as_obs/content/43.md

57 lines
8.7 KiB
Markdown

# ৪৩. মণ্ডলীৰ আৰম্ভণী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-01.jpg)
যীচু স্বৰ্গলৈ উলটি যোৱাৰ পিছত, যীচুৱে তেওঁলোকক যেনে দৰে কৈছিল সেই দৰে তেওঁলোক যিৰূচালেমতে থাকিল ৷ সেই সময়ত যীচুক বিশ্বাস কৰা বিশ্বাসী সকলে প্ৰায়ে প্ৰাৰ্থনাৰ বাবে এক লগ হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-02.jpg)
প্ৰতি বছৰে, নিস্তাৰ পৰ্ব্বৰ ৫০ দিনৰ পিছত, যিহুদী সকলে পঞ্চাশ দিনীয়া পৰ্ব্ব পালন কৰি আহিছিল ৷ সেই সময়ত পৃথিবীৰ সকলো স্থানৰ যিহূদী সকল যিৰূচালেমত এক লগ হৈ পঞ্চাশ দিনীয়া পৰ্ব্ব উদযাপন কৰে ৷ সেই বাৰো যীচু স্বৰ্গলৈ যোৱাৰ এক সপ্তাহৰ পিছতে সেই পৰ্বৰ দিন উপস্থিত হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-03.jpg)
যীচুৰ বিশ্বাসী সকল যেতিয়া একে লগে আছিল, তেতিয়া তেওঁবিলাক থকা ঘৰটোত এক প্ৰচণ্ড শব্দৰে বতাহ প্ৰৱেশ কৰিলে ৷ ইয়াৰ পিছত জুইৰ শিখাৰ দৰে কোনো বস্তু তাত উপস্থিত থকা প্ৰতিজনৰ মূৰৰ ওপৰত স্থিতি লয় ৷ তাতে তেওঁবিলাক আটায়ে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় আৰু আন আন ভাষাৰে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰে ৷ এই ভাষা সমূহ কবৰ বাবে তেওঁবিলাকক পবিত্ৰ আত্মাই সহায় কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-04.jpg)
পাছে যেতিয়া যিৰূচালেমৰ লোক সমূহে তেওঁবিলাকে আন আন ভাষাৰে কথা কৈ থকা শব্দ শুনিলে, তেতিয়া তেওঁলোকে কি কৈছে তাক চাবৰ বাবে তালৈ আহিল ৷ তেওঁলোকে শিষ্য সকলে ঈশ্বৰৰ কৰা মহান কাৰ্য্যৰ প্ৰশংসা কৰি থকা শুনিবলৈ পালে ৷ পাছে তেওঁলোকে সেই বাৰ্তা তেওঁলোকৰ নিজ নিজ ভাষাৰে তেওঁবিলাকক কৈ কথা শুনিবলৈ পোৱাত অতিশয় বিস্ময় মানিলে
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-05.jpg)
তাৰে কিছুমান লোকে তেওঁলোকক দ্ৰাক্ষাৰসেৰে মতলীয়া হৈ থকা বুলি কলে ৷ পাছে পিতৰে থিয় হৈ তেওঁলোকৰ আগত কলে, “মোৰ কথা শুনা ! এই লোক সকল মতলীয়া হৈ থাক নাই! কিন্তু তোমালোকে দি দেখিছা সেয়া যোৱেল ভাৱবাদীয়ে কোৱা কথা সম্পূৰ্ণ হৈছেঃ ঈশ্বৰে তেওঁৰ যোগেদি কৈছিল, ‘শেষৰ দিনা মোৰ আত্মা বাকি দিম ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-06.jpg)
