as_obs/content/34.md

5.5 KiB
Raw Permalink Blame History

৩৪. যীচুৱে আন আন কাহিনী সমূহ শিকোৱা

OBS Image

স্বৰ্গৰাজ্যৰ সম্বন্ধে যীচুৱে আন বহুতো কাহিনী কলে ৷ উদাহৰণ স্বৰূপে, তেওঁ কৈছিল, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা, যাক কোনো এজন মানুহে নিজৰ পথাৰত সিঁচিলে ৷ তোমালোকে জানা যে সৰিয়হ গুটি আটাই গুটিতকৈ সৰু ৷”

OBS Image

“কিন্তু যেতিয়া সি গজি বাঢে, ই বাগিচাৰ আটাই গছতকৈ ডাঙৰ হয়, য’ত চৰায়ে আহি তাৰ ডালত বাসকৰে ৷”

OBS Image

যীচুৱে আন এটা কাহিনী কলে, “যি খমিৰ এজনী তিৰোতাই লৈ, তিনি দোণ পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি থলে, তাৰ নিচিনা স্বৰ্গৰাজ্য ৷”

OBS Image

“স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়৷ তাক অন্য কোনো মানুহে দেখা পাই পুনৰ মাটিত লুকুৱাই থয়, পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰৰ কিনে ৷ ৷ ”

OBS Image

“স্বৰ্গৰাজ্য উত্তম মূল্যৰ মুকুতা দৰে ৷ যেতিয়া এজন মুকুতা বিচৰা সদাগৰে তাক পায়, তেতিয়াই তেওঁৰ সৰ্ব্বস্ব বেচি, তাক কিনে ৷”

OBS Image

এনে বহু লোক আছে যি সকলে ভাৱে যে তেওঁবিলাকে কৰা ভাল কৰ্ম্মৰ বাবে ঈশ্বৰে তেওঁবিলাকক গ্ৰহণ কৰিব ৷ এই লোক সকলে ভাল কাৰ্য্য নকৰা আন লোক সকলক হীন চকুৰে চায় ৷ সেয়েহে যীচুৱে তেওঁলোকৰ উদ্দেশ্যে এটি কাহিনী কলে, “দুজন মানুহ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবৰ বাবে গল ৷ তাৰে মাজৰ এজন কৰতোলা, আৰু আন জন এজন ধৰ্ম্মীয় নেতা আছিল ৷”

OBS Image

“ধৰ্ম্মীয় নেতা জনে এই দৰে প্ৰাৰ্থনা কৰিলে, “হে ঈশ্বৰৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰতোলাৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ ৷”

OBS Image

“উদাহৰণ স্বৰূপে, মই সপ্তাহত দুবাৰকৈ লঘোণ দিও আৰু মোৰ আয়ৰ আৰু পোৱা বস্তৰ দশ ভাগৰ এভাগ দান কৰোঁ ৷ ”

OBS Image

“পাছে সেই কৰতোলা জন ধৰ্ম্মীয় নেতাজনৰ পৰা বহু আঁতৰত থিয় হৈ আছিল ৷ তেওঁ স্বৰ্গৰ ফালে চকুকে তুলিবলৈ সাহ নাপালে ৷ তাৰ সলনি, তেওঁ হিয়া ভুকুৱাই ভুকুৱাই প্ৰাৰ্থনা কৰি কলে, ‘হে ঈশ্বৰ পাপী যি মই, মোলৈ দয়া কৰা ৷”

OBS Image

তাতে যীচুৱে কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰে সেই কৰতোলা জনৰ নিবেদন শুনিলে আৰু তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিলে ৷ কিন্তু তেওঁ সেই ধাৰ্ম্মীয় নেতা জনৰ প্ৰাৰ্থনা গ্ৰহণ নকৰিলে ৷ নিজকে গৰ্ব কৰা সকলক ঈশ্বৰে সন্মান নজনায়, কিন্তু যি জনে নিজকে নম্ৰ কৰে তেওঁক মান দিয়ে৷”

_এই বাইবেলৰ কাহিনী সমূহ : মথি ১৩:৩১-৩৩, -৪৬, মাৰ্ক :৩০-৩২, লূক ১৩:১৮-২১, ১৮:৯-১৪ _