as_obs-tn/content/46/10.md

2.6 KiB

এদিন

এই শব্দ অতীতত হৈ যোৱা ঘটনাক কৈছে, ইয়াত নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই। বহু ভাষাত সত্য কাহিনীক কবলৈ এনে এক উপায় থাকে।

মোৰ কাৰণে পৃথক কৰা

এই বাক্যৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "পৌল আৰু বাৰ্নাব্বাক সেই বিশেষ কাৰ্য কৰিবলৈ নিযুক্ত কৰি মই তেওঁলোকক কৰিবলৈ মনোনীত কৰি থৈছো।

মণ্ডলী

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "বিশ্বাসীসকল" বা "খ্ৰীষ্টিয়ানসকল"

তেওঁলোকৰ ওপৰত হাত থলে

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "তেওঁলোকৰ ওপৰত হাত ৰাখি পবিত্র আত্মাৰ শক্তি আৰু অধিকাৰৰ আশীৰ্বাদ দিলে" বা "আত্মাত তেওঁলোকৰ একতাৰ চিহ্ন দেখাবলৈ তেওঁলোকৰ ওপৰত হাত ৰাখিলে।" কিছুমান ভাষাত হয়তু কব লগা হব পাৰে যে তেওঁলোকে হাত কত থৈছিল। যদি তেনেকুৱা হয়, তেনেহলে আপুনি তেওঁলোকৰ মুৰ, কান্ধ বা পিঠিত হাত থৈছিল বুলি কব লগা হব।

তেওঁলোকক বাহিৰলৈ পঠিয়াই দিয়া

অৰ্থাত, "তেওঁলোকক দূৰলৈ পঠিয়াই দিলে" বা "তেওঁলোকক তেওঁলোকৰ যাত্রাত পঠালে।"

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেলৰ অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