“হে ইস্ৰায়েলৰ নিবাসী, যীচু এনে এজন ব্যক্তি আছিল যিয়ে অনেক আচৰিত কাৰ্য্য কৰাৰ দ্বাৰাই তেওঁ কোন আছিল তাক প্ৰকাশ কৰিছিল ৷ ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ অনেক আচৰিত কাৰ্য্য কৰিছিল ৷ তোমালোকে ইয়াক জানা, কিয়নো তোমালোকে নিজে তাৰ সাক্ষ্য হৈছিলা ৷ কিন্তু তোমালোকে তেওঁক ক্ৰুচত বধ কৰিলা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-07.jpg)
“যীচু মৰিলে, কিন্তু ঈশ্বৰে তেওঁক মৃত লোকৰ মাজৰ পৰা পুনৰ জীয়াই তুলিলে ৷ ইয়াৰ দ্বাৰাই ভাৱবাদীয়ে যি লিখিছিল তাৰ প্ৰমাণ হয়ঃ “তুমি তোমাৰ পবিত্ৰ জনক কবৰত ক্ষয় যাবলৈ নিদিবা ৷” ঈশ্বৰে যে তেওঁক পুনৰ জীয়াই তুলিলে তাৰ সাক্ষ্য আমি আছো ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-08.jpg)
“পিতৃ ঈশ্বৰে এতিয়া তেওঁক নিজৰ সোঁ-হাতেৰে ওখ পদ দিছে ৷ আৰু আমাৰ আগত প্ৰতিজ্ঞা কৰাৰ দ্বাৰাই যীচুৱে আমাৰ বাবে পবিত্ৰ আত্মা পঠিয়ালে ৷ আৰু এতিয়া তোমালোকে যি দেখিছা আৰু শুনিছা সেয়ে পবিত্ৰা আত্মাৰ দ্বাৰাই কৰা হৈছে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-09.jpg)
“তোমালোকে যীচুক ক্ৰুচবিদ্ধ কৰি মাৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁক সকলোৰে ওপৰত প্ৰভু আৰু মচীহ পাতিলে !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-10.jpg)
যি সকলে পিতৰৰ কথা লোকে শুনি আছিল সেই সকলৰ হৃদয়ে তেওঁৰ কথাই বিন্ধিলে ৷ সেয়েহে তেওঁলোকে পিতৰ আৰু শিষ্য সকলক সুধিলে, “ভাই সকল আমি কৰিব লাগিব ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-11.jpg)
পিতৰে উত্তৰ দি কলে, “ঈশ্বৰে যেন তোমালোকক ক্ষমা কৰে ইয়াৰ বাবে তোমালোক সকলো নিজ নিজ পাপৰ বাবে অনুতাপ কৰি মনপালটন কৰা, আৰু যীচুৰ নামেৰে বাপ্তিস্ম গ্ৰহণ কৰা ৷ তেতিয়া তোমালোককো তেওঁ পবিত্ৰ আত্মা বৰ হিচাপে দিব ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-12.jpg)
তাতে পিতৰ কথা শুনি তাত থকা মানুহৰ প্ৰায় ৩০০০ লোক যীচুৰ শিষ্যত্ব গ্ৰহণ কৰিলে ৷ তেওঁলোকে বাপ্তিস্ম গ্ৰহণ কৰিলে আৰু যিৰূচালেম মণ্ডলীৰ অন্তৰ্ভূক্ত হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-13.jpg)
সেই শিষ্য সকলে পাঁচনি সকলৰ শিক্ষা গ্ৰহণ কৰিব ধৰিলে ৷ তেওঁলোকে প্ৰায়ে একলগে গোট খায় আৰু ভোজন গ্ৰহণ কৰে, আৰু প্ৰায়ে ইজনে সিজনৰ লগ হৈ প্ৰাৰ্থনা কৰে ৷ তেওঁলোকে একে লগে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰিলে আৰু তেওঁলোকৰ নিজ নিজ সম্পতি উমৈহতীয়াকৈ ৰাখিলে ৷ নগৰৰ সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰিলে ৷ প্ৰতি দিনে, অধিক অধিক লোকে বিশ্বাস কৰিব ধৰিলে ৷
_এই কাহিনীটোঃ পাঃকৰ্ম ২_