as_tw/bible/kt/blood.md

6.2 KiB

তেজ

সংজ্ঞা:

“তেজ” শব্দটোৱে এজন মানুহৰ আঘাট পোৱা বা ঘাঁ হোৱা ঠাইৰ ছালৰ পৰা ওলোৱা ৰঙচুৱা পনীয়া পদাৰ্থ বিধক নিৰ্দেশ কৰে৷ তেজে মানুহৰ শৰীৰত পৰিপোষক পদাৰ্থ কঢ়িয়াই জীৱন দান কৰে৷

  • তেজ জীৱনৰ প্ৰতীক স্বৰূপ হয় আৰু যেতিয়া ই পতিত হয় বা বাহিৰলৈ ওলাই আহে, তেতিয়া ই জীৱন ধ্বংস হোৱা বা মৃত্যু হোৱাৰ প্ৰতীক স্বৰূপ হয়৷
  • যেতিয়া লোকসকলে ঈশ্বৰলৈ বলিদান কৰে, তেতিয়া তেওঁলোকে এটা জন্তু বধ কৰে আৰু তাৰ তেজ যজ্ঞবেদীত ঢালি দিয়ে৷ মানুহৰ পাপৰ মূল্যৰ প্ৰতীক স্বৰূপে এটা জন্তুৰ জীৱন বলিদান কৰা হয়৷
  • ক্ৰুচত তেওঁৰ মৃত্যুৰ যোগেদি, যীচুৰ তেজে প্ৰতীকি অৰ্থত লোকসকলক তেওঁলোকৰ পাপৰ পৰা শুচি কৰিলে আৰু তেওঁলোকৰ পাপৰ বাবে তেওঁলোকলৈ ৰাখি থোৱা দণ্ডাজ্ঞাৰ মূল্য ভৰিলে৷
  • “মাংস আৰু তেজ”ৰ প্ৰকাশে মানুহক নিৰ্দেশ কৰে৷
  • “নিজৰ মাংস আৰু তেজ” এনে প্ৰকাশে জন্মগত ভাবে সম্পৰ্ক থকা লোকক নিৰ্দেশ কৰে৷

অনুবাদ উপদেশবোৰ:

  • লক্ষ্য কৰি লোৱা ভাষাটোত তেজ শব্দটোত কি ব্যৱহাৰ কৰা হয় তাৰ সৈতে এই শব্দটো অনুবাদ কৰা হওক৷
  • “মাংস আৰু তেজ”ৰ প্ৰকাশটো অনুবাদ কৰোতে “লোক” বা “মানুহ” বুলিও কৰিব পৰা যায়৷
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “মোৰ নিজৰ মাংস আৰু তেজ” বাক্যাংশটোৰ প্ৰকাশ “মোৰ নিজৰ পৰিয়াল” বা “মোৰ নিজৰ সম্পৰ্কীয়” বা “মোৰ নিজৰ মানুহ” বুলিও অনুবাদ কৰিব পাৰি৷
  • যদি ইয়াত প্ৰকাশভংগীটোৰ অৰ্থ লক্ষ্য কৰা ভাষাটোৰ সৈতে ব্যৱহাৰ হয়, তেনেহলে ইয়াৰ প্ৰকাশভংগীটো ব্যৱহাৰ কৰোতে “মাংস আৰু তেজ” বুলিয়ে অনুবাদ কৰা হওক৷

(পুনৰ চাওক: মাংস)

বাইবেলৰ প্ৰসংগবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 08:03 যোচেফৰ ককায়েকসকলে ঘৰলৈ উভতি অহাৰ আগতে, তেওঁলোকে যোচেফৰ পোচাক ফালি পেলাইছিল আৰু ইয়াক ডুবাই দিছিল ছাগলীৰ __তেজত__৷
  • 10:03 ঈশ্বৰে নীল নদীৰ পানী ৰূপান্তৰিত কৰিছিল তেজত, কিন্তু ফৌৰণে তেতিয়াও ইস্ৰায়েলীসকলক যাবলৈ দিয়া নাছিল৷
  • 11:05 ইস্ৰায়েলীসকলৰ সকলো ঘৰত দিয়া হৈছিল তেজ সকলো দুৱাৰত, গতিকে তেওঁলোকৰ ঘৰবোৰৰ পৰা ঈশ্বৰ পাৰ হৈ গৈছিল আৰু ভিতৰত থকা প্ৰতিজনে ৰক্ষা পাইছিল৷ তেওঁলোকে ৰক্ষা পাইছিল মেৰৰ __তেজৰ কাৰণে__৷
  • 13:09 সেই তেজ জন্তুৰ বলিদান কৰা তেজ, সেয়ে ব্যক্তি এজনৰ পাপ ঢাকি ধৰে আৰু ঈশ্বৰৰ সন্মুখত সেই ব্যক্তিক শুচি কৰে৷
  • 38:05 তেতিয়া যীচুৱে এটা পিয়লা ল’লে আৰু ক’লে, “ইয়াক পান কৰা৷ এয়া মোৰ তেজ নতুন নিয়মৰ, ইয়াক পাপ ক্ষমাৰ বাবে উলিওৱা হ’ল৷
  • 48:10 যেতিয়া কোনো এজনে যীচুক বিশ্বাস কৰে, তেতিয়া সেই তেজ যীচুৰ দ্বাৰা সেই ব্যক্তিৰ পাপক তৎক্ষণাৎ লৈ অহা হয় আৰু তেওঁত ঈশ্বৰৰ কোনো দণ্ডাজ্ঞা নাই৷

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1818, H5332, G129, G130, G131, G1420