as_obs/content/31.md

37 lines
4.7 KiB
Markdown

# ৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-01.jpg)
যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱাৰ পিছত. তেওঁৰ শিষ্য সকলক নাৱত উঠিবলৈ কলে৷ তেওঁ তেওঁবিলাকক সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে আৰু নিজে কিছু সময়ৰ বাবে তাতে তাতে থাকিল৷ তাতে শিষ্য সকল তাৰ পৰা গুচি গল আৰু লোক সমূহও তাৰ পৰা নিজ নিজ ঘৰলৈ গুচি গল৷ তাৰ পিছত যীচুৱে পৰ্ব্বতৰ ওপৰলৈ উঠিল, আৰু তাত নিশালৈকে অকলশৰে থাকি প্ৰাৰ্থনা কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-02.jpg)
সেই সময়ত শিষ্য সকলে তেওঁবিলাকৰ নাৱত উঠি আগুৱাই যাবলৈ চেষ্ঠা কৰিলে, কিন্তু বিপৰীত দিশৰ পৰা অহা বৰ বতাহে তেওঁবিলাকক আগুৱাই যাবলৈ দিয়া নাছিল ৷ পাছে শেষ নিশা হলতো তেওঁবিলাকৰ নাও কেৱল মাজবাট পাবলৈহে সক্ষম হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-03.jpg)
সেই সময়ত যীচুৱে প্ৰাৰ্থনা কৰি এঁটালত তেওঁৰ শিষ্য সকলক লগ ধৰিবলৈ গল ৷ তেওঁ তেওঁবিলাকক নাৱত লগ ধৰিবৰ বাবে পানীৰ ওপৰেদি খোজ কাঢি আহিল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-04.jpg)
তাতে শিষ্য সকলে তেওঁক দেখিলে ৷ আৰু তেওঁক অতিশয় ভয় লাগিল, কিয়নো তেওঁবিলাকে তেওঁক ভূত বুলি ভাবিছিল ৷ যীচুৱে জানিছিল যে তেওঁবিলাকৰ ভয় পাইছে , সেয়ে তেওঁ তেওঁবিলাকক উদ্দেশ্যি কলে, “নিৰ্ভয় হোৱা, মইহে !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-05.jpg)
তাতে পিতৰে যীচুক উদ্দেশ্যি কলে, “হে প্ৰভু, আপুনিহে যদি, মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি আহিবলৈ আজ্ঞা দিয়ক৷”যীচুৱে পিতৰক কলে, “আহা”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-06.jpg)
তাতে পিতৰ নাৱৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢি, যীচুৰ ওচৰলৈ গল ৷ কিন্তু অলপ দূৰ যোৱাৰ পিছত, তেওঁৰ চকু যীচুৰ পৰা আঁতৰিল আৰু বৰ বতাহ আৰু ঢৌ সমূহৰ ওপৰত পৰিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-07.jpg)
তাতে পিতৰৰ ভয় লাগিল আৰু পানীত ডুবিবলৈ ধৰিলে ৷ তেওঁ প্ৰভুৰ উদ্দেশ্যে চিঞৰী কলে, “মোক বচাওঁক!” তেতিয়াই যীচুৱে হাত মেলি, তেওঁক ধৰিলে ৷ পিছত তেওঁ পিতৰক কলে, “হে অল্পবিশ্বাসী! তুমি মোত ভাৰসা নকৰি কিয় সংশয় কৰিলা ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-08.jpg)
তাৰ পিছত পিতৰ আৰু যীচু নাৱত উঠিল, আৰু লগে লগে সেই বতাহ শান্ত হল ৷ পানীও ক্ষান্ত হল ৷ এই ঘটনা দেখি শিষ্য সকল আচৰিত হল আৰু যীচুক সেৱা কৰিলে ৷ তেওঁবিলাকে তেওঁৰ আৰাধনা কৰি কলে, “সঁচাই আপুনি ঈশ্বৰৰ পুত্ৰ ৷”
_বাইবেলৰ পৰা লোৱা এটি কাহিনীঃ মথি ১৪: ২২-২৩, মাৰ্ক ৫:৪৫-৫২, যোহন ৬:১৬-২১_