as_obs-tn/content/14/11.md

2.2 KiB

ঈশ্বৰে তেওঁলোকৰ বাবে যোগান ধৰিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকৰ আহাৰ, পানী আৰু থাকিবৰ বাবে প্ৰয়োজনীয় সকলোবিলাক ঈশ্বৰে যোগান ধৰিলে৷”

আকাশৰ পৰা আহাৰ স্বৰূপে মান্না যোগালে

এই আহাৰ ৰাতি আকাশৰ পৰা নিয়ৰৰ টুপালৰ দৰে সৰি পৰে৷ তেওঁলোকে ইয়াক “মান্ন” বুলি কয়৷ প্ৰতিদিনে লোকসমূহে এই মান্না সংগ্ৰহ কৰে আৰু নিজলৈ আহাৰ প্ৰস্তুত কৰে৷

তেওঁ তেওঁলোকৰ শিবিৰলৈ জন্তু আৰু বটা চৰাই পঠিয়াই

ইয়াক এই দৰেও কব পাৰি, “তেওঁ বৃহৎ সংখ্যক বটা চৰাই তেওঁলোৰ শিবিৰৰ ওপৰেদি উৰি যাবৰ বাবে পঠিয়াই৷” আপোনালোকে যদি বটা চৰাই চিনি নাপাই, তেনে আন এক চৰাই নাম উল্লেখ কৰিব পাৰে বা এই দৰেও অনুবাদ কৰিব পাৰে, “বৃহৎ সংখ্যক সৰু প্ৰজাতিৰ চৰাই৷”

তেওঁলোকৰ শিবিৰ

ইস্ৰায়েলী সকলে যি ঠাইত নিজৰ তম্বু তৰি বাস কৰিছিল সেই ঠাইক “শিবিৰ” বুলি কোৱা হৈছিল৷ ই এখন নগৰৰ দৰে আছিল য’ত ঘৰৰ সলনি তম্বু সমূহ আছিল আৰু এঠাই পৰা আন এঠাইলৈ ঘুৰি ফুৰিছিল৷

অনুবাদৰ শব্দ সমূহ