as_tw/bible/kt/birthright.md

2.7 KiB

জন্মৰ অধিকাৰ

সংজ্ঞা:

বাইবেলত “জন্মৰ অধিকাৰ” বিষয়টোৱে সন্মান, পৰিয়ালৰ নাম, আৰু প্ৰাকৃতিক সম্পত্তিক নিৰ্দেশ কৰে, এইবোৰ সাধাৰণতে পৰিয়ালত প্ৰথমে জন্মা পুত্ৰ জনক দিয়া হয়৷

  • প্ৰথমে জন্মা পুত্ৰৰ জন্ম অধিকাৰত অন্তৰ্ভুক্ত হৈ থাকে পিতৃৰ উত্তৰাধিকাৰৰ দুগুণ অংশ৷
  • এজন ৰজাৰ প্ৰথমে জন্মা পুত্ৰৰ জন্ম অধিকাৰ হিচাবে সাধাৰণতে পিতৃৰ মৃত্যুৰ পাছত শাসন ক্ষমতা দিয়া হয়৷
  • এচৌৱে তেওঁৰ জন্মৰ অধিকাৰ তেওঁৰ ভাই যাকোবৰ ওচৰত বিক্ৰি কৰিছিল৷ ইয়াৰ কাৰণে প্ৰথমে জন্মা এচৌৰ উপস্থিতিতে আশীৰ্বাদ হিচাবে যাকোব উত্তৰাধিকাৰী হৈছিল৷
  • জন্ম অধিকাৰো প্ৰথমে জন্মা পুত্ৰৰ বংশলতাৰ যোগেদি পৰিয়ালৰ সন্মান হিচাবে অন্তৰ্ভুক্ত কৰা হয়৷

অনুবাদ উপদেশবোৰ:

  • সম্ভৱপৰ পদ্ধতিত অনুবাদ কৰিলে “জন্ম অধিকাৰ” বিষয়টো এইদৰেও কৰিব পাৰি যেনে, “অধিকাৰ আৰু প্ৰথমে জন্মা পুত্ৰৰ সম্পত্তি” বা “পৰিয়ালৰ সন্মান” বা “সুবিধা আৰু প্ৰথমে জন্মা পুত্ৰৰ উত্তৰাধিকাৰ”৷

(পুনৰ চাওক: প্ৰথমে জন্মা, উত্তৰাধিকাৰী, বংশ)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1062, G4415