as_obs/content/28.md

5.0 KiB

২৮. এজন ধনী ডেকা শাসনকৰ্ত্তা

OBS Image

এদিনাখন, ধনী ডেকা শাসনকৰ্ত্তাই যীচুৰ কাষলৈ আহি সুধিলে, “হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম ? তাতে যীচুৱে কলে, মোক সৎ কিয় বুলিছা ? এজনা, অৰ্থাৎ ঈশ্বৰত বাজে, সৎ কোনো নাই ৷ কিন্তু যদি তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ ইচ্ছা কৰিছা তেনে ঈশ্বৰৰ আজ্ঞা পালন কৰা ৷”

OBS Image

তেওঁ সুধিলে, “মই কোনটো আজ্ঞা পালন কৰিব লাগিব ? ” যীচুৱে উত্তৰ দি কলে, “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰা, আৰু ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷”

OBS Image

তাতে সেই ডেকা শাসনকৰ্ত্তা জনে কলে, “মই সৰু কালৰে এই সকলো পালন কৰি আহিছো ৷ ইয়াৰ উপৰিও মই আৰু কি কৰিব লাগিব ?” যীচুৱে তেওঁলৈ চালে আৰু মৰম উপজিল ৷

OBS Image

যীচুৱে উত্তৰ দি কলে, “তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ যদি ইচ্ছা কৰিছা তেনে হলে যোৱা আৰু তোমাৰ আটাই সম্পত্তি বেচি দৰিদ্ৰলোকক বিলাই দিয়া তেহে স্বৰ্গত তোমাৰ ধন হব ৷ ইয়াৰ পিছত আহা, মোৰ পাছে পাছে চলাহি ৷”

OBS Image

তাতে সেই ডেকা শাসনকৰ্তা জনে যেতিয়া যীচুৱে কোৱা কথা শুনিলে, তেতিয়া তেওঁ দুঃখিত হল, কিয়নো তেওঁ বৰ ধনী আছিল ৷ তাতে তেওঁ যীচুৰ কাষৰ পৰা আঁতৰি গল৷

OBS Image

তাৰ পিছত যীচুৱে তেওঁৰ শিষ্য কেইজনক কলে, “ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোলাতো অতি কঠিন ! হয়, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাইদি ঊট সৰকি যোৱাই উজু ৷”

OBS Image

যীচুৱে কোৱা সেই কথা সমূহ যেতিয়া শিষ্যবিলাকে শুনিলে তেতিয়া তেওঁলোক আচৰতি হল ৷ তেওঁ লোকে সুধিলে,“তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে ?”

OBS Image

যীচুৱে শিষ্য সকললৈ চালে আৰু কলে, “যিবোৰ কথা মানুহৰ অসাধ্য, সেইবোৰ ঈশ্বৰৰ সাধ্য ৷”

OBS Image

পিতৰে যীচুক কলে, “আমি নিজৰ সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ ৷ আমি কি পুৰস্কাৰ লাভ কৰিম ?”

OBS Image

যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যি কোনোৱে ঘৰ, বা তিৰোতা, বা ভায়েকবিলাক বা মাক-বাপেক, বা সন্তানবিলাক এৰে, ইহকালত তাৰ অধিক গুণ, আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই ৷”

বাইবেলৰ এই কাহিনীটো : মথি ১৯:১৬-৩০,মাৰ্ক ১০:১৭-৩১, লূক ১৮:১৮-৩০