as_tw/bible/names/bathsheba.md

3.7 KiB

বেৎচেবা

তথ্যবোৰ:

বেৎচেবা আছিল দায়ুদৰ সেনা বাহিনীৰ সেনা উৰিয়াৰ ভাৰ্যা৷ উৰিয়াৰ মৃত্যুৰ পাছত, তেওশ দায়ুদৰ ভাৰ্যা হৈছিল আৰু তেওঁ চলোমনৰ মাতৃ আছিল৷

  • বেৎচেবাই উৰিয়াৰ সৈতে বিবাহ হওতে দায়ুদে তাইৰ সৈতে ব্যভিচাৰ কৰিছিল৷
  • যেতিয়া বেৎচেবা দায়ুদৰ সন্তান লৈ গৰ্ভবতী আছিল, তেতিয়া দায়ুদে যুদ্ধ ঘটাই উৰিয়াক যুদ্ধত বধ কৰিছিল৷
  • দায়ুদে বেৎচেবাক বিবাহ কৰালে আৰু তাই তেওঁলোকৰ সন্তানবোৰ জন্ম দিলে৷
  • জন্মৰ কেইদিন মানৰ পাছতে তেওঁৰ সন্তানৰ মৃত্যু হৈছিল, এইদৰে ঈশ্বৰে দায়ুদক তেওঁ কৰা পাপৰ শাস্তি দিছিল৷
  • পাছত বেৎচেবাই আন পুত্ৰ জন্ম চলোমনক দিছিল, দায়ুদৰ পাছত ৰজা হিচাপে তেওঁ বৃদ্ধি লাভ কৰিছিল৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: দায়ুদ, চলোমন. উৰিয়া)

বাইবেল প্ৰসংগবোৰ:

বাইবেলৰ কাহিনীবোৰৰ পৰা উদাহৰণ:

  • 17:10 এদিনা খন, যেতিয়া দায়ুদৰ সৈন্যসকলে ঘৰৰ পৰা যুদ্ধ কৰিবলৈ ওলাই গৈছিল, তেওঁ আবেলিৰ টুপনিৰ পৰা উঠি বাহিৰলৈ ওলাই আহিছিল আৰু এজনী ধুনীয়া মহিলাক গা ধুই থকা দেখা পাইছিল৷ তাইৰ নাম আছিল __বেৎচেবা__৷
  • 17:11 কম সময়ৰ পাছত বেৎচেবাই এটা বাৰ্তা পঠাই দায়ুদক কৈছিল যে তাই এতিয়া গৰ্ভবতী আছে৷
  • 17:12 বেৎচেবাৰ স্বামী, তেওঁৰ নাম উৰিয়া, তেওঁ আছিল দায়ুদৰ এজন ভাল সৈন্য৷
  • 17:13 উৰিয়াক বধ কৰাৰ পাছত, দায়ুদে বিয়া পাতিলে __বেৎচেবাক__৷
  • 17:14 পাছত, দায়ুদ আৰু বেৎচেবা বেলেগ এজন পুত্ৰ পালে, আৰু তেওঁলোকে তেওঁৰ নাম চলোমন ৰাখিলে৷

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1339