as_tw/bible/kt/sanctify.md

3.1 KiB

শুচি, পবিত্ৰ কৰা, শুচি কৰণ

সংজ্ঞা:

শুচি কৰা মানে পৃথকে ৰখা বা পবিত্ৰ কৰা। পবিত্ৰ কৰাৰ পদ্ধতিটো হয় শুচি কৰণ।

  • পুৰণি নিয়মত নিৰ্দ্দিষ্ট লোক আৰু বস্তুবোৰক পবিত্ৰ কৰণ কৰা হৈছিল বা ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পৃথকে ৰখা হৈছিল।
  • নতুন নিয়মত শিক্ষা দিয়া হয় যে, যীচুক বিশ্বাস কৰা লোকসকলক ঈশ্বৰে পবিত্ৰ কৰে। সেয়ে হল, তেওঁ তেওঁলোকক পবিত্ৰ কৰি তেওঁৰ পৰিচৰ্যাৰ অৰ্থে পৃথকে ৰখে।
  • যীচুত বিশ্বাসীসকলেও ঈশ্বৰলৈ নিজকে পবিত্ৰ কৰি, যি কৰে সকলো পবিত্ৰতাৰে কৰিবলৈ আজ্ঞা দিয়া হৈছে।

অনুবাদ পৰামৰ্শ:

  • প্ৰসঙ্গৰ ওপৰত নিৰ্ভৰ কৰি, "শুচি" শব্দটো "পৃথকে ৰখা" বা "পবিত্ৰ কৰা" বা "শুদ্ধি কৰণ" এইদৰে অনুবাদ কৰিব পাৰি।
  • লোকসকল নিজকে শুচি কৰি, শুদ্ধি কৰণ কৰিহে ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে নিজকে উতসৰ্গ কৰে। "পবিত্ৰ" শব্দটো বাইবেলত প্ৰায়েই এই অৰ্থত ব্যৱহাৰ কৰা হৈছে।
  • যেতিয়া ইয়াৰ অৰ্থ "পবিত্ৰ," হয়, তেতিয়া এই শব্দটো "ঈশ্বৰলৈ কোনোজন বা কোনো বস্তু উতসৰ্গ কৰা" বুলি অনুবাদ কৰিব পাৰি।
  • প্ৰসঙ্গ ওপৰত নিৰ্ভৰ কৰি "আপোনাৰ পবিত্ৰ কৰণ" এই বাক্যটো "আপোনাক পবিত্ৰ কৰা" বা "ঈশ্বৰৰ অৰ্থে পথকে থাকা" বা "আপোনাক কি পবিত্ৰ কৰে" এইদৰেও অনুবাদ কৰিব পাৰি।

(আৰু চাওক: শুচি, পবিত্ৰ, পৃথক কৰা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H6942, G37, G38