as_tw/bible/kt/apostle.md

5.3 KiB

পাঁচনি, পাঁচনিসকল, পাঁচনিবাব

সংজ্ঞা:

এই “পাঁচনিসকল” মানে হ’ল যীচু দ্বাৰা ঈশ্বৰৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ পঠোৱা লোক৷ “পাঁচনিবাব” পৰিভাষাটোৱে যিসকলক পাঁচনি হিচাপে নিৰ্বাচিত কৰিছিল, সেই লোকসকলৰ পদবী আৰু কৰ্তৃত্বক নিৰ্দেশ কৰে৷

  • “পাঁচনি” শব্দটোৰ অৰ্থ হ’ল “এনে এজন ব্যক্তি, যি জনক এটা বিশেষ উদ্দেশ্যৰ বাবে বাহিৰলৈ পঠোৱা হয়”৷ তেওঁ এজনক যেনেদৰে পঠায়, তেনেদৰে এজন পাঁচনিৰো একে কৰ্তৃত্ব থাকে৷
  • “যীচু”ৰ একেবাৰে ওচৰত থকা বাৰ জন শিষ্য প্ৰথমে পাঁচনি হৈছিল৷ আন ব্যক্তিও, যেনে পৌল আৰু যাকোবেও পাছত পাঁচনিবাব পাইছিল৷
  • ঈশ্বৰৰ শক্তিৰ দ্বাৰাই পাঁচনি সকলে দৃঢ়ভাবে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু লোকসকলক সুস্থ কৰিবলৈ সমৰ্থ হৈছিল আৰু লোকসকলৰ পৰা ভুতৰ শক্তিক বাহিৰ কৰিবলৈ সমৰ্থ হৈছিল৷

অনুবাদ উপদেশবোৰ:

  • “পাঁচনি” শব্দটো অনুবাদ কৰোতে অৰ্থবোৰ এই শব্দ বা বাক্যাংশৰ দৰেও হ’ব পাৰে, যেনে “কোনো এজন, যাক বাহিৰলৈ পঠোৱাহয়” বা “পঠোৱা এজন” বা “এজন ব্যক্তি, যি জনক পঠোৱা হয় বাহিৰলৈ আৰু ঈশ্বৰৰ বাণী লোকসকলৰ মাজত প্ৰচাৰ কৰে৷
  • “পাঁচনি” আৰু “শিষ্য” এই পৰিভাষা দুটা পৃথক পদ্ধতিত অনুবাদ কৰাটো অতি প্ৰয়োজন৷
  • বাইবেল অনুবাদত স্থানীয় বা জাতীয় ভাষাত এই পৰিভাষাটো অনুবাদ কৰোতে কেনেকৈ কৰা হয়, সেই বিষয়ত বিবেচনাও কৰা হয়৷

(চাওক কেনেকৈ নজনাবোৰ অনুবাদ হয়)

(পুনৰ চাওক: কৰ্তৃত্ব, শিষ্য, যাকোব (চিবদীয়ৰ পুত্ৰ), পৌল, বাৰ জন)

বাইবেল প্ৰসংগবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 26:10 যেতিয়া যীচুৱে বাৰ জনক নিৰ্বাচিত কৰিলে, তেতিয়া সেইসকল লোকক কোৱা হয় পাঁচনিসকল. সেই পাঁচনিসকল যীচুৰ সৈতে যাত্ৰা কৰিলে আৰু তেওঁৰ পৰা শিকিলে৷
  • 30:01 যীচুৱে তেওংৰ পঠিয়ালে পাঁচনিসকলক প্ৰচাৰ কৰিবলৈ আৰু বিভিন্ন গাওঁবোৰত লোকসকলক শিকাবলৈ৷
  • 38:02 যিহূদা আছি যীচুৰ __পাঁচনিসকলৰ এজন__৷ তেওঁ ভাৰপ্ৰাপ্ত আছিল পাঁচনিসকলৰ ধনৰ মোনাৰ, কিন্তু তেওঁ ধনক প্ৰেম কৰিছিল আৰু প্ৰায়ে মোনাৰ পৰা চুৰ কৰিছিল৷
  • 43:13 শিষ্য সকল নিজে অনুগত আছিল পাঁচনি সকলৰ শিক্ষা, সহভাগীতা, খোৱা-বোৱা কৰা, একত্ৰিত হৈ থকা আৰু প্ৰাৰ্থনাত৷
  • 46:08 যেতিয়া বাৰ্নাবা নামৰ বিশ্বাসী জনে চৌলক লৈ গ”ল পাঁচনি সকলৰ ওচৰলৈ আৰু তেওঁলোকক ক’লে চৌলে কেনেকৈ দম্মেচকত ঘোষণা কৰিছিল৷

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G651, G652, G2491, G5376, G5570