as_obs-tn/content/13/02.md

2.2 KiB

মোৰ প্ৰতিজ্ঞা ৰাখিবা

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “মোৰ নিয়মে কোৱাৰ দৰে কৰিবা৷” নিয়ম পালন কৰা আৰু ৰক্ষা কৰা দুয়োটা বেলেগ বেলেগ বিষয় নহয়৷ ইয়াক আৰু অধিক স্পষ্টকৈ কৰিবলৈ এনে দৰে কব পাৰি, “মোৰ নিয়ম পালন কৰাৰ দ্বাৰাই মোৰ বাধ্য হোৱা৷” ঈশ্বৰে অতি সোনকালে সেই নিয়মৰ বিষয়ে তেওঁলোকক জনাব৷

মোৰ উপহাৰৰ অংশ

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “তোমালোক মোৰ অংশ হবা কিয়নো তোমালোক মোৰ বাবে মূল্যবান” বা “তোমালোক মোৰ বাবে এনে লোক হোৱা যাক মই অধিক মূল্য দিওঁ৷” বা “তোমালোক মোৰ মহামূল্যবান লোক হোৱা৷”

তোমালোক ... ৰাজকীয় পুৰোহিত হবা

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “মই তোমালোকৰ ৰজা আৰু তোমালোক পুৰোহিতৰ দৰে হবা৷” ইস্ৰায়েলীসকলে আন আন দেশ সমূহক ঈশ্বৰৰ ব্যৱস্থা সম্পৰ্কে শিক্ষা দিব লাগে আৰু ঈশ্বৰৰ আৰু দেশ সমূহৰ মাজত পুৰোহিতৰ ভূমিকা লব লাগে৷

অনুবাদৰ শব্দ সমূহ