান জনাইছিল৷
  • এলিয়াৰ জীৱনৰ শেষ সময়ত ঈশ্বৰে আচৰিতভাবে তেওঁক স্বৰ্গলৈ তুলি নিছিল, সেই সময়ত তেওঁ জীৱন্ত অৱস্থাত আছিল৷
  • শত শত বছর পাছত যীশুয়ে পাহাৰৰ ওপৰত গৈ এলিয়াক মোচীৰ সৈতে প্রকাশ পাইছিল, আৰু তেতিয়া তেওঁলোকে যীচুৰ সৈতে একেলগে জেৰুচালেমত আহিবলগীয়া কষ্ট আৰু মৃত্যুৰ বিষয়ত কথা পাতিছিল৷

(অনুবাদৰ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: আচৰিত কৰ্ম, ভাববাদী, যিহোৱা)

বাইবেলৰ উল্লেখবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণবোৰ:

  • 19:02 এলিয়া যেতিয়া আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল, তেতিয়া তেওঁ এজন ভাবাদী আছিল৷
  • 19:02 এলিয়া আহাবক কৈছিল, "মই যেতিয়ালৈকে নকও তেতিয়ালৈকে ইয়াত বৰষুণ বা নিয়ৰ নপৰিব৷"
  • 19:03 ঈশ্বৰে ক’লে এলিয়া মৰুপ্ৰান্তৰ সেই জুৰিটোৰ পাৰলৈ গৈ তাতে আহাবৰ পৰা লুকাই থাকা, কিয়নো তেওঁ তোমাক বধ কৰিব৷ প্ৰতিটো ৰাতিপুৱা আৰু গধুলি চৰাই আহি তেওঁক পিঠা আৰু মাংস যোগান ধৰিছিল৷
  • 19:04 কিন্তু তেওঁলোকে যত্ন লৈছিল এলিয়াৰ, আৰু ঈশ্বৰে প্ৰমাণ কৰি দিছিল যে তেওঁলোকৰ আটাগুৰি থোৱা পাত্ৰ আৰু তেল থোৱা পাত্ৰ কেতিয়াও উদং নহৈছিল৷
  • 19:05 তিনি বছৰ ছয় মাহ পাছত, ঈশ্বৰে ক’লে এলিয়া ইস্ৰায়েল ৰাজ্যলৈ উভতি যোৱা আৰু আহাবৰ সৈতে কথা হোৱা, কিয়নো তেওঁ পুনৰ বৰষুণ পঠিয়াবলৈ বিচাৰিছে৷
  • 19:07 তেতিয়া এলিয়াই বালৰ ভাববাদীসকলক ক’লে, “এটা ষাড় বধ কৰা আৰু এটা বলিদান যুগুত কৰা, কিন্তু জুই নিদিবা৷
  • 19:12 তেতিয়া এলিয়াই ক’লে, “বালৰ যিকোনো ভাববাদীক পলায়ণ কৰিবলৈ নিদিবা!”
  • 36:03 তেতিয়া মোচী আৰু সেই ভাববাদী এলিয়া দৃশ্যমান হ’ল৷ এই লোকসকলে শত শত বছর আগে বাস কৰিছিল৷ তেওঁলোকে যীচুৰ সৈতে তেওঁৰ জেৰুচালেমত হ’বলগীয়া মৃত্যুৰ বিষয়ে কথা পাতিলে৷

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H452, G2243