as_obs/content/41.md

5.5 KiB

৪১ . ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলিলে

OBS Image

সৈন্যসকলেকে যীচুক ক্ৰুচবিদ্ধ কৰাৰ পিছত, যিহূদী পৰিচালক সকলে পীলাতক কলে, “সেই মিছলীয়া, যীচুৱে কৈছিল যে তেওঁ তিনিদিনৰ পিছত জী উঠিব ৷ সেয়েহে তেওঁৰ শৰীৰটো কোনোৱে যাতে চুৰ নকৰে, তাৰ বাবে তেওঁৰ মৈদামটো পহৰী নিয়োগ কৰিব লাগে ৷ নহলে তেওঁলোকে কব যে তেওঁ মৰাৰ পৰা জী উঠিল ৷”

OBS Image

পীলাতে কলে, “তোমালোকে কিছু চন্তৰী পাবা, যোৱা তোমালোকে যেনেকৈ পাৰা, ৰাখাগৈ ৷” সেয়েহে তেওঁলোকে সেই মৈদামৰ মূখ থকা শিলচটাত মোহৰ মাৰিলে ৷ লগতে সেই মৈদামৰ পৰা কোনোৱে যেন দেহটো চুৰ কৰি নিব নোৱাৰিব তাৰ বাবে কিছুমান চন্তৰী তাত ৰখালে ৷

OBS Image

যীচুৰ মৃত্যু হোৱাৰ পিছদিনা বিশ্ৰাম বাৰ আছিল ৷ বিশ্ৰাম বাৰে কোনোৱে কৰ্ম্ম নকৰিছিল, সেয়েহে যীচুৰ কোনো এজন বন্ধুৱেও সেই মৈদামলৈ যোৱা নাছিল ৷ পাছে বিশ্ৰাম-বাৰ অতীত হোৱাত, অতি ৰাতিপুৱাতে কেইবাগৰাকী মহিলা যীচুৰ মৈদামলৈ যাবৰ বাবে সাজু হয় ৷ তেওঁলোকেকে তেওঁৰ শৰীৰত আৰু অধিক সুগন্ধী দ্ৰব্য ঘঁহিবলৈ গৈছিল ৷

OBS Image

মহিলা সকল তাত উপস্থিত হোৱাৰ পূৰ্ব্বে মৈদামত এক ভূমিকম্প হৈছিল ৷ এগৰাকী দূত স্বৰ্গৰ পৰা নামি আহিল ৷ তেওঁ মৈদামৰ মূখ বন্ধ কৰি ৰখা শিলচটা আঁতৰাই তাৰ ওপৰত বহি আছিল ৷ সেই দূতে উজ্বল পোহৰৰ দৰে শুক্ল বস্ত্ৰ পৰিধান কৰি আছিল ৷ মৈদামত থকা চন্তৰী সকলে তেওঁক দেখিলে৷ তাতে তেওঁবিলাকে অতিশয় ভয় পাই মৰা মানুহৰ দৰে মাটিত পৰি ৰ’য় ৷

OBS Image

যেতিয়া সেই মহিলা সকল মৈদামত উপস্থিত হয়, তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা ৷ যীচু ইয়াত নাই ৷ তেওঁ কোৱাৰ দৰে তেওঁ মৰাৰ পৰা উঠিল ! তোমালোকে তেওঁৰ শুই থকা ঠাই চোৱা ৷” তেওঁলোকে মৈদামৰ ভিতৰত য’ত যীচুক শুৱাই থোৱা হৈছিল সেই ঠাই চালে ৷ তেওঁৰ দেহটো তাত নাছিল !

OBS Image

ইয়াৰ পিছত সেই দূতে মহিলা সকলৰ উদ্দেশ্যে কলে, “যোৱা আৰু শিষ্য সকলক কোৱাগৈ, ‘যীচু মৰাৰ পৰা জী উঠিলে, আৰু তেওঁ তোমালোকৰ আগেয়ে গালীললৈ গৈছে ৷’”

OBS Image

তাতে সেই মহিলাসকল অতিশয় বিস্ময় আৰু আনন্দিত হয় ৷ তেওঁলোকে সেই শুভবাৰ্তা শিষ্য সকলক দিবৰ বাবে দৌৰি গল ৷

OBS Image

মহিলাসকলে শিষ্য সকলক সেই শুভবাৰ্তা দিবৰ বাবে গৈ থাকোতে বাটতে যীচু তেওঁলোকৰ আগত আবিৰ্ভাৱ হয় ৷ তেওঁলোকে তেওঁৰ চৰণৰ ওচৰত আঠু লয় ৷ তাতে যীচুৱে কলে, “ভয় নকৰিবা ৷ যোৱা আৰু মোৰ শিষ্য সকলক গালীললৈ যাবৰ বাবে কোৱা ৷ তেওঁলোকে তাত মোক দেখা পাব ৷”

এই কাহিনীটোঃ মথি ২৭:৬২-২৮:১৫, মাৰ্ক ১৬: ১-১১, লূক ২৪:১-১২, যোহন ২০:১-১৮